--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আটছা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু ৩৬ জনগোষ্ঠী গোটৰ আহবান ক্ৰমে ডিব্ৰুগড় চৌকিদিঙ্গীত অনুষ্ঠিত হয় বিশাল গণ সমাৱেশ।

ডিজিটেল ডেস্কঃ চাহ জনগোষ্ঠীৰ জনজাতিকৰণ, ভূমি পট্টা প্ৰদান, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত চাহ নগৰী ডিব্ৰুগড়ৰ ৰাজপথ কঁপালে লক্ষাধিক চাহ জনগোষ্ঠীৰ লোকে।


আটছা, অসম চাহ মজদুৰ সংঘ, অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা আৰু ৩৬ জনগোষ্ঠী গোটৰ আহবান ক্ৰমে ডিব্ৰুগড় চৌকিদিঙ্গীত অনুষ্ঠিত হয় বিশাল গণ সমাৱেশ। 


ডিব্ৰুগড় জিলাৰ প্ৰায় ২০০ খন চাহ বাগিচাৰ কাম বন্ধ কৰি লক্ষাধিক লোকে অংশ লয় এই সমাৱেশত । ডিব্ৰুগড়ৰ মানকটা চাহ বাগিচা খেলপথাৰ, বৰপথাৰ খেলপথাৰ আৰু জালান বাছ টাৰ্মিনেছত পৃথকে পৃথকে একত্ৰিত হয় লক্ষাধিক লোক। 


তিনিওটা স্থানৰ পৰা সমদল কৰি আহি চৌকিদিঙ্গী চাৰিআলিত বিশাল সমাবেশ গঢ়ি তুলি প্ৰতিবাদী মিছিল তুলি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ ফলত মহানগৰৰ মানকটা পথ, কনভয় ৰোড, তৰুণৰাম ফুকন পথ পুৱাৰে পৰা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। 


প্ৰতিখন চৰকাৰে জনগোষ্ঠীটোক কেৱল শোষণ বঞ্চনা আৰু চূড়ান্ত প্ৰতাৰণা কৰা বুলি উল্লেখ কৰি বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে আগন্তুক নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ প্ৰদান নকৰিলে চাহ জনগোষ্ঠীয় ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি স্পষ্ট কৰি দিয়ে। 


চাহ নগৰী ডিব্ৰুগড়ত শতিকাৰ প্ৰথমটো বৃহৎ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়নেৰে চাহ জনগোষ্ঠীয় ৰাইজে প্ৰদৰ্শন কৰিলে নিজৰ শক্তি। আনহাতে মুখ্যমন্ত্ৰীয়ে ছয় জনগোষ্ঠীয় জনজাতিকৰণৰ আন্দোলনক সমৰ্থন কৰা বুলি কৰা মন্তব্যত জাঙুৰ খাই উঠি ইমান দিনে কি কৰি আছিল বুলি প্ৰশ্ন উত্থাপন কৰে। ছয় জনগোষ্ঠীৰ জনজাতিকৰণক ট্ৰাইবেল সংঘই বিৰোধিতা কৰা প্ৰসংগত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি সংঘৰ সম্পাদক আদিত্য খাকলাৰীক কটূ সমালোচনা কৰে। 


উল্লেখ্য যে চাহ জনগোষ্ঠীয় ৰাইজৰ এনে বৃহৎ প্ৰতিবাদৰ ফলত একপ্ৰকাৰ স্তব্ধ হৈ পৰে ডিব্ৰুগড় মহানগৰ। এনে অভূতপূৰ্ব প্ৰতিবাদ দেখি ঠৰকাচতি হেৰায় প্ৰশাসনৰ। অনাহূত পৰিস্থিতিৰ আশংকাত মোতায়েন কৰা হয় সহস্ৰাধিক আৰক্ষী অৰ্ধসামৰিক বাহিনী। স্বৰ্তস্ফূৰ্তভাৱে বন্ধ হৈ পৰে দোকান -পোহাৰ, যান বাহনৰ চলাচল, বিদ্যালয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
গোলকগঞ্জত ট্ৰাকসহ ১৬ টা গোনা ম'হ জব্দ; চালক আৰু হেণ্ডিমেনক আটক
আই চি চি মহিলা বিশ্ব কাপত ক্রমশঃ দ্বিতীয়টো পৰাজয়ৰ সন্মুখীন ভাৰতৰ
শুই থকা স্বামীৰ দেহত গৰম তেল ঢালিলে পত্নীয়ে, তাৰপাছত ঢালিলে জলকীয়া গুড়ি! পত্নীৰ বৰ্বৰতাই স্তম্ভিত কৰিছে সকলোকে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?