--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আটছা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু ৩৬ জনগোষ্ঠী গোটৰ আহবান ক্ৰমে ডিব্ৰুগড় চৌকিদিঙ্গীত অনুষ্ঠিত হয় বিশাল গণ সমাৱেশ।

ডিজিটেল ডেস্কঃ চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমি পট্টা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত চাহ নগৰী ডিব্ৰুগড়ৰ ৰাজপথ কঁপালে লক্ষাধিক চাহ জনগোষ্ঠীৰ লোকে।


আটছা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু ৩৬ জনগোষ্ঠী গোটৰ আহবান ক্ৰমে ডিব্ৰুগড় চৌকিদিঙ্গীত অনুষ্ঠিত হয় বিশাল গণ সমাৱেশ। 


ডিব্ৰুগড় জিলাৰ প্ৰায় ২০০ খন চাহ বাগিচাৰ কাম বন্ধ কৰি লক্ষাধিক লোকে অংশ লয় এই সমাৱেশত । ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা খেলপথাৰ, বৰপথাৰ খেলপথাৰ আৰু জালান বাছ টাৰ্মিনেছত পৃথকে পৃথকে একত্ৰিত হয় লক্ষাধিক লোক। 


তিনিওটা স্থানৰ পৰা সমদল কৰি আহি চৌকিদিঙ্গী চাৰিআলিত বিশাল সমাবেশ গঢ়ি তুলি প্ৰতিবাদী মিছিল তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ ফলত মহানগৰৰ মানকটা পথ, কনভয় ৰোড, তৰুণৰাম ফুকন পথ পুৱাৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। 


প্ৰতিখন চৰকাৰে জনগোষ্ঠীটোক কেৱল শোষণ বঞ্চনা আৰু চূড়ান্ত প্ৰতাৰণা কৰা বুলি উল্লেখ কৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে আগন্তুক নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ প্ৰদান নকৰিলে চাহ জনগোষ্ঠীয় ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি স্পষ্ট কৰি দিয়ে। 


চাহ নগৰী ডিব্ৰুগড়ত শতিকাৰ প্ৰথমটো বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নেৰে চাহ জনগোষ্ঠীয় ৰাইজে প্ৰদৰ্শন কৰিলে নিজৰ শক্তি। আনহাতে মুখ্যমন্ত্ৰীয়ে ছয় জনগোষ্ঠীয় জনজাতিকৰণৰ আন্দোলনক সমৰ্থন কৰা বুলি কৰা মন্তব্যত জাঙুৰ খাই উঠি ইমান দিনে কি কৰি আছিল বুলি প্ৰশ্ন উত্থাপন কৰে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণক ট্ৰাইবেল সংঘই বিৰোধিতা কৰা প্ৰসংগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সংঘৰ সম্পাদক আদিত্য খাকলাৰীক কটূ সমালোচনা কৰে। 


উল্লেখ্য যে চাহ জনগোষ্ঠীয় ৰাইজৰ এনে বৃহৎ প্ৰতিবাদৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰে ডিব্ৰুগড় মহানগৰ। এনে অভূতপূৰ্ব প্ৰতিবাদ দেখি ঠৰকাচতি হেৰায় প্ৰশাসনৰ। অনাহূত পৰিস্থিতিৰ আশংকাত মোতায়েন কৰা হয় সহস্ৰাধিক আৰক্ষী অৰ্ধসামৰিক বাহিনী। স্বৰ্তস্ফূৰ্তভাৱে বন্ধ হৈ পৰে দোকান -পোহাৰ, যান বাহনৰ চলাচল, বিদ্যালয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ