--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াত স্থান লাভ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভণিৰ বাবে ক্ষণ গণিছে ৰিয়ান পৰাগে। ৰঞ্জী ক্ৰিকেটত অব্যাহত  দুৰ্দান্ত প্ৰদৰ্শনৰ বাবেই দেশজুৰি চৰ্চা লাভ কৰিছে অসম সন্তানগৰাকীয়ে।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগা আগন্তুক চিৰিজটোৰ স্কোৱাদ ঘোষণা হোৱাৰ পাছতে চৰ্চালৈ আহিছে অলৰাউণ্ডাৰগৰাকী। দেশৰ কেইবাগৰাকী তৰুণ তাৰকাৰ স’তে নাম সাঙোৰ খাইছে ৰিয়ান পৰাগৰো।

২৭ ডিচেম্বৰ অৰ্থাত মঙলবাৰৰ পৰা আৰম্ভ হোৱা অসম আৰু হায়দৰাবাদৰ মাজৰ মেচখনৰ দ্বিতীয় ইনিংছত ৰিয়ানে ২৮টা বলত ৭৮ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। ২৭৮.৫৭ ষ্ট্ৰাইক ৰেটেৰে খেলা এই ইনিংছটোত আছিল ৬টা ছয় আৰু ৮টা চাৰি।

মেচখনৰ দ্বিতীয় দিনা অৰ্থাত বুধবাৰে এই দুৰ্দান্ত ইনিংছটো খেলে ৰিয়ান পৰাগে। এই ইনিংছটোৰ পিছৰে পৰা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে ক্ৰিকেট বিশেষজ্ঞসকলে ৰিয়ানৰ প্ৰদৰ্শনত উৎফুল্লিত হৈছে আৰু অতি শীঘ্ৰে ভাৰতীয় দলত সুযোগ লাভ কৰিব বুলিও আশাবাদী।

উল্লেখ্য যে অসমে নিজৰ প্ৰথম ইনিংছত ২০৫ ৰানত অলআউট হৈছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত হায়দৰাবাদে প্ৰথম ইনিংছত ২০৮ ৰান সংগ্ৰহ কৰিছিল।

ইফালে দ্বিতীয় ইনিংছতো অসমৰ আৰম্ভণি সুখকৰ নহ’ল আৰু কেইবাটাও উইকেট হেৰুৱাই দলে বিপদত পৰে। এই সময়তে ৰিয়ানে বিস্ফোৰক ইনিংছটো খেলে আৰু অসমক সন্মানজনক স্থিতিত উপনীত কৰায়।

অসমে দ্বিতীয় ইনিংছত ২৫২ ৰানত অলআউট হয় আৰু হায়দৰাবাদক জয়ৰ বাবে ২৫০ ৰানৰ লক্ষ্য বান্ধি দিয়ে। হায়দৰাবাদে এই পৰ্যন্ত দুটা উইকেট হেৰুৱাই ১০০ ৰান সংগ্ৰহ কৰিছে। দলটোক জয়ৰ বাবে প্ৰয়োজন আৰু ১৫০ ৰানৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু