--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইয়াৰ উপৰিও, আজিৰ কাৰ্যসূচীত মহিলা সবলীকৰণৰ দিশত আন এক ডাঙৰ পদক্ষেপ হিচাপে উত্থাপন কৰা হ’ব ‘নাৰী শক্তি বন্দন অধিনিয়ম’। মন্ত্ৰী অজন্তা নেওগে সদনত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ এই ঐতিহাসিক প্ৰস্তাৱ উত্থাপন কৰিব।

ডিজিটেল ডেস্ক: অসম বিধানসভাৰ চলিত অধিৱেশনৰ আজি তৃতীয়টো দিনত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। সদনৰ প্ৰশ্নোত্তৰ কালৰ সমাপ্তিৰ পিছতেই আজি উত্থাপন হ’ব বহু চৰ্চিত সম নাগৰিক সংহিতা (UCC) বিধেয়ক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজে এই গুৰুত্বপূৰ্ণ বিধেয়কখন সদনৰ মজিয়াত উপস্থাপন কৰিব।


ইয়াৰ উপৰিও, আজিৰ কাৰ্যসূচীত মহিলা সবলীকৰণৰ দিশত আন এক ডাঙৰ পদক্ষেপ হিচাপে উত্থাপন কৰা হ’ব ‘নাৰী শক্তি বন্দন অধিনিয়ম’। মন্ত্ৰী অজন্তা নেওগে সদনত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ এই ঐতিহাসিক প্ৰস্তাৱ উত্থাপন কৰিব। একেটা দিনতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱো গৃহীত কৰা হ’ব।


UCC বিধেয়কৰ মূল দিশসমূহ:


মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন কেবিনেট বৈঠকতে এই UCCৰ খচৰাত অনুমোদন জনোৱা হৈছিল। বিধেয়কখনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বেই স্পষ্ট কৰি দিছিল যে-


জনজাতীয় সুৰক্ষা: ৰাজ্যৰ জনজাতীয় লোকসকলক এই বিধেয়কৰ আওতাৰ পৰা সম্পূৰ্ণ আঁতৰত ৰখা হ’ব।


ধৰ্মীয় পৰম্পৰা: কোনো ধৰ্মৰে নিজস্ব ধৰ্মীয় পৰম্পৰাত ইয়াৰ দ্বাৰা হস্তক্ষেপ কৰা নহয়।


সামাজিক সংস্কাৰ: বিধেয়কখনত বিবাহৰ ন্যূনতম বয়স নিৰ্ধাৰণ, বহুবিবাহ প্ৰথাৰ বিলোপ সাধন আৰু কন্যা সন্তানৰ বাবে সম্পত্তিৰ সমান অধিকাৰ নিশ্চিত কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত থাকিব।


নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা মুখ্যমন্ত্ৰীৰ


প্ৰথমটো কাৰ্যকালৰ অন্তিমখন বিধানসভা অধিৱেশনত ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে পুনৰ চৰকাৰ গঠন হ’লে তেওঁ UCC বিধেয়ক আনিব। দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই তেওঁ প্ৰথমখন বিধানসভা অধিৱেশনতে নিজৰ এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ আগবাঢ়িছে।


সম নাগৰিক সংহিতা (UCC) কি?


বৰ্তমান ভাৰতত ধৰ্মৰ ভিত্তিত সুকীয়া সুকীয়া ব্যক্তিগত আইন (Personal Laws) প্ৰচলিত আছে। বিশেষকৈ হিন্দু, ইছলাম, খ্ৰীষ্টান আদি ধৰ্মৰ বিবাহ, বিবাহ বিচ্ছেদ আৰু সম্পত্তিৰ উত্তৰাধিকাৰী আদিৰ নিয়ম ভিন্ন। কিন্তু ‘সম নাগৰিক সংহিতা’ বলৱৎ হ’লে দেশৰ বা ৰাজ্যৰ সকলো নাগৰিক ধৰ্ম নিৰ্বিশেষে একেটা আইনৰ গণ্ডীলৈ আহিব।


উল্লেখ্য যে উত্তৰাখণ্ড আৰু গুজৰাটত ইতিমধ্যে সম নাগৰিক সংহিতা কাৰ্যকৰী কৰা হৈছে, য’ত উত্তৰাখণ্ড হৈছে UCC বলৱৎ কৰা দেশৰ প্ৰথমখন ৰাজ্য। এইবাৰ অসমতো এই আইন কাৰ্যকৰী কৰাৰ দিশত চৰকাৰে খৰতকীয়া পদক্ষেপ গ্ৰহণ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক