--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্ৰীষ্মৰ প্ৰভাৱত পৰিছে সমগ্ৰ দেশ। গ্ৰীষ্মকালৰ আগমনৰ লগে লগে সমগ্ৰ দেশতে তীব্ৰ গৰমে ছানি ধৰিছে। দেশৰ এখনৰ পাছত সিখন ৰাজ্যৰ জনসাধাৰণ গৰমৰ কোবত অতিষ্ঠ হোৱাৰ সমান্তৰাল ভাৱে কোনো কোনো ৰাজ্যত মৃত্যুক সাৱতি লৈছে কেইবাজনে। অসমতো গৰমৰ কোবত মৃত্যুক সাবটিলে কেইবাজনো লোকে। 

এই ৰ’দৰ প্ৰকোপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকচন হোৱা দেখা যায়। ইয়াৰ উপৰিও অলপতে ভাগৰি পৰা, পেটৰ অসুখ, মুখত নানান ধৰণৰ ফোঁহা, গুটি, ফুড পয়জনিং আদি বিভিন্ন সমস্যাই আমাক বিব্ৰত কৰি তোলে।

এই গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সাধাৰণ কিছুমান নিয়ম অৱলম্বন কৰিব পাৰো। গৰমে দহাৰ পৰা তথা গৰমৰ বাবে হ’ব পৰা অসুস্থতা পৰা বাছি থাকিবলৈ আমি ঘৰুৱা ভাৱে সতৰ্কতা অৱলম্বন কৰা উচিত। সাধাৰণ ভাৱে কিছু সতৰ্কতা অৱলম্বন কৰি থাকিলে আপুনি সু-স্বাস্থ্যৰে থকাৰ লগতে ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিব।


১) পৰ্য্যাপ্ত পৰিমাণে পানী খাবঃ গৰমৰ দিনত দিনে অন্তত: ২ লিটাৰ পানী খাব লাগে।  গৰমৰ সময়ত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়, সেই কাৰণে শৰীৰৰ তৰল পদাৰ্থ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পানী খাব লাগে।

২) ফল খাবঃ তৰমুজ, তিয়ঁহ, জামু, লিচু, আম আদি গ্ৰীষ্মত হোৱা ফল দিনে অন্তত: এটা খাব পাৰিলেও ভাল। ইয়াৰ উপৰিও এই ফলবিলাকত ভিটামিন চি, জিংক, এন্টি অক্সিডেন্ট থাকে। ৰসাল ফলবিলাকে শৰীৰত পানীৰ পৰিমাণ বঢ়োৱাত সহায় কৰে।

৩) পাতল আহাৰ খাবঃ গৰম দিনত বেছি মছলাযুক্ত আহাৰ খোৱাৰ পৰিৱৰ্তে ফ্ৰেচ আৰু কম প্ৰ’টিনযুক্ত আহাৰ খাব লাগে, যাতে সহজেই হজম হৈ যায়। বিলাহীয়ে শৰীৰ ঠাণ্ডা ৰাখে, সেয়ে এই বিলাহী চালাড কৰি, মাছ বা মাংসৰ লগত বনায়ো খাব পাৰে। ভিটামিন এ ভিটামিন চি ৰে সমৃদ্ধ বিলাহী সদায়েই খাব লাগে। গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায়, সেয়ে কেইবাবাৰো কম কমকৈ দিনটোত খাব লাগে। ফ্ৰীজত বেছিদিন বস্তু থৈ নাখাব। হোটেল বা ৰেষ্টুৰেন্টত খোৱাতকৈ ঘৰতে ৰন্ধা আহাৰ খাব লাগে।

৪) পুৱাৰ জলপান নোখোৱাকৈ থাকিব নালাগেঃ গোটেই দিনটো ফ্ৰেচ আৰু ফিট হৈ থাকিবৰ বাবে পুৱাৰ জলপান কেতিয়াও নোখোৱাকৈ থাকিব নালাগে। ৰুটি, তৰকাৰী, চিৰা, দৈ, কল আদি খাব পাৰে। ব্ৰেকফাষ্ট সদায়ে সময়মতে কৰিলে শৰীৰত অতিৰিক্তভাৱে মেদ হোৱাটোত বাধা দিব পাৰে।

৫) দৈঃ দৈ গৰমৰ কাৰণে বৰ উপকাৰী। দৈত থকা কাৰ্বহাইড্ৰেট আমাৰ শৰীৰত শক্তিৰ সৰবৰাহ কৰে। প্ৰ’টিন আৰু জিংকে টিছুবিলাক গঠন কৰে। মেগনেছিয়াম আৰু কেলছিয়ামে মাংসপেশী ভাল কৰে। ইয়াৰ উপৰিও এই দৈত ভিটামিন বি কমপ্লেক্স যথেস্ত পৰিমাণে আছে।

৬) নেমু পানী, ডাবৰ পানীঃ গৰমৰ পৰা বাচি থাকিবলৈ নেমু পানী, ডাবৰ পানী খোৱাৰ অভ্যাস কৰি লওক।

৭) আৰামদায়ক কাপোৰঃ গৰমত আমি পৰাপক্ষত পাতল, বহল তথা পাতল ৰঙৰ কাপোৰ পিন্ধিব লাগে। এনে কাপোৰে আপোনাৰ দেহ শীতল কৰি ৰাখে। 

৮) নিচাযুক্ত দ্ৰৱ্য পৰিহাৰঃ এনেহেন গৰমত পাৰিলে নিচাযুক্ত দ্ৰৱ্যৰ পৰা বিৰত থকা উচিত। নিচা সেৱন কৰাৰ পাছত ডিহাইড্ৰেচনৰ হোৱাৰ সম্ভাৱনা বেছি; যাৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি