--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  তেলেংগানাত এআইএমআইএমৰ বিধায়ক আকবৰুদ্দিন ৱাইচিক বিধানসভাৰ  অস্থায়ী  অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পিছত বিজেপি বিধায়কসকলে এই সিদ্ধান্তৰ  বিৰোধিতা কৰিছে। কেৱল সেয়াই নহয় ৱাইচিৰ নেতৃত্বত বিজেপি বিধায়কসকলে  শপতগ্ৰহণ কৰিবলৈও  অস্বীকাৰ কৰিছে।  বিজেপি বিধায়ক টি ৰাজা সিঙে কয়  যে দলৰ বিধায়কসকলে ৱাইচিৰ দ্বাৰা শপতগ্ৰহণ নকৰে। 

তেলেংগানা বিজেপিৰ মুৰব্বী জি কিষাণ ৰেড্ডীয়ে কৈছে যে ৱাইচিৰ অধীনত নতুন অধ্যক্ষ নিৰ্বাচন হ'ব নালাগে।টি ৰাজা সিঙে কয় " অতীতত হিন্দু বিৰোধী মন্তব্য কৰা এজন ব্যক্তিৰ (আকবৰুদ্দিন ৱাইচি) পৰা  মই শপত ল'ব পাৰোনে? "  তেওঁ লগতে  কয়, " নতুন অধ্যক্ষ নিযুক্ত হোৱাৰ পিছত আমাৰ বিধায়কসকলে শপত ল'ব। আমি কেতিয়াও এনে দলৰ (এআইএমআইএম)লোকৰ  সৈতে মিত্ৰতা নকৰোঁ। আমি এই সন্দৰ্ভত ৰাজ্যপালৰ ওচৰলৈ যাম।" 

টি ৰাজা সিঙে অভিযোগ কৰে যে  কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে তেওঁৰ পূৰ্বসূৰী কে চন্দ্ৰশেখৰ ৰাওৰ দৰেই এআইএমআইএমক ভয় কৰে৷ এআইএমআইএমৰ বিধায়ক আকবৰুদ্দিন ৱাইচিয়ে আজি হায়দৰাবাদৰ ৰাজভৱনত তেলেংগানা বিধানসভাৰ অস্থায়ী  অধ্যক্ষ হিচাপে শপতগ্ৰহণ কৰে৷ শপতগ্ৰহণ অনুষ্ঠান তেলেংগানাৰ ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে পৰিচালনা কৰে। শাসকীয় কংগ্ৰেছ চৰকাৰৰ পৰামৰ্শ অনুসৰি ৱাইচিক অস্থায়ী  অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছে বুলি বিজেপিয়ে কয়। ইপিনে কংগ্ৰেছে কৈছে যে বিধানসভাৰ আটাইতকৈ  জ্যেষ্ঠ সদস্য হোৱাৰ বাবেই এআইএমআইএম বিধায়কগৰাকীক  অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। 

যোৱা মাহত অনুষ্ঠিত নিৰ্বাচনত ৱাইচিয়ে  হায়দৰাবাদৰ চন্দ্ৰযানগুট্টা সমষ্টিৰ পৰা একেৰাহে ষষ্ঠবাৰৰ বাবে নিৰ্বাচিত হৈছিল। ৱাইচিয়ে প্ৰায়ে হিন্দু বিৰোধী মন্তব্য কৰি অহা বুলি বিজেপিয়ে অভিযোগ কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক