--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভিটামিন-বি৫য়ে শৰীৰত ইন্ধনৰ দৰে কাম কৰে।অৰ্থাৎ ই এমিনো এচিড, চৰ্বি আৰু কাৰ্বহাইড্ৰেটক শক্তিলৈ ৰূপান্তৰিত কৰাৰ কাম কৰে। ভিটামিন-বি৫য়ে শৰীৰক বহু সমস্যাৰ পৰা সুৰক্ষিত কৰে। ভিটামিন-এ, বি, চি, ডি বা ই-ৰ প্ৰতি সকলোৱে গুৰুত্ব অধিক দিয়ে যদিও এইবোৰৰ বাহিৰেও আমাৰ শৰীৰৰ বাবে আন বহুতো গুৰুত্বপূৰ্ণ ভিটামিন আছে যিবোৰৰ অভাৱে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰে এটা হ’ল ভিটামিন-বি৫। ভিটামিন-বি৫ এনে এবিধ ভিটামিন, যিটোৰ প্ৰতি অতি কমসংখ্যক লোকেহে গুৰুত্ব দিয়া দেখা যায়। এই ভিটামিনবিধ পানীত দ্ৰৱীভূত হোৱাৰ উপৰি চৰ্বি আৰু কাৰ্বহাইড্ৰেটক ভাঙি শৰীৰক শক্তি প্ৰদানৰ কাম কৰে। শৰীৰত এই ভিটামিনবিধ কিয় লাগে আৰু ইয়াৰ অভাৱৰ বাবে কি কি সমস্যা হ’ব পাৰে সেই বিষয়ে কিছু কথা জানো আহক।
 
ভিটামিন-বি৫ৰ অভাৱত কি হয়?
* হাত-ভৰি জ্বলা-পোৰা অনুভৱ হয়
* সঘনে মূৰৰ বিষ হয়
* সোনকালে ভাগৰ অনুভৱ হয়
* মানুহ খুব সোনকালে অস্থিৰ হৈ পৰে বা খিংখিঙীয়া হয়
* সঘনে পেটৰ সমস্যা হয়
* ছাল শুকান হয় আৰু ছিদ্ৰৰ দৰে হ’বলৈ আৰম্ভ কৰে

ভিটামিন-বি৫ৰ উপকাৰিতা- 
১) ভিটামিন-বি৫ শৰীৰৰ বাবে অতি উপকাৰী। ইয়াক পেণ্টোথেনিক এচিড বোলা হয়। ইয়াৰ সহায়ত শৰীৰৰ বহুতো গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদন কৰি ইন্ধন হিচাপে কাম কৰে।
২) ভিটামিন-বি৫ হৃদযন্ত্ৰৰ বাবে উপকাৰী। হাৰ্ভাৰ্ড বিশ্বিবদ্যালয়ৰ এক গৱেষণা প্ৰতিবেদন অনুসৰি ভিটামিন-বি৫ত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে যিয়ে হৃদযন্ত্ৰৰ সমস্যা হ্ৰাস কৰে।
৩) ভিটামিন-বি৫য়ে কলেষ্টেৰল উপৰি হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱনা হ্ৰাস কৰে। ই বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ কাম কৰে।
৪) ভিটামিন-বি৫য়ে খাদ্য ভাঙি শৰীৰক শক্তি প্ৰদান কৰাৰ কাম কৰে।
৫) নেচনেল চেণ্টাৰ ফৰ বায়’টেকন’লজী ইনফৰ্মেশ্যনত প্ৰকাশিত প্ৰতিবেদন অনুসৰি ভিটামিন-বি৫ হৈছে ইমিউন ব’ষ্টাৰ হিচাপে কাম কৰে। ইয়াত থকা এন্টিবেক্টেৰিয়েল গুণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
৬) ভিটামিন-বি৫ পেণ্টোথেনিক এচিডৰ উৎস। ই এমিনো এচিড, চৰ্বি আৰু কাৰ্বহাইড্ৰেটক শক্তিলৈ ৰূপান্তৰিত কৰাৰ কাম কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ