--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় শিলচৰৰ সবিতা দাস নামৰ নাৰী সৰবৰাহকাৰীক৷

ডিজিটেল ডেস্ক: জাগীৰোড আৰক্ষীৰ জালত নাৰী সৰবৰাহকাৰী৷ সুদূৰ চেন্নাইৰ কইম্বাটুৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে তিনি কিশোৰীক৷ লগতে আৰক্ষীৰ জালত পৰে নাৰী সৰবৰাহকাৰী সবিতা দাস।


ঘটনা অনুসৰি যোৱা ১৫ ডিচেম্বৰত জাগীৰোডৰ বিহিতা গাঁৱৰ পৰা নিখোজ হৈছিল দুগৰাকী কিশোৰী৷ কিশোৰী দুগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে৷ তদন্তত সুদূৰ চেন্নাইত কিশোৰী দুগৰাকীৰ অৱস্থিতি লাভ কৰে আৰক্ষীয়ে৷


সেই অনুসৰি জাগীৰোড আৰক্ষী থানাৰ মহিলা আৰক্ষী বিষয়া মুন শইকীয়াৰ নেতৃত্বত এটা আৰক্ষীৰ দলে চেন্নাইৰ কইম্বাটুৰৰ ত্ৰিপ্পুৰা অঞ্চলৰ এটা কোঠাত আৱদ্ধ হৈ থকা অৱস্থাত উদ্ধাৰ কৰে জাগীৰোডৰ দুই কিশোৰীৰ লগতে নগাঁও বঢ়মপুৰৰ আন এগৰাকী কিশোৰীক৷


আনহাতে সেই স্থানৰ পৰাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় শিলচৰৰ সবিতা দাস নামৰ নাৰী সৰবৰাহকাৰীক৷


উল্লেখ্য যে, আৰ্থিকভাৱে দুৰ্বল একাংশ যুৱতী, কিশোৰীক কামৰ প্ৰলোভনেৰে চেন্নাইলৈ নি পৰৱৰ্তী সময়ত দেহ ব্যৱসায়ত লিপ্ত কৰায় এইগৰাকী মহিলাই ৷ ঘটনা সন্দৰ্ভত ভাৰতীয় ন্যায় সংহিতাৰ 140(3) ধাৰাৰ অধীনত 312/25 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে জাগীৰোড আৰক্ষীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন