--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল পাকিস্তান। শুকুৰবাৰে আমেৰিকা-আয়াৰলেণ্ডৰ খেলখন বাতিল হোৱাৰ লগে লগে বাবৰ আজমে ছুপাৰ এইটলৈ যোৱাৰ পৰা বঞ্চিত হ’ল। গ্ৰুপ এৰ দ্বিতীয় দল হিচাপে টি-২০ বিশ্বকাপৰ অন্তিম আঠত স্থান দখল কৰে আমেৰিকাই। ইতিহাস ৰচনা কৰিলে এইবাৰ বিশ্বকাপৰ অন্যতম আয়োজকে। একে সময়তে আমেৰিকাই ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে।

যোৱাবাৰৰ ৰানাৰ্ছাপ টীমটোৰ বাবে আমেৰিকা আৰু ভাৰতৰ হাতত পৰাস্ত হৈ কঠিন কৰি তুলিছিল। প্ৰতিযোগিতাখনৰ ছুপাৰ এইটত প্ৰৱেশ কৰিবলৈ আয়াৰলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলত জয়ী হ’বলগীয়া হৈছিল পাকিস্তানে। একে সময়তে শুকুৰবাৰে আইৰিছ দলৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল আমেৰিকা। সেই ক্ষেত্ৰত দুয়োটা দলৰ ৪ পইণ্ট থাকিব। পাকিস্তানে নেট ৰাণ ৰেটত আমেৰিকাক শীৰ্ষস্থান দখল কৰি ছুপাৰ এইটলৈ যোৱাৰ সুযোগ পালেহেঁতেন।

বৰষুণৰ বাবে শুকুৰবাৰে আমেৰিকা-আয়াৰলেণ্ডৰ খেলখন বাতিল কৰিবলৈ বাধ্য হয় আম্পায়াৰসকলে। এই দিনটোত টছ কৰাটো সম্ভৱ নহ’ল। ভাৰতীয় সময় অনুসৰি ৫ অভাৰৰ খেলখন শেষবাৰৰ বাবে আৰম্ভ হৈছিল ১১.৪৫ মিনিট। কিন্তু পুৱা ১১ বজাৰ ভিতৰত ফ্ল’ৰিডাত পুনৰ বৰষুণ হ’বলৈ ধৰিলে। ইয়াৰ পিছত খেলখন আয়োজন কৰাৰ কোনো সম্ভাৱনা নাছিল। আম্পায়াৰৰ সৈতে আলোচনা কৰি মেচ ৰেফাৰী জাভাগল শ্ৰীনাথে মেচ বাতিলৰ সিদ্ধান্ত ঘোষণা কৰে। খেলখন বাতিল হোৱাৰ পিছত আমেৰিকাই প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ শেষ আঠত স্থান লাভ কৰে।

আয়াৰলেণ্ডৰ সৈতে খেলখন বাতিল হোৱাৰ বাবে আমেৰিকাৰ চাৰিখন মেচত ৫ পইণ্ট আছে। পাকিস্তানে ৪ পইণ্টতকৈ অধিক লাভ কৰাটো সম্ভৱ নহয়। ২ পইণ্ট থকা বাবাৰছৰ খেলিবলৈ আছে মাত্ৰ আয়াৰলেণ্ড। সেই মেচখনত জয়ী হ’লেও যোৱাবাৰৰ দৌৰবিদসকলে ৪ পইণ্ট লাভ কৰিব। স্বাভাৱিকতে এইবাৰ টি-২০ বিশ্বকাপৰ পৰা বাবৰৰ বিদায় নিশ্চিত হ’ল গ্ৰুপত এখন মেচ বাকী থকা অৱস্থাত। খেল নোপোৱাকৈয়ে পাকিস্তানক নক আউট কৰিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু