--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা  ৰামলালাৰ ৰঙকলৈ বিতৰ্কৰ সৃষ্টি কৰিলে এগৰাকী কংগ্ৰেছ বিধায়কে। কংগ্ৰেছ বিধায়কগৰাকীৰ মতে ৰামলালাক  'ক'লা' বনোৱা হৈছে! কংগ্ৰেছ বিধায়ক আদেশ সিং চৌহানে উত্তৰাখণ্ড বিধানসভাত এই  বিতৰ্কিত মন্তব্য কৰিছে। বিধায়কগৰাকীৰ মন্তব্যৰ পিছতে উত্তৰাখণ্ড বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।   ৰাজ্যখনৰ  বিত্ত মন্ত্ৰী প্ৰেম চান্দ আগৰৱালে কয়  যে কংগ্ৰেছেও এতিয়া ভোট বেংকৰ বাবে ভগৱান ৰামক দোষাৰোপ কৰিবলৈ লৈছে।

মঙলবাৰে উত্তৰাখণ্ড বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰা হৈছিল। বুধবাৰে এই বিষয়ত  আলোচনাৰ সময়তে কংগ্ৰেছ বিধায়কজনে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ কথা উল্লেখ কৰে। তেওঁ কয় "আমি ৰাম মন্দিৰৰ উদ্বোধনক স্বাগতম জনাইছো। কিন্তু মই কিতাপত পঢ়িছিলো যে আমাৰ ৰামৰ দেহৰ বৰণ গাঢ় আছিল। কিন্তু আপোনালোকে তেওঁক কিয় ক'লা কৰিলে?"

উত্তৰাখণ্ডৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰেম চান্দে এই মন্তব্যকলৈ  প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় "ভগৱান ৰামৰ ছালৰ ৰঙকলৈ  এনে  মন্তব্য কিয়?" । কংগ্ৰেছ বিধায়কজনৰ মন্তব্যৰ পিছতে উত্তৰাখণ্ডৰ বিজেপি বিধায়কসকলে জয় শ্ৰী ৰামধ্বনি দিবলৈ  আৰম্ভ কৰে। 

মন কৰিকৰিবলগীয়া যে ৰাম লালাৰ মূৰ্তিটো কঠিন শিলেৰে নিৰ্মিত। মহীশূৰস্থিত শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা মূৰ্তিটো অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা হৈছে। দেৱভূমি উত্তৰাখণ্ডত এতিয়া  শিলেৰে নিৰ্মিত ৰাম লালাৰ মূৰ্তিক লৈ বিতৰ্ক আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু