--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া গৰমে সকলোকে কাবু কৰিছে। এনে গৰমত তৰমুজে আমাৰ দেহক কিছু পৰিমাণে হ’লেও শাত পেলাব পাৰে। বহু তৰমুজ  খোৱাৰ সময়ত গুটিবোৰ  পেলাই দিয়ে।  কিন্তু এই তৰমুজৰ বীজ  আমাৰ শৰীৰৰ বাবে অি উপকাৰী। তৰমুজৰ গুটি খোৱাৰ ফলত কেনে উপকাৰ  হ'ব পাৰে আপুনি জানেনে? বিশেষজ্ঞসকলে কয় যে তৰমুজৰ দৰেই  ইয়াৰ বীজবোৰৰো নিজা গুণ আছে। সেয়া  আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।  তৰমুজৰ বীজে আমাৰ শৰীৰৰ কি উপকাৰ সাধন কৰে জানো আহক -

এক কাপ তৰমুজৰ শুকান গুটিত  ৬০০ কেলৰি থাকে।ইয়াৰ বাহিৰে তৰমুজৰ বীজত গুৰুত্বপূৰ্ণ উপাদান যেনে লো, কেলচিয়াম , মেগনেচিয়াম আদি থাকে। তৰমুজৰ গুটিত থাকে কাৰ্বোহাইড্ৰেট, এমিনো এচিড, ফেটি এচিড, জিংক, ফোলেট, মেগনেচিয়াম, মেঙ্গানিজ, পটাচিয়াম, ছডিয়াম, ফছফৰাছ, ভিটামিন-বি৬ ইত্যাদি।

তৰমুজ বীজে এনেবোৰ উপকাৰ সাধন কৰে- 

হৃদযন্ত্ৰক স্বাস্থ্যৱান কৰি  ৰাখে:
তৰমুজৰ বীজত মেগনেছিয়াম থাকে। যিবিধ পদাৰ্থই  আমাৰ হৃদযন্ত্ৰক স্বাস্থ্যৱান ৰাখে। ই হৃদযন্ত্ৰৰ কাৰ্যপ্ৰণালী স্বাভাৱিক কৰি ৰখাত আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তৰমুজৰ বীজত ষ্টেৰলিন নামৰ এবিধ পদাৰ্থও থাকে।  যিয়ে ৰক্তচাপ হ্ৰাস কৰি হৃদযন্ত্ৰক সুৰক্ষিত কৰে। তৰমুজৰ বীজত থকা এণ্টিঅক্সিডেণ্ট, এণ্টি-ইনফ্লেমেটৰী আৰু ভেচোডিলেটৰিঅ'ই হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে:

তৰমুজৰ বীজত থকা ফলেট, লো আৰু খনিজ অংশবোৰে ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰে। লগতে, তৰমুজৰ বীজত থকা  ভিটামিন বি-কমপ্লেক্সে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
 
 উৰ্বৰতা বৃদ্ধি কৰেঃ

চিকিৎসা বিজ্ঞানে কৈছে যে পুৰুষৰ উৰ্বৰতা বৃদ্ধিৰ বাবে 'জিংক' অতি গুৰুত্বপূৰ্ণ। এক অধ্যয়ন অনুসৰি, জিঙ্কে পুৰুষৰ শুক্ৰাণুৰ মান যথেষ্ট উন্নত কৰিব পাৰে। তৰমুজ আৰু ইয়াৰ বীজত বহু পৰিমাণে মেঙ্গানিজ থাকে। মেৰিলেণ্ড চিকিৎসা কেন্দ্ৰৰ মতে পুৰুষৰ উৰ্বৰতা উন্নত কৰাত মেঙ্গানিজে অৰিহণা যোগায়।

ডায়েবেটিচ নিয়ন্ত্ৰণ:

এক অধ্যয়ন অনুসৰি গ্লাইকোজেনৰ  সংশ্লেষণৰ বিষয়ত  তৰমুজৰ বীজে ইতিবাচক প্ৰভাৱ পেলায়, যিয়ে ডায়েবেটিচৰ চিকিৎসাত সহায় কৰে। ইণ্টাৰনেচনেল জাৰ্নেল অফ বেছিক এণ্ড এপ্লাইড চাইন্সেছৰ এক প্ৰতিবেদন অনুসৰি তৰমুজৰ বীজত অমেগা-৬ ফেটি এচিড থাকে। ই ডায়েবেটিচ প্ৰতিৰোধ কৰাত যথেষ্ট সহায় কৰিব পাৰে।

লগতে তৰমুজৰ গুটিবোৰে মগজু উৰ্বৰ কৰে, হজম বৃদ্ধি কৰে,  চুলি শক্তিশালী কৰে, ছাল পৰিষ্কাৰ ৰাখে আৰু লগতে মুখত বয়সৰ ছাপ  পৰা  প্ৰতিহত কৰে।
 
গতিকে  তৰমুজৰ গুটি পেলাই  দিয়াৰ সলনি, ইয়াক তৰমুজৰ সৈতে খাব লাগে বা বীজবোৰ তৰমুজৰ পৰা পৃথক কৰি শুকুৱাই পিছত  গুৰি কৰি খাব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ