--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মটৰ দুৰ্ঘটনাৰ পাছতে ঋষভ পণ্টলৈ উদ্দেশ্যি মূল্যৱান পৰামৰ্শ প্ৰদান কৰিলে কপিল দেৱে। ভাৰতৰ বিশ্বকাপজয়ী অধিনায়কজনে পণ্টে নিজক গুৰুত্ব দিবলৈ আহ্বান জনাইছে।

এটা টিভি চেনেলৰ আগত কপিল দেৱে কয় যে সৰুকালতে তেওঁৰো এবাৰ দুৰ্ঘটনা হৈছিল। তাৰপাছৰে পৰা তেওঁ শিক্ষা লাভ কৰে।

''এইটো এটা শিক্ষাৰ বিষয়। অতি কম বয়সতে মটৰচাইকেল চলাবলৈ গৈ মোৰো এটা দুৰ্ঘটনা হৈছিল। তাৰপাছৰে পৰা দাদাই মোক মটৰচাইকেলত হাত দিবলৈ দিয়া নিদিলে। পণ্ট যে সুস্থভাৱে আছে, তাৰ বাবে ঈশ্বৰক ধন্যবাদ জনাওঁ।’’

''তোমাৰ খুব ভাল গাড়ী এখন থাকিব পাৰে। গাড়ীখন খুব তীব্ৰ গতিৰে চলে। কিন্তু তাৰপাছতো তুমি সতৰ্ক থকা উচিত। ইচ্ছা কৰিলেই তুমি এজন গাড়ীচালক ৰাখিব পাৰা।’’- কপিল দেৱে কয়- ''হ’ব পাৰে তোমাৰ গাড়ী চলোৱাটো এটা নিছা। কিন্তু তোমাৰ এটা দায়িত্ব আছে। দেশৰ প্ৰতি, তোমাৰ সংসাৰৰ প্ৰতি। তোমাৰ নিজৰ দায়িত্ব নিজেই ল’ব লাগিব। নিজৰ ভৱিষ্যত নিজে সুৰক্ষিত কৰিব লাগিব।’’

উল্লেখ্য যে ভয়াৱহ মটৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত দেৰাডুনৰ মেক্স হস্পিতালত ভৰ্তি হৈ আছে টীম ইণ্ডিয়াৰ তাৰকা পণ্ঠ। শেহতীয়াকৈ তেওঁৰ শাৰীৰিক অৱস্থাৰ কিছু উন্নতি হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই জনাইছে। উন্নত চিকিৎসাৰ বাবে বিদেশলৈও নিব লগা হ’ব পাৰে তাৰকাজনক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement