--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিশ্বজুৰি নেটফ্লিক্সত মুক্তি লাভ কৰাৰ কিছুদিন পিছতেই পাকিস্তানত ১ নং স্থানত ট্ৰেণ্ড লাভ কৰিবলৈ সক্ষম হয় ধুৰন্ধৰে।

ডিজিটেল ডেস্কঃ বক্স অফিচত দেশৰ লগতে বহিঃৰাজ্যৰ অন্যতম সফল ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছে ধূৰন্ধৰ। মধ্যপ্ৰাচ্য আৰু পাকিস্তানত মুক্তি নোপোৱাৰ পিছতো ছবিখনে বহিঃৰাজ্যত ৩৩ মিলিয়ন ডলাৰৰ ওপৰত উপাৰ্জন কৰিবলৈ সক্ষম হয়। 


বিশ্বজুৰি নেটফ্লিক্সত মুক্তি লাভ কৰাৰ কিছুদিন পিছতেই পাকিস্তানত ১ নং স্থানত ট্ৰেণ্ড লাভ কৰিবলৈ সক্ষম হয় ধুৰন্ধৰে। মুক্তি লাভৰ পিছতেই পাকিস্তানৰ দৰ্শক সকলে ছবিখনৰ বিতৰ্ক সমূহৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছুক হৈ পৰে । 


পাকিস্তানৰ নেটফ্লিক্সত ছবিখনে ১ নং ট্ৰেণ্ডিং কৰা স্ক্ৰীণশ্বট সপ্তাহৰ শেষৰ ফালে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছিল । ধুৰন্ধৰে ছবিগৃহত মুক্তিৰ আঠ সপ্তাহৰ পাছত ৩০ জানুৱাৰী অৰ্থাৎ শুকুৰবাৰে ডিজিটেল মুক্তি লাভ কৰে।


ধুৰন্ধৰ ছবিখন হৈছে এখন ডিটেক্টিভ থ্ৰিলাৰ ছবি । য’ত অভিনেতা ৰণবীৰ সিঙে পাকিস্তানৰ লিয়াৰীৰ গেঙত অনুপ্ৰৱেশ কৰা ভাৰতীয় চোৰাংচোৱাৰ চৰিত্ৰত অভিনয় কৰিছে। ইয়াত বাস্তৱ কাণ্ডৰ মিশ্ৰণ ঘটিছে আৰু ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধৰ কাল্পনিক আখ্যানৰ সৈতে বাস্তৱ জীৱনৰ লোকক ব্যৱহাৰ কৰা হৈছে। বিগত কেইবছৰমানৰ পৰা ভাৰতীয় ছবিক পাকিস্তানত ভ্ৰাম্যমাণ ৰূপত মুক্তিৰ অনুমতি নিদিয়াত তাত ছবিখনে মুক্তি লাভ নকৰিলে।

কিন্তু এতিয়া তাত নেটফ্লিক্সত মুক্তি পোৱাৰ পিছত ই যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছে, বেছিভাগ দৰ্শকৰ মন্তব্য অতি ইতিবাচক। 


ধৃৰন্ধৰে বিশ্বজুৰি ১৩০০ কোটি টকা উপাৰ্জন কৰি এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক উপাৰ্জন কৰা বলীউড ছবি হিচাপে পৰিগণিত হৈছে। ৰনবীৰ সিঙৰ লগতে ছবিখনত অভিনয় কৰিছে অক্ষয় খান্না, আৰ মাধৱন, সঞ্জয় দত্ত, আৰু অৰ্জুন ৰামপালে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ