--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা  ৰামলালাৰ ৰঙকলৈ বিতৰ্কৰ সৃষ্টি কৰিলে এগৰাকী কংগ্ৰেছ বিধায়কে। কংগ্ৰেছ বিধায়কগৰাকীৰ মতে ৰামলালাক  'ক'লা' বনোৱা হৈছে! কংগ্ৰেছ বিধায়ক আদেশ সিং চৌহানে উত্তৰাখণ্ড বিধানসভাত এই  বিতৰ্কিত মন্তব্য কৰিছে। বিধায়কগৰাকীৰ মন্তব্যৰ পিছতে উত্তৰাখণ্ড বিধানসভাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।   ৰাজ্যখনৰ  বিত্ত মন্ত্ৰী প্ৰেম চান্দ আগৰৱালে কয়  যে কংগ্ৰেছেও এতিয়া ভোট বেংকৰ বাবে ভগৱান ৰামক দোষাৰোপ কৰিবলৈ লৈছে।

মঙলবাৰে উত্তৰাখণ্ড বিধানসভাত ইউনিফৰ্ম চিভিল কোড বিধেয়ক উত্থাপন কৰা হৈছিল। বুধবাৰে এই বিষয়ত  আলোচনাৰ সময়তে কংগ্ৰেছ বিধায়কজনে অযোধ্যাত ৰাম মন্দিৰ উদ্বোধনৰ কথা উল্লেখ কৰে। তেওঁ কয় "আমি ৰাম মন্দিৰৰ উদ্বোধনক স্বাগতম জনাইছো। কিন্তু মই কিতাপত পঢ়িছিলো যে আমাৰ ৰামৰ দেহৰ বৰণ গাঢ় আছিল। কিন্তু আপোনালোকে তেওঁক কিয় ক'লা কৰিলে?"

উত্তৰাখণ্ডৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰেম চান্দে এই মন্তব্যকলৈ  প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় "ভগৱান ৰামৰ ছালৰ ৰঙকলৈ  এনে  মন্তব্য কিয়?" । কংগ্ৰেছ বিধায়কজনৰ মন্তব্যৰ পিছতে উত্তৰাখণ্ডৰ বিজেপি বিধায়কসকলে জয় শ্ৰী ৰামধ্বনি দিবলৈ  আৰম্ভ কৰে। 

মন কৰিকৰিবলগীয়া যে ৰাম লালাৰ মূৰ্তিটো কঠিন শিলেৰে নিৰ্মিত। মহীশূৰস্থিত শিল্পী অৰুণ যোগীৰাজে নিৰ্মাণ কৰা মূৰ্তিটো অযোধ্যাৰ ৰাম মন্দিৰত স্থাপন কৰা হৈছে। দেৱভূমি উত্তৰাখণ্ডত এতিয়া  শিলেৰে নিৰ্মিত ৰাম লালাৰ মূৰ্তিক লৈ বিতৰ্ক আৰম্ভ হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক