--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতৰ ঠাণ্ডা হওক বা গৰম হওক কিছুমান মানুহৰ ভৰিৰ তলুৱাত অনবৰত ঘাম ওলাই থকাৰ সমস্যা হয়। কিছুমানে ইয়াৰ আঁৰৰ কাৰণটো বিচাৰি উলিয়াই চিকিৎসা কৰে, আনহাতে কিছুমানে ইয়াক আওকাণ কৰি থাকে। এনে অৱস্থাক একেবাৰে সহজভাৱে লোৱা উচিত নহয়। ইয়াৰ আঁৰত বহু কাৰণ আছে। সঠিক সময়ত চিকিৎসা নকৰিলে বহুতো গুৰুতৰ ৰোগেও আপোনাক আগুৰি ধৰিব পাৰে। গতিকে ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক। 

আমাৰ শৰীৰত ভেগাল নামৰ এডাল সিৰা আছে, যাৰ কাম হৈছে ক্ৰিয়া-কলাপৰ লগতে শৰীৰত ঘাম সৃষ্টি কৰা আৰু এই সিৰাডালে দেহ-মগজুক ভৰিৰ লগত সংযোগ কৰে। ই শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰা পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। বিশেষজ্ঞসকলে জনোৱা মতে ভৰি অত্যধিক ঘামি থকাৰ কাৰণ হ’ল মানসিক চাপ, মদ্যপান আৰু শৰীৰত ভিটামিনৰ অভাৱ। 

এনে অৱস্থাত আপুনি আপোনাৰ জীৱনশৈলীৰ উন্নতি কৰিব লাগিব, নহ’লে ভৰিত ঘাম ওলাই থকাৰ সমস্যাৰ বাবে পিছলৈ অসুবিধা হ’ব পাৰে। ইয়াৰ ফলত ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগ হোৱাৰো আশংকা থাকে। ভৰিৰ ঘাম কমোৱাৰ বাবে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। ইয়াৰ ফলত আপুনি ডাঙৰ বিপদৰ পৰা বাচিব পাৰিব। 

বহু সময়ত ভৰিৰ বেক্টেৰিয়াৰ বাবেও এই ধৰণৰ সমস্যাৰ সৃষ্টি হয়, গতিকে সাৱধান হওক আৰু সুস্থ থাকক। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ