--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এটি ৰুদ্ৰাক্ষ গছ পুলি ৰোপণ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে আমাৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ বাবে গছপুলি ৰোপণ জৰুৰী বুলি ব্যক্ত কৰে।

ডিজিটেল ডেস্ক: ২০২৩চনৰ পৰা অসমৰ সকলো চৰকাৰী চিকিৎসালয়ত এণ্টিভেনম বেজী উপলব্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত অসমত সৰ্প দংশনত মানুহৰ মৃত্যুৰ হাৰ ২০২২ৰ ১৫০জনৰ পৰা ২০২৫ বৰ্ষৰ ৩১ডিচেম্বৰ পৰ্যন্ত ২৭জনলৈ হ্ৰাস পাইছে বুলি সৰ্প বান্ধৱ তথা অসম চৰকাৰৰ প্ৰাক্তন বন্যপ্ৰাণী ওৱাৰ্ডেন সৌৰভ বৰকটকীয়ে আজি তেজপুৰত সাংবাদিকৰ আগত সদৰী কৰিছে।


অসমৰ শক্তিপীঠ কামাখ্যা মন্দিৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদকে ধৰি অসমৰ বিভিন্ন ঐতিহ্যমণ্ডিত স্থানত দুষ্প্ৰাপ্য নাগচম্পা, ৰুদ্ৰাক্ষ গছ পুলি ৰোপণ কৰি এক নজিৰ সৃষ্টি কৰিবলৈ সক্ষম হোৱা সৰ্পবান্ধৱ সৌৰভ বৰকটকী টীমৰ উদ্যোগত আজি সাংস্কৃতিক নগৰী তেজপুৰৰ জিলা পুথিভঁৰাল চৌহদত অনুষ্ঠিত গছ পুলি ৰোপণ কৰা হয়।


ইয়াৰ শুভাৰম্ভ কৰে শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৌচুমী কলিতাই। এটি ৰুদ্ৰাক্ষ গছ পুলি ৰোপণ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে আমাৰ প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ বাবে গছপুলি ৰোপণ জৰুৰী বুলি ব্যক্ত কৰে। আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰি সৰ্প বান্ধৱ বৰকটকীয়ে নাগচম্পা, ৰুদ্ৰাক্ষ আৰু বিভিন্ন ধৰণৰ ফলমূলৰ ৫০০জোপা গছ ৰোপণ কৰি ৫০০জোপাই প্ৰতিপালন কৰাৰ সংকল্পৰ কথা সদৰী কৰে।


সঁচাকৈয়ে নতুন বছৰৰ প্ৰথম দিনটোত সৰ্পবান্ধৱ সৌৰভ বৰকটকী টীমৰ এইয়া এক ইতিবাচক পদক্ষেপ বুলি সচেতন মহলে ব্যক্ত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ