--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী নেতৃত্বাধীন চৰকাৰে মঙলবাৰে ৰাজ্যখনৰ বিধানসভাত উমৈহতীয়া দেৱানী বিধি বিধেয়ক দাখিল কৰে৷ সোমবাৰৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া বিশেষ বিধানসভা অধিৱেশনৰ সময়তে এই বিধেয়কখন উত্থাপন কৰা হৈছে। 

ইয়াৰ পূৰ্বে দেওবাৰে উত্তৰাখণ্ড কেবিনেটে উমৈহতীয়া দেৱানী বিধি (ইউচিচি)ৰ চূড়ান্ত খচৰাত অনুমোদন জনাইছিল, য’ত ৰাজ্যখনৰ সকলো সম্প্ৰদায়ৰ বাবে অভিন্ন নাগৰিক আইনৰ প্ৰস্তাৱ দিয়া হৈছে। বিধেয়কখনত ৰাজ্যখনৰ ৰাজ্যপালে অনুমোদন জনোৱাৰ পাছত এয়া আইনত পৰিণত হ’ব।
 
ইউনিফৰ্ম চিভিল কোড উত্তৰাখণ্ড- ২০২৪ বিধেয়কখন কি?
উত্তৰাখণ্ড চৰকাৰে উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰঞ্জনা প্ৰকাশ দেশাইৰ নেতৃত্বত ২০২২ত ইউচিচিৰ বাবে খচৰা প্ৰস্তুত কৰিবলৈ এখন পেনেল গঠন কৰিছিল। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰমোদ কোহলী, সমাজকৰ্মী মনু গৌড়, উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্য সচিব শত্ৰুঘ্ন সিং আৰু ডুন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সুৰেখা দাংৱালে ৭৪০ পৃষ্ঠাজোৰা এখন খচৰা প্ৰতিবেদন প্ৰস্তুত কৰিছিল আৰু এই খচৰাৰ আছে চাৰিটা খণ্ড।

মুখ্যমন্ত্ৰী ধামীৰ মতে, ইউচিচি বিধেয়ক হৈছে ৰাজহুৱা আলোচনা আৰু পৰামৰ্শৰ ফলাফল। ইউচিচি উত্তৰাখণ্ড ২০২৪ বিধেয়কত বহুবিবাহ আৰু বাল্য বিবাহৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা ৰখাৰ দৰে পৰামৰ্শ অন্তৰ্ভুক্ত আছে। বিধেয়কখনৰ কিছুমান মুখ্য বিশেষত্বৰ ভিতৰত আছে - পুত্ৰ আৰু কন্যাৰ বাবে সমান সম্পত্তিৰ অধিকাৰ, বৈধ আৰু অবৈধ সন্তানৰ মাজৰ পাৰ্থক্য নাইকিয়া কৰা, মৃত্যুৰ পাছত সমান সম্পত্তিৰ অধিকাৰ আৰু তোলনীয়া আৰু জৈৱিক শিশুৰ অন্তৰ্ভুক্তি।

কি এই ইউনিফৰ্ম চিভিল কোড?
Uniform Civil Code অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি। কিন্তু ইউচিচিৰ অৰ্থ আৰু গুৰুত্ব কি, ইয়াৰ দ্বাৰা কি কি সুবিধা নাগৰিকে লাভ কৰিব পাৰে? এই প্ৰশ্নৰ উত্তৰ বিচৰাৰ পূৰ্বে জানিব লাগিব যে ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদত ইউনিফৰ্ম চিভিল কোডৰ উল্লেখ আছে। যি ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ অংশ। 

ইউনিফৰ্ম চিভিল কোড হৈছে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ ব্যক্তিগত আইনসমূহৰ ঠাইত সকলো নাগৰিকৰ বাবে এক উমৈহতীয়া আইনগোটৰ প্ৰস্তাৱ। আৰু ইউচিচিৰ বিষয়ে উল্লেখ থকা ভাৰতীয় সংবিধানৰ ৪৪ নং অনুচ্ছেদ ৰাজ্যিক নীতিৰ নিৰ্দেশনামূলক নীতিৰ অংশ৷ 

ৰাষ্ট্ৰীয় সংহতি আৰু লিংগ ন্যায়ৰ প্ৰসাৰৰ উপায় হিচাপে উমৈহতীয়া দেৱানী বিধিক কিছুমানে সমৰ্থন কৰিছে, কিন্তু ধৰ্মীয় স্বাধীনতা আৰু বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি হিচাপে আন কিছুমানে বিৰোধিতা কৰিছে। ভাৰতৰ ঠাইবিশেষে একাংশ নাগৰিকে নিজৰ ধৰ্মীয় বা সম্প্ৰদায়ৰ পৰিচয়ৰ ওপৰত ভিত্তি কৰি বিভিন্ন ব্যক্তিগত আইন মানি চলে। ভাৰতত বৰ্তমান সময়ত প্ৰতিটো ধৰ্মাৱলম্বী লোক নিজা নিজা ব্যক্তিগত আইনৰ দ্বাৰা পৰিচালিত আৰু ধৰ্মীয় পৰিচয়ৰ ওপৰত ভিত্তি কৰিয়েই ব্যক্তিগত আইন নিৰ্ধাৰণ কৰা হয়। 

ভাৰতবৰ্ষ বৈচিত্ৰ্যপূৰ্ণ ধৰ্ম, সংস্কৃতি আৰু পৰম্পৰাৰ দেশ। বৈচিত্ৰ্যৰ মাজত ঐক্যই এই দেশৰ পৰিচয়৷ প্ৰতিটো সম্প্ৰদায়ৰ নিজস্ব ব্যক্তিগত আইন আৰু ৰীতি-নীতিৰ গোট থাকে যিয়ে তেওঁলোকৰ দেৱানী বিষয়সমূহ নিয়ন্ত্ৰণ কৰে। গতিকে এনে বৈচিত্ৰ্যৰ মাজত এক উমৈহতীয়া ভিত্তি উলিওৱাটো জটিল আৰু প্ৰত্যাহ্বানপূৰ্ণ। অকল ইমানেই নহয়, বহু ধৰ্মীয় আৰু সংখ্যালঘু গোটে ইউচিচিক তেওঁলোকৰ ধৰ্মীয় স্বাধীনতা আৰু সাংস্কৃতিক স্বায়ত্তশাসনৰ উলংঘন বুলি গণ্য কৰে৷

২০১৪ত কেন্দ্ৰত বিজেপি শাসনলৈ অহাৰ পূৰ্বে দলটোৱে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল যে ইউনিফৰ্ম চিভিল কোড সৰ্বভাৰতীয় পৰ্যায়ত কাৰ্যকাৰী কৰা হ’ব৷

বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত লিখিছিল যে ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৪৪-ত ইউনিফৰ্ম চিভিল কোডক ৰাজ্যৰ নিৰ্দেশাত্মক নীতিসমূহৰ এটা অংশ হিচাপে তালিকাভুক্ত কৰা হৈছে। বিজেপিয়ে বিশ্বাস কৰে যে ভাৰতে ইউনিফৰ্ম চিভিল কোড গ্ৰহণ নকৰালৈকে লিংগ সমতা থাকিব নোৱাৰে, যি সকলো মহিলাৰ অধিকাৰ সুৰক্ষিত কৰে আৰু বিজেপিয়ে এক অভিন্ন নাগৰিক সংহিতাৰ খচৰা প্ৰস্তুত কৰাৰ স্থিতি পুনৰাবৃত্তি কৰে, সৰ্বশ্ৰেষ্ঠ পৰম্পৰাবোৰ ৰক্ষা কৰে আৰু আধুনিক সময়ৰ সৈতে সেইবোৰৰ সামঞ্জস্য স্থাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement