--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ প্ৰশংসাত গদগদ হৈ পৰিছে অষ্ট্ৰেলিয়াৰ অভিজ্ঞ বেটছমেন ষ্টিভ স্মিথ। স্মিথে   বিৰাট কোহলীক প্ৰশংসা কৰি কৈছে   তেওঁ কেতিয়া কেনেধৰণে খেলিব লাগে সেয়া জানে। বিৰাট কোহলীয়ে টি-২০ বিশ্বকাপ ২০২৪ ত খেলিব নে নেখেলে তাকে লৈ বিতৰ্ক অব্যাহত আছে। যদি কোনোবাই তেওঁৰ ষ্ট্ৰাইক ৰেটৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে, তেন্তে কোনোবাই তেওঁক এই টুৰ্ণামেণ্টত খেলাটো বিচাৰিছে। বিৰাটক টি-২০ত বিচৰাসকলৰ সুৰতে সুৰ মিলাই স্মিথে কৈছে যে বিৰাটক টি-২০ত যিকোনো প্ৰকাৰে খোলোৱাৰ ব্যৱস্থা কৰিব লাগে।

এক সাক্ষাৎকাৰত  স্মিথে কোহলীৰ গুৰুত্বৰ বিষয়ে মন্তব্য কৰি কয়, "তেওঁ পৰিস্থিতি অনুসৰি খেলে। কেতিয়াবা ষ্ট্ৰাইক ৰেট  উচ্চ নহ’বও পাৰে। বিৰাটে তেওঁৰ  সন্মুখৰ পৰিস্থিতি সুন্দৰভাবে চম্ভালি লৈ সেই  অনুসৰি খেলে। আমি বিৰাটক বহু মাষ্টাৰক্লাছ ইনিংছ খেলা আৰু দলক বিজয়ৰ দিশে লৈ যোৱা দেখিছোঁ। মই বিৰাটক আমাৰ দলৰ বিৰুদ্ধে বহুবাৰ একেটা ৰূপত দেখিছোঁ।’’
 

স্মিথে কয় "কোহলী সেইসকলৰ মাজৰে এজন যিয়ে চাপৰ মাজতো সঁচাকৈয়ে ভাল প্ৰদৰ্শন কৰিব পাৰে।’’
উল্লেখ্য ভাৰতে এতিয়াও টি-২০  প্ৰতিযোগিতাৰ বাবে  দল চূড়ান্ত কৰা নাই। এনে পৰিস্থিতিতপ্ৰতিজন ক্ৰিকেটাৰে আই পি এলত ভাল প্ৰদৰ্শন কৰি   ভাৰতীয় দলত স্থান লাভ কৰিব বিচাৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী