--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মৰ প্ৰভাৱত পৰিছে সমগ্ৰ দেশ। গ্ৰীষ্মকালৰ আগমনৰ লগে লগে সমগ্ৰ দেশতে তীব্ৰ গৰমে ছানি ধৰিছে। দেশৰ এখনৰ পাছত সিখন ৰাজ্যৰ জনসাধাৰণ গৰমৰ কোবত অতিষ্ঠ হোৱাৰ সমান্তৰাল ভাৱে কোনো কোনো ৰাজ্যত মৃত্যুক সাৱতি লৈছে কেইবাজনে। অসমতো গৰমৰ কোবত মৃত্যুক সাবটিলে কেইবাজনো লোকে। 

এই ৰ’দৰ প্ৰকোপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকচন হোৱা দেখা যায়। ইয়াৰ উপৰিও অলপতে ভাগৰি পৰা, পেটৰ অসুখ, মুখত নানান ধৰণৰ ফোঁহা, গুটি, ফুড পয়জনিং আদি বিভিন্ন সমস্যাই আমাক বিব্ৰত কৰি তোলে।

এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সাধাৰণ কিছুমান নিয়ম অৱলম্বন কৰিব পাৰো। গৰমে দহাৰ পৰা তথা গৰমৰ বাবে হ’ব পৰা অসুস্থতা পৰা বাছি থাকিবলৈ আমি ঘৰুৱা ভাৱে সতৰ্কতা অৱলম্বন কৰা উচিত। সাধাৰণ ভাৱে কিছু সতৰ্কতা অৱলম্বন কৰি থাকিলে আপুনি সু-স্বাস্থ্যৰে থকাৰ লগতে ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিব।


১) পৰ্য্যাপ্ত পৰিমাণে পানী খাবঃ গৰমৰ দিনত দিনে অন্তত: ২ লিটাৰ পানী খাব লাগে।  গৰমৰ সময়ত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়, সেই কাৰণে শৰীৰৰ তৰল পদাৰ্থ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পানী খাব লাগে।

২) ফল খাবঃ তৰমুজ, তিয়ঁহ, জামু, লিচু, আম আদি গ্ৰীষ্মত হোৱা ফল দিনে অন্তত: এটা খাব পাৰিলেও ভাল। ইয়াৰ উপৰিও এই ফলবিলাকত ভিটামিন চি, জিংক, এন্টি অক্সিডেন্ট থাকে। ৰসাল ফলবিলাকে শৰীৰত পানীৰ পৰিমাণ বঢ়োৱাত সহায় কৰে।

৩) পাতল আহাৰ খাবঃ গৰম দিনত বেছি মছলাযুক্ত আহাৰ খোৱাৰ পৰিৱৰ্তে ফ্ৰেচ আৰু কম প্ৰ’টিনযুক্ত আহাৰ খাব লাগে, যাতে সহজেই হজম হৈ যায়। বিলাহীয়ে শৰীৰ ঠাণ্ডা ৰাখে, সেয়ে এই বিলাহী চালাড কৰি, মাছ বা মাংসৰ লগত বনায়ো খাব পাৰে। ভিটামিন এ ভিটামিন চি ৰে সমৃদ্ধ বিলাহী সদায়েই খাব লাগে। গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায়, সেয়ে কেইবাবাৰো কম কমকৈ দিনটোত খাব লাগে। ফ্ৰীজত বেছিদিন বস্তু থৈ নাখাব। হোটেল বা ৰেষ্টুৰেন্টত খোৱাতকৈ ঘৰতে ৰন্ধা আহাৰ খাব লাগে।

৪) পুৱাৰ জলপান নোখোৱাকৈ থাকিব নালাগেঃ গোটেই দিনটো ফ্ৰেচ আৰু ফিট হৈ থাকিবৰ বাবে পুৱাৰ জলপান কেতিয়াও নোখোৱাকৈ থাকিব নালাগে। ৰুটি, তৰকাৰী, চিৰা, দৈ, কল আদি খাব পাৰে। ব্ৰেকফাষ্ট সদায়ে সময়মতে কৰিলে শৰীৰত অতিৰিক্তভাৱে মেদ হোৱাটোত বাধা দিব পাৰে।

৫) দৈঃ দৈ গৰমৰ কাৰণে বৰ উপকাৰী। দৈত থকা কাৰ্বহাইড্ৰেট আমাৰ শৰীৰত শক্তিৰ সৰবৰাহ কৰে। প্ৰ’টিন আৰু জিংকে টিছুবিলাক গঠন কৰে। মেগনেছিয়াম আৰু কেলছিয়ামে মাংসপেশী ভাল কৰে। ইয়াৰ উপৰিও এই দৈত ভিটামিন বি কমপ্লেক্স যথেস্ত পৰিমাণে আছে।

৬) নেমু পানী, ডাবৰ পানীঃ গৰমৰ পৰা বাচি থাকিবলৈ নেমু পানী, ডাবৰ পানী খোৱাৰ অভ্যাস কৰি লওক।

৭) আৰামদায়ক কাপোৰঃ গৰমত আমি পৰাপক্ষত পাতল, বহল তথা পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে। এনে কাপোৰে আপোনাৰ দেহ শীতল কৰি ৰাখে। 

৮) নিচাযুক্ত দ্ৰৱ্য পৰিহাৰঃ এনেহেন গৰমত পাৰিলে নিচাযুক্ত দ্ৰৱ্যৰ পৰা বিৰত থকা উচিত। নিচা সেৱন কৰাৰ পাছত ডিহাইড্ৰেচনৰ হোৱাৰ সম্ভাৱনা বেছি; যাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ