--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মটৰ দুৰ্ঘটনাৰ পাছতে ঋষভ পণ্টলৈ উদ্দেশ্যি মূল্যৱান পৰামৰ্শ প্ৰদান কৰিলে কপিল দেৱে। ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কজনে পণ্টে নিজক গুৰুত্ব দিবলৈ আহ্বান জনাইছে।

এটা টিভি চেনেলৰ আগত কপিল দেৱে কয় যে সৰুকালতে তেওঁৰো এবাৰ দুৰ্ঘটনা হৈছিল। তাৰপাছৰে পৰা তেওঁ শিক্ষা লাভ কৰে।

''এইটো এটা শিক্ষাৰ বিষয়। অতি কম বয়সতে মটৰচাইকেল চলাবলৈ গৈ মোৰো এটা দুৰ্ঘটনা হৈছিল। তাৰপাছৰে পৰা দাদাই মোক মটৰচাইকেলত হাত দিবলৈ দিয়া নিদিলে। পণ্ট যে সুস্থভাৱে আছে, তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাওঁ।’’

''তোমাৰ খুব ভাল গাড়ী এখন থাকিব পাৰে। গাড়ীখন খুব তীব্ৰ গতিৰে চলে। কিন্তু তাৰপাছতো তুমি সতৰ্ক থকা উচিত। ইচ্ছা কৰিলেই তুমি এজন গাড়ীচালক ৰাখিব পাৰা।’’- কপিল দেৱে কয়- ''হ’ব পাৰে তোমাৰ গাড়ী চলোৱাটো এটা নিছা। কিন্তু তোমাৰ এটা দায়িত্ব আছে। দেশৰ প্ৰতি, তোমাৰ সংসাৰৰ প্ৰতি। তোমাৰ নিজৰ দায়িত্ব নিজেই ল’ব লাগিব। নিজৰ ভৱিষ্যত নিজে সুৰক্ষিত কৰিব লাগিব।’’

উল্লেখ্য যে ভয়াৱহ মটৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত দেৰাডুনৰ মেক্স হস্পিতালত ভৰ্তি হৈ আছে টীম ইণ্ডিয়াৰ তাৰকা পণ্ঠ। শেহতীয়াকৈ তেওঁৰ শাৰীৰিক অৱস্থাৰ কিছু উন্নতি হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে। উন্নত চিকিৎসাৰ বাবে বিদেশলৈও নিব লগা হ’ব পাৰে তাৰকাজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ