--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াত স্থান লাভ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভণিৰ বাবে ক্ষণ গণিছে ৰিয়ান পৰাগে। ৰঞ্জী ক্ৰিকেটত অব্যাহত  দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই দেশজুৰি চৰ্চা লাভ কৰিছে অসম সন্তানগৰাকীয়ে।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগা আগন্তুক চিৰিজটোৰ স্কোৱাদ ঘোষণা হোৱাৰ পাছতে চৰ্চালৈ আহিছে অলৰাউণ্ডাৰগৰাকী। দেশৰ কেইবাগৰাকী তৰুণ তাৰকাৰ স’তে নাম সাঙোৰ খাইছে ৰিয়ান পৰাগৰো।

২৭ ডিচেম্বৰ অৰ্থাত মঙলবাৰৰ পৰা আৰম্ভ হোৱা অসম আৰু হায়দৰাবাদৰ মাজৰ মেচখনৰ দ্বিতীয় ইনিংছত ৰিয়ানে ২৮টা বলত ৭৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। ২৭৮.৫৭ ষ্ট্ৰাইক ৰেটেৰে খেলা এই ইনিংছটোত আছিল ৬টা ছয় আৰু ৮টা চাৰি।

মেচখনৰ দ্বিতীয় দিনা অৰ্থাত বুধবাৰে এই দুৰ্দান্ত ইনিংছটো খেলে ৰিয়ান পৰাগে। এই ইনিংছটোৰ পিছৰে পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে ক্ৰিকেট বিশেষজ্ঞসকলে ৰিয়ানৰ প্ৰদৰ্শনত উৎফুল্লিত হৈছে আৰু অতি শীঘ্ৰে ভাৰতীয় দলত সুযোগ লাভ কৰিব বুলিও আশাবাদী।

উল্লেখ্য যে অসমে নিজৰ প্ৰথম ইনিংছত ২০৫ ৰানত অলআউট হৈছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত হায়দৰাবাদে প্ৰথম ইনিংছত ২০৮ ৰান সংগ্ৰহ কৰিছিল।

ইফালে দ্বিতীয় ইনিংছতো অসমৰ আৰম্ভণি সুখকৰ নহ’ল আৰু কেইবাটাও উইকেট হেৰুৱাই দলে বিপদত পৰে। এই সময়তে ৰিয়ানে বিস্ফোৰক ইনিংছটো খেলে আৰু অসমক সন্মানজনক স্থিতিত উপনীত কৰায়।

অসমে দ্বিতীয় ইনিংছত ২৫২ ৰানত অলআউট হয় আৰু হায়দৰাবাদক জয়ৰ বাবে ২৫০ ৰানৰ লক্ষ্য বান্ধি দিয়ে। হায়দৰাবাদে এই পৰ্যন্ত দুটা উইকেট হেৰুৱাই ১০০ ৰান সংগ্ৰহ কৰিছে। দলটোক জয়ৰ বাবে প্ৰয়োজন আৰু ১৫০ ৰানৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক