--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া গৰমে সকলোকে কাবু কৰিছে। এনে গৰমত তৰমুজে আমাৰ দেহক কিছু পৰিমাণে হ’লেও শাত পেলাব পাৰে। বহু তৰমুজ  খোৱাৰ সময়ত গুটিবোৰ  পেলাই দিয়ে।  কিন্তু এই তৰমুজৰ বীজ  আমাৰ শৰীৰৰ বাবে অি উপকাৰী। তৰমুজৰ গুটি খোৱাৰ ফলত কেনে উপকাৰ  হ'ব পাৰে আপুনি জানেনে? বিশেষজ্ঞসকলে কয় যে তৰমুজৰ দৰেই  ইয়াৰ বীজবোৰৰো নিজা গুণ আছে। সেয়া  আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।  তৰমুজৰ বীজে আমাৰ শৰীৰৰ কি উপকাৰ সাধন কৰে জানো আহক -

এক কাপ তৰমুজৰ শুকান গুটিত  ৬০০ কেলৰি থাকে।ইয়াৰ বাহিৰে তৰমুজৰ বীজত গুৰুত্বপূৰ্ণ উপাদান যেনে লো, কেলচিয়াম , মেগনেচিয়াম আদি থাকে। তৰমুজৰ গুটিত থাকে কাৰ্বোহাইড্ৰেট, এমিনো এচিড, ফেটি এচিড, জিংক, ফোলেট, মেগনেচিয়াম, মেঙ্গানিজ, পটাচিয়াম, ছডিয়াম, ফছফৰাছ, ভিটামিন-বি৬ ইত্যাদি।

তৰমুজ বীজে এনেবোৰ উপকাৰ সাধন কৰে- 

হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি  ৰাখে:
তৰমুজৰ বীজত মেগনেছিয়াম থাকে। যিবিধ পদাৰ্থই  আমাৰ হৃদযন্ত্ৰক স্বাস্থ্যৱান ৰাখে। ই হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী স্বাভাৱিক কৰি ৰখাত আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তৰমুজৰ বীজত ষ্টেৰলিন নামৰ এবিধ পদাৰ্থও থাকে।  যিয়ে ৰক্তচাপ হ্ৰাস কৰি হৃদযন্ত্ৰক সুৰক্ষিত কৰে। তৰমুজৰ বীজত থকা এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী আৰু ভেচোডিলেটৰিঅ'ই হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে:

তৰমুজৰ বীজত থকা ফলেট, লো আৰু খনিজ অংশবোৰে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। লগতে, তৰমুজৰ বীজত থকা  ভিটামিন বি-কমপ্লেক্সে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
 
 উৰ্বৰতা বৃদ্ধি কৰেঃ

চিকিৎসা বিজ্ঞানে কৈছে যে পুৰুষৰ উৰ্বৰতা বৃদ্ধিৰ বাবে 'জিংক' অতি গুৰুত্বপূৰ্ণ। এক অধ্যয়ন অনুসৰি, জিঙ্কে পুৰুষৰ শুক্ৰাণুৰ মান যথেষ্ট উন্নত কৰিব পাৰে। তৰমুজ আৰু ইয়াৰ বীজত বহু পৰিমাণে মেঙ্গানিজ থাকে। মেৰিলেণ্ড চিকিৎসা কেন্দ্ৰৰ মতে পুৰুষৰ উৰ্বৰতা উন্নত কৰাত মেঙ্গানিজে অৰিহণা যোগায়।

ডায়েবেটিচ নিয়ন্ত্ৰণ:

এক অধ্যয়ন অনুসৰি গ্লাইকোজেনৰ  সংশ্লেষণৰ বিষয়ত  তৰমুজৰ বীজে ইতিবাচক প্ৰভাৱ পেলায়, যিয়ে ডায়েবেটিচৰ চিকিৎসাত সহায় কৰে। ইণ্টাৰনেচনেল জাৰ্নেল অফ বেছিক এণ্ড এপ্লাইড চাইন্সেছৰ এক প্ৰতিবেদন অনুসৰি তৰমুজৰ বীজত অমেগা-৬ ফেটি এচিড থাকে। ই ডায়েবেটিচ প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰিব পাৰে।

লগতে তৰমুজৰ গুটিবোৰে মগজু উৰ্বৰ কৰে, হজম বৃদ্ধি কৰে,  চুলি শক্তিশালী কৰে, ছাল পৰিষ্কাৰ ৰাখে আৰু লগতে মুখত বয়সৰ ছাপ  পৰা  প্ৰতিহত কৰে।
 
গতিকে  তৰমুজৰ গুটি পেলাই  দিয়াৰ সলনি, ইয়াক তৰমুজৰ সৈতে খাব লাগে বা বীজবোৰ তৰমুজৰ পৰা পৃথক কৰি শুকুৱাই পিছত  গুৰি কৰি খাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি