--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শনিবাৰৰ পৰা তেলেংগানাৰ নিৰ্বাচনী যুদ্ধত প্ৰৱেশ কৰে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। হায়দৰাবাদক ভাগ্যনগৰ নামেৰে নামাকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছত দেওবাৰে যোগীয়ে কয় যে যদি বিজেপি ক্ষমতালৈ আহে তেন্তে তেলেংগানাৰ মহাবুবনগৰৰ নাম সলনি কৰি পালামুৰু কৰা হ’ব। মহাবুবনগৰত নিৰ্বাচনী সভাত ভাষণ দি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ তেলেংগানালৈ আহিছে মাফিয়া ৰাজৰ বিৰুদ্ধে মানুহক সতৰ্ক কৰি দিবলৈ আৰু মহাবুবনগৰক পুনৰ পালামুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ। শনিবাৰে কুমাৰম ভীম আছিফাবাদ জিলাত এক সভাত ভাষণ দি যোগী আদিত্যনাথে কৈছিল যে যদি বিজেপিয়ে তেলেংগানাত ক্ষমতালৈ আহে তেন্তে হায়দৰাবাদৰ নাম ভাগ্যনগৰলৈ সলনি কৰিব।


অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো শুকুৰবাৰে কয় যে তেলেংগানাত ক্ষমতালৈ অহাৰ ৩০ মিনিটৰ ভিতৰত বিজেপিয়ে হায়দৰাবাদৰ নাম ভাগ্যনগৰলৈ সলনি কৰিব। মহাবুবনগৰৰ সমাৱেশত যোগী আদিত্যনাথে অভিযোগ কৰে যে তেলেংগানা বিভিন্ন মাফিয়াৰ কবলত পৰিছে। তেওঁ দাবী কৰে যে ২০১৭ চনৰ আগতে উত্তৰ প্ৰদেশতো একেধৰণৰ মাফিয়া আছিল আৰু আগতে দুই-তিনি দিনৰ মূৰে মূৰে সংঘৰ্ষ হৈছিল। যোগী আদিত্যনাথে কয় যে মাফিয়াৰ সমান্তৰাল চৰকাৰ আছিল যদিও ডাবল ইঞ্জিন বিজেপি চৰকাৰে এই মাফিয়া শাসনৰ অন্ত পেলাইছিল। 


উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ আৰু বি আৰ এছৰ মাজত গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰে।তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে দেশৰ সম্পদৰ ওপৰত মুছলমানসকলৰ প্ৰথম অধিকাৰ থাকিব লাগে বুলি নিজৰ স্থিতিৰে ভাৰতক বিভাজনৰ দিশে লৈ যাব বিচাৰিছিল যদিও ৰাইজে ইয়াৰ পৰিকল্পনা বিফল কৰিছিল।অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কথা উল্লেখ কৰি ইউ পিৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ ক্ষমতাত থাকিলে সেয়া সম্ভৱ নহ’লহেঁতেন। ২০২৪ চনৰ ২২ জানুৱাৰীত মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মহাবুবনগৰৰ পৰা অযোধ্যালৈ অহা ভক্তসকলৰ বাবে বিশেষ ৰে’লৰ ব্যৱস্থা কৰা হ’ব বুলিও তেওঁ কয়। তেওঁ অভিযোগ কৰে যে ১৯৬৯ চনত আৰু ২০০১ চনৰ পৰা ২০১৪ চনৰ ভিতৰত আন্দোলনৰ সময়ত কংগ্ৰেছে তেলেংগানাৰ জনসাধাৰণৰ আৱেগ-অনুভূতিৰ সৈতে খেলা-ধূলা কৰিছিল যদিও কেচিআৰে নতুন ৰাজ্যখনত ক্ষমতালৈ অহাৰ পাছত জনসাধাৰণৰ সপোনক ভাঙি পেলাইছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ