--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্বজুৰি নেটফ্লিক্সত মুক্তি লাভ কৰাৰ কিছুদিন পিছতেই পাকিস্তানত ১ নং স্থানত ট্ৰেণ্ড লাভ কৰিবলৈ সক্ষম হয় ধুৰন্ধৰে।

ডিজিটেল ডেস্কঃ বক্স অফিচত দেশৰ লগতে বহিঃৰাজ্যৰ অন্যতম সফল ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে ধূৰন্ধৰ। মধ্যপ্ৰাচ্য আৰু পাকিস্তানত মুক্তি নোপোৱাৰ পিছতো ছবিখনে বহিঃৰাজ্যত ৩৩ মিলিয়ন ডলাৰৰ ওপৰত উপাৰ্জন কৰিবলৈ সক্ষম হয়। 


বিশ্বজুৰি নেটফ্লিক্সত মুক্তি লাভ কৰাৰ কিছুদিন পিছতেই পাকিস্তানত ১ নং স্থানত ট্ৰেণ্ড লাভ কৰিবলৈ সক্ষম হয় ধুৰন্ধৰে। মুক্তি লাভৰ পিছতেই পাকিস্তানৰ দৰ্শক সকলে ছবিখনৰ বিতৰ্ক সমূহৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছুক হৈ পৰে । 


পাকিস্তানৰ নেটফ্লিক্সত ছবিখনে ১ নং ট্ৰেণ্ডিং কৰা স্ক্ৰীণশ্বট সপ্তাহৰ শেষৰ ফালে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল । ধুৰন্ধৰে ছবিগৃহত মুক্তিৰ আঠ সপ্তাহৰ পাছত ৩০ জানুৱাৰী অৰ্থাৎ শুকুৰবাৰে ডিজিটেল মুক্তি লাভ কৰে।


ধুৰন্ধৰ ছবিখন হৈছে এখন ডিটেক্টিভ থ্ৰিলাৰ ছবি । য’ত অভিনেতা ৰণবীৰ সিঙে পাকিস্তানৰ লিয়াৰীৰ গেঙত অনুপ্ৰৱেশ কৰা ভাৰতীয় চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াত বাস্তৱ কাণ্ডৰ মিশ্ৰণ ঘটিছে আৰু ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ কাল্পনিক আখ্যানৰ সৈতে বাস্তৱ জীৱনৰ লোকক ব্যৱহাৰ কৰা হৈছে। বিগত কেইবছৰমানৰ পৰা ভাৰতীয় ছবিক পাকিস্তানত ভ্ৰাম্যমাণ ৰূপত মুক্তিৰ অনুমতি নিদিয়াত তাত ছবিখনে মুক্তি লাভ নকৰিলে।

কিন্তু এতিয়া তাত নেটফ্লিক্সত মুক্তি পোৱাৰ পিছত ই যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছে, বেছিভাগ দৰ্শকৰ মন্তব্য অতি ইতিবাচক। 


ধৃৰন্ধৰে বিশ্বজুৰি ১৩০০ কোটি টকা উপাৰ্জন কৰি এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা বলীউড ছবি হিচাপে পৰিগণিত হৈছে। ৰনবীৰ সিঙৰ লগতে ছবিখনত অভিনয় কৰিছে অক্ষয় খান্না, আৰ মাধৱন, সঞ্জয় দত্ত, আৰু অৰ্জুন ৰামপালে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু