--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ মন্তব্যই তোলপাৰ লগাইছে দেশত৷ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে সোমবাৰে (২৭ নৱেম্বৰ) মহাত্মা গান্ধীক যোৱা শতিকাৰ মহাপুৰুষ বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই শতিকাৰ যুগপুৰুষ বুলি অভিহিত কৰে।

জৈন চিন্তাবিদ তথা দাৰ্শনিক শ্ৰীমদ ৰাজচন্দ্ৰজীৰ জন্ম বাৰ্ষিকী উদযাপনত ভাষণ দি ঘনখৰে কয় যে মহাত্মা গান্ধীয়ে সত্যগ্ৰহ আৰু অহিংসাৰ জৰিয়তে আমাক ব্ৰিটিছৰ দাসত্বৰ পৰা মুক্ত কৰিলে। ভাৰতৰ সফল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক সেই পথলৈ লৈ গ’ল, য’ত আমি সদায় যাব বিচাৰিছিলোঁ। এটা কথা কব খুজিছোঁ। মহাত্মা গান্ধী বিগত শতিকাৰ এজন মহান ব্যক্তি আছিল। নৰেন্দ্ৰ মোডী এই শতিকাৰ পাণ্ডিত্যশীল ব্যক্তি।

ধনখড়ে লগতে কয় যে দুজন মহান ব্যক্তিত্ব – জাতিৰ পিতা মহাত্মা গান্ধী আৰু প্ৰধানমন্ত্ৰী মোদীৰ মাজত এটা সাদৃশ্য আছে। তেওঁলোকম শ্ৰীমদ ৰাজচন্দ্ৰজীক প্ৰতিফলিত কৰিছে। ধনখড়ে কয়, ''এই জাতিটোৰ উন্নয়নৰ বিৰোধিতা কৰা শক্তি আৰু এই দেশৰ উত্থানক হজম কৰিব নোৱাৰা শক্তিসমূহ একত্ৰিত হৈছে। দেশত যেতিয়াই কিবা এটা ভাল কথা ঘটে তেতিয়াই এই মানুহবোৰ সলনি হৈ পৰে। এনেকুৱা হ'ব নালাগে।''

ধনখড়ে কয় যে “বিপদ বহুত ডাঙৰ। আপুনি যিবোৰ দেশ আশে-পাশে দেখিছে, সেইবোৰৰ ইতিহাস ৩০০ বা ৫০০ বা ৭০০ বছৰ পুৰণি, কিন্তু আমাৰ ইতিহাস ৫,০০০ বছৰ পুৰণি।”

উল্লেখ্য যে শ্ৰীমদ ৰাজচন্দ্ৰজীৰ জন্ম হৈছিল ১৮৬৭ চনত গুজৰাটত আৰু মৃত্যু হৈছিল ১৯০১ চনত। জৈন ধৰ্মৰ শিক্ষা আৰু মহাত্মা গান্ধীৰ আধ্যাত্মিক পথ প্ৰদৰ্শনৰ বাবে তেওঁ পৰিচিত। শ্ৰীমদ ৰাজচন্দ্ৰজী আৰু মহাত্মা গান্ধীৰ প্ৰথম সাক্ষাৎ ১৮৯১ চনত মুম্বাইত, তেতিয়া তেওঁ (গান্ধী) ইংলেণ্ডৰ পৰা যুৱ বেৰিষ্টাৰ হিচাপে উভতি আহিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক