--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  তেলেংগানাত এআইএমআইএমৰ বিধায়ক আকবৰুদ্দিন ৱাইচিক বিধানসভাৰ  অস্থায়ী  অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ পিছত বিজেপি বিধায়কসকলে এই সিদ্ধান্তৰ  বিৰোধিতা কৰিছে। কেৱল সেয়াই নহয় ৱাইচিৰ নেতৃত্বত বিজেপি বিধায়কসকলে  শপতগ্ৰহণ কৰিবলৈও  অস্বীকাৰ কৰিছে।  বিজেপি বিধায়ক টি ৰাজা সিঙে কয়  যে দলৰ বিধায়কসকলে ৱাইচিৰ দ্বাৰা শপতগ্ৰহণ নকৰে। 

তেলেংগানা বিজেপিৰ মুৰব্বী জি কিষাণ ৰেড্ডীয়ে কৈছে যে ৱাইচিৰ অধীনত নতুন অধ্যক্ষ নিৰ্বাচন হ'ব নালাগে।টি ৰাজা সিঙে কয় " অতীতত হিন্দু বিৰোধী মন্তব্য কৰা এজন ব্যক্তিৰ (আকবৰুদ্দিন ৱাইচি) পৰা  মই শপত ল'ব পাৰোনে? "  তেওঁ লগতে  কয়, " নতুন অধ্যক্ষ নিযুক্ত হোৱাৰ পিছত আমাৰ বিধায়কসকলে শপত ল'ব। আমি কেতিয়াও এনে দলৰ (এআইএমআইএম)লোকৰ  সৈতে মিত্ৰতা নকৰোঁ। আমি এই সন্দৰ্ভত ৰাজ্যপালৰ ওচৰলৈ যাম।" 

টি ৰাজা সিঙে অভিযোগ কৰে যে  কংগ্ৰেছৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে তেওঁৰ পূৰ্বসূৰী কে চন্দ্ৰশেখৰ ৰাওৰ দৰেই এআইএমআইএমক ভয় কৰে৷ এআইএমআইএমৰ বিধায়ক আকবৰুদ্দিন ৱাইচিয়ে আজি হায়দৰাবাদৰ ৰাজভৱনত তেলেংগানা বিধানসভাৰ অস্থায়ী  অধ্যক্ষ হিচাপে শপতগ্ৰহণ কৰে৷ শপতগ্ৰহণ অনুষ্ঠান তেলেংগানাৰ ৰাজ্যপাল তামিলিচাই সৌন্দৰৰাজনে পৰিচালনা কৰে। শাসকীয় কংগ্ৰেছ চৰকাৰৰ পৰামৰ্শ অনুসৰি ৱাইচিক অস্থায়ী  অধ্যক্ষ হিচাপে নিযুক্ত কৰা হৈছে বুলি বিজেপিয়ে কয়। ইপিনে কংগ্ৰেছে কৈছে যে বিধানসভাৰ আটাইতকৈ  জ্যেষ্ঠ সদস্য হোৱাৰ বাবেই এআইএমআইএম বিধায়কগৰাকীক  অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। 

যোৱা মাহত অনুষ্ঠিত নিৰ্বাচনত ৱাইচিয়ে  হায়দৰাবাদৰ চন্দ্ৰযানগুট্টা সমষ্টিৰ পৰা একেৰাহে ষষ্ঠবাৰৰ বাবে নিৰ্বাচিত হৈছিল। ৱাইচিয়ে প্ৰায়ে হিন্দু বিৰোধী মন্তব্য কৰি অহা বুলি বিজেপিয়ে অভিযোগ কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক