--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা তেলেংগানাৰ নিৰ্বাচনী যুদ্ধত প্ৰৱেশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। হায়দৰাবাদক ভাগ্যনগৰ নামেৰে নামাকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত দেওবাৰে যোগীয়ে কয় যে যদি বিজেপি ক্ষমতালৈ আহে তেন্তে তেলেংগানাৰ মহাবুবনগৰৰ নাম সলনি কৰি পালামুৰু কৰা হ’ব। মহাবুবনগৰত নিৰ্বাচনী সভাত ভাষণ দি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ তেলেংগানালৈ আহিছে মাফিয়া ৰাজৰ বিৰুদ্ধে মানুহক সতৰ্ক কৰি দিবলৈ আৰু মহাবুবনগৰক পুনৰ পালামুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ। শনিবাৰে কুমাৰম ভীম আছিফাবাদ জিলাত এক সভাত ভাষণ দি যোগী আদিত্যনাথে কৈছিল যে যদি বিজেপিয়ে তেলেংগানাত ক্ষমতালৈ আহে তেন্তে হায়দৰাবাদৰ নাম ভাগ্যনগৰলৈ সলনি কৰিব।


অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শুকুৰবাৰে কয় যে তেলেংগানাত ক্ষমতালৈ অহাৰ ৩০ মিনিটৰ ভিতৰত বিজেপিয়ে হায়দৰাবাদৰ নাম ভাগ্যনগৰলৈ সলনি কৰিব। মহাবুবনগৰৰ সমাৱেশত যোগী আদিত্যনাথে অভিযোগ কৰে যে তেলেংগানা বিভিন্ন মাফিয়াৰ কবলত পৰিছে। তেওঁ দাবী কৰে যে ২০১৭ চনৰ আগতে উত্তৰ প্ৰদেশতো একেধৰণৰ মাফিয়া আছিল আৰু আগতে দুই-তিনি দিনৰ মূৰে মূৰে সংঘৰ্ষ হৈছিল। যোগী আদিত্যনাথে কয় যে মাফিয়াৰ সমান্তৰাল চৰকাৰ আছিল যদিও ডাবল ইঞ্জিন বিজেপি চৰকাৰে এই মাফিয়া শাসনৰ অন্ত পেলাইছিল। 


উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আৰু বি আৰ এছৰ মাজত গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰে।তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে দেশৰ সম্পদৰ ওপৰত মুছলমানসকলৰ প্ৰথম অধিকাৰ থাকিব লাগে বুলি নিজৰ স্থিতিৰে ভাৰতক বিভাজনৰ দিশে লৈ যাব বিচাৰিছিল যদিও ৰাইজে ইয়াৰ পৰিকল্পনা বিফল কৰিছিল।অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কথা উল্লেখ কৰি ইউ পিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ ক্ষমতাত থাকিলে সেয়া সম্ভৱ নহ’লহেঁতেন। ২০২৪ চনৰ ২২ জানুৱাৰীত মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মহাবুবনগৰৰ পৰা অযোধ্যালৈ অহা ভক্তসকলৰ বাবে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ কয়। তেওঁ অভিযোগ কৰে যে ১৯৬৯ চনত আৰু ২০০১ চনৰ পৰা ২০১৪ চনৰ ভিতৰত আন্দোলনৰ সময়ত কংগ্ৰেছে তেলেংগানাৰ জনসাধাৰণৰ আৱেগ-অনুভূতিৰ সৈতে খেলা-ধূলা কৰিছিল যদিও কেচিআৰে নতুন ৰাজ্যখনত ক্ষমতালৈ অহাৰ পাছত জনসাধাৰণৰ সপোনক ভাঙি পেলাইছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু