--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ইডিক পুনৰ ভৰ্ৎসনা কৰিছে উচ্চতম ন্যায়ালয়ে৷ অভিযুক্তক সহজে জামিন নিদিয়াক লৈ ইডিক কঠোৰ প্ৰশ্নবাণ সৰ্বোচ্চ ন্যায়ালয়ৰ৷ ‘কোনো অভিযুক্তক বিচাৰ নোহোৱাকৈয়ে দীৰ্ঘদিন কাৰাগাৰত বন্দী কৰি ৰাখিব পাৰি নেকি?’ তদন্তকাৰী সংস্থাটোক এই প্ৰশ্ন কৰে উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে। 

অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া কৰাক লৈ ইডিক তীব্ৰ ভৰ্ৎসনা কৰে উচ্চতম ন্যায়ালয়ে। বাৰে বাৰে অভিযুক্তৰ জামিন নাকচ কৰে তদন্তকাৰী সংস্থাটোৱে। বিপৰীতে অভিযুক্তৰ বিৰুদ্ধে অতিৰিক্ত অভিযোগনামা দাখিল কৰে ইডিয়ে। তদন্ত প্ৰক্ৰিয়াত বিলম্ব কৰি অভিযুক্তক দীৰ্ঘদিনলৈ কাৰাগাৰত থাকিবলৈ বাধ্য কৰায় ইডিয়ে। যাক লৈ আজি তদন্তকাৰী সংস্থাটোৰ বিৰুদ্ধে খঙত অগ্নিশৰ্মা হৈ পৰিল দুজনীয়া বিচাৰপীঠ। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু দীপাংকৰ দত্তৰ বিচাৰপীঠে ন্যায়ালয়ৰ মজিয়াতে তুলাধুনা দিলে তদন্তকাৰী সংস্থাটোৱে। 

অবৈধ খনন গোচৰত অভিযুক্ত জনৈক প্ৰেম প্ৰকাশৰ জামিন আৱেদনৰ আজি শুনানি গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে। প্ৰেম প্ৰকাশ নামৰ অভিযুক্ত লোকজনক ১৮ মাহে বিচাৰ নোহোৱাকৈয়ে জেলত বন্দী কৰি ৰখাক লৈ প্ৰশ্ন ন্যায়ালয়ৰ। ইডিৰ এনে কাণ্ডক লৈ নিজকে চিন্তিত বুলি মন্তব্য কৰিলে সৰ্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে। অভিযুক্তৰ গ্ৰেপ্তাৰৰ লগে লগে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হ’ব লাগে। আপোনালোকে তদন্ত প্ৰক্ৰিয়া আৰম্ভ নকৰি বাৰে বাৰে অতিৰিক্ত অভিযোগনামাহে দাখিল কৰিছে, যি কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। ইয়াৰ জৰিয়তে ইডিয়ে সংবিধানৰ ২১ নং অনুচ্ছেদ খৰ্ব কৰা বুলিও মন্তব্য বিচাৰপীঠৰ। 

অবৈধ খনন কাৰ্যত অভিযুক্ত প্ৰেম প্ৰকাশ ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ সহযোগী। পূৰ্বে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ও নাকচ কৰিছিল প্ৰেম প্ৰকাশৰ। ইয়াৰ পাছতে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল অভিযুক্ত প্ৰেম প্ৰকাশ। গোচৰৰ পৰৱৰ্তী শুনানি ২৯ এপ্ৰিল ধাৰ্য কৰিছে ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে। ইয়াৰ পূৰ্বেও ইডিৰ কৰ্ম-কাণ্ডক কটু ভাষাৰে সমালোচনা কৰিছিল উচ্চতম ন্যায়ালয়ে। 

বিগত জানুৱাৰীত এক ৰায়দানত ইডিৰ বিচাৰ প্ৰক্ৰিয়া স্বচ্ছ হ’ব লাগে বুলি মন্তব্য কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে। ইডিৰ বিচাৰ প্ৰক্ৰিয়া প্ৰতিশোধপৰায়ণৰ বলি হ’ব নালাগে বুলিও মত প্ৰকাশ কৰিছিল ন্যয়ালয়ে। সময়ে সময়ে এনেদৰেই ইডিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে ন্যায়ালয়ে। তদন্তকাৰী সংস্থাটোত বিজেপিৰ এজেণ্ট হিচাপে কাম কৰা বুলিও উত্থাপন হৈ আহিছে অভিযোগ। 

বিশেষকৈ বিগত সময়ছোৱাত একাংশ বিৰোধী নেতা লক্ষ্য হৈ পৰিছে ইডি, চিবিআইৰ দৰে তদন্তকাৰী সংস্থাৰ। ইতিমধ্যে বহু গোচৰত ইডিয়ে গ্ৰেপ্তাৰ কৰিছে দেশৰ বহুকেইজন বিয়াগোম বিৰোধী নেতাক। বিৰোধী নেতাসকলক গোচৰ প্ৰক্ৰিয়াত বিলম্ব কৰি জামিনৰ পৰা বঞ্চিত কৰি আহিছে ইডিয়ে। ইডিৰ এনে কৰ্ম–কাণ্ডক লৈ সততে সৰব দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহ। ইডিৰ এনে সন্দেহজনক ভূমিকাৰ মাজতে উচ্চতম ন্যায়ালয়ৰ সংস্থাটোক লৈ মন্তব্য তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement