--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভিটামিন-বি৫য়ে শৰীৰত ইন্ধনৰ দৰে কাম কৰে।অৰ্থাৎ ই এমিনো এচিড, চৰ্বি আৰু কাৰ্বহাইড্ৰেটক শক্তিলৈ ৰূপান্তৰিত কৰাৰ কাম কৰে। ভিটামিন-বি৫য়ে শৰীৰক বহু সমস্যাৰ পৰা সুৰক্ষিত কৰে। ভিটামিন-এ, বি, চি, ডি বা ই-ৰ প্ৰতি সকলোৱে গুৰুত্ব অধিক দিয়ে যদিও এইবোৰৰ বাহিৰেও আমাৰ শৰীৰৰ বাবে আন বহুতো গুৰুত্বপূৰ্ণ ভিটামিন আছে যিবোৰৰ অভাৱে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰে এটা হ’ল ভিটামিন-বি৫। ভিটামিন-বি৫ এনে এবিধ ভিটামিন, যিটোৰ প্ৰতি অতি কমসংখ্যক লোকেহে গুৰুত্ব দিয়া দেখা যায়। এই ভিটামিনবিধ পানীত দ্ৰৱীভূত হোৱাৰ উপৰি চৰ্বি আৰু কাৰ্বহাইড্ৰেটক ভাঙি শৰীৰক শক্তি প্ৰদানৰ কাম কৰে। শৰীৰত এই ভিটামিনবিধ কিয় লাগে আৰু ইয়াৰ অভাৱৰ বাবে কি কি সমস্যা হ’ব পাৰে সেই বিষয়ে কিছু কথা জানো আহক।
 
ভিটামিন-বি৫ৰ অভাৱত কি হয়?
* হাত-ভৰি জ্বলা-পোৰা অনুভৱ হয়
* সঘনে মূৰৰ বিষ হয়
* সোনকালে ভাগৰ অনুভৱ হয়
* মানুহ খুব সোনকালে অস্থিৰ হৈ পৰে বা খিংখিঙীয়া হয়
* সঘনে পেটৰ সমস্যা হয়
* ছাল শুকান হয় আৰু ছিদ্ৰৰ দৰে হ’বলৈ আৰম্ভ কৰে

ভিটামিন-বি৫ৰ উপকাৰিতা- 
১) ভিটামিন-বি৫ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াক পেণ্টোথেনিক এচিড বোলা হয়। ইয়াৰ সহায়ত শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদন কৰি ইন্ধন হিচাপে কাম কৰে।
২) ভিটামিন-বি৫ হৃদযন্ত্ৰৰ বাবে উপকাৰী। হাৰ্ভাৰ্ড বিশ্বিবদ্যালয়ৰ এক গৱেষণা প্ৰতিবেদন অনুসৰি ভিটামিন-বি৫ত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে হৃদযন্ত্ৰৰ সমস্যা হ্ৰাস কৰে।
৩) ভিটামিন-বি৫য়ে কলেষ্টেৰল উপৰি হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰে। ই বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ কাম কৰে।
৪) ভিটামিন-বি৫য়ে খাদ্য ভাঙি শৰীৰক শক্তি প্ৰদান কৰাৰ কাম কৰে।
৫) নেচনেল চেণ্টাৰ ফৰ বায়’টেকন’লজী ইনফৰ্মেশ্যনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভিটামিন-বি৫ হৈছে ইমিউন ব’ষ্টাৰ হিচাপে কাম কৰে। ইয়াত থকা এন্টিবেক্টেৰিয়েল গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
৬) ভিটামিন-বি৫ পেণ্টোথেনিক এচিডৰ উৎস। ই এমিনো এচিড, চৰ্বি আৰু কাৰ্বহাইড্ৰেটক শক্তিলৈ ৰূপান্তৰিত কৰাৰ কাম কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'ককাদেউতা নাতি আৰু হাতী ২'ৰ প'ষ্টাৰ-ল'গ' মুকলি
ভাৰতৰ বিৰুদ্ধে এইবাৰ ৫০ শতাংশ শুল্ক ঘোষণা ট্রাম্পৰ
অসমীয়া জাতিক নিঃশেষ কৰিব খুজিলে পৰিস্থিতি বেয়া হ'ব, মুখ্যমন্ত্ৰীৰ পুনৰ সকীয়নি
৭ বছৰৰ মূৰত চীনলৈ যাব মোদী
'উচ্ছেদৰ পাছতে আমাক লাগিব নেঘেৰিবিল, পূৰ্বপুৰুষৰ ভূমি ঘূৰাই লাগিবই': অসমক হুংকাৰ দিলে নগাই
মোদীৰ প্ৰতিচ্ছবিৰে হাতেৰে সজ্জিত কৰিলে অংগবস্ত্ৰ! প্ৰধানমন্ত্ৰীলৈ বিশেষ সন্মান অসমৰ প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
এইবোৰ কাৰণত ঘৰত সৃষ্টি হ’ব পাৰে বাস্তু দোষ! এইদৰে কৰক চিনাক্ত
বিশিষ্ট অভিনেতা-পৰিচালক অৰুণ নাথলৈ ভবেন বৰুৱা বঁটা ঘোষণা