--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল পাকিস্তান। শুকুৰবাৰে আমেৰিকা-আয়াৰলেণ্ডৰ খেলখন বাতিল হোৱাৰ লগে লগে বাবৰ আজমে ছুপাৰ এইটলৈ যোৱাৰ পৰা বঞ্চিত হ’ল। গ্ৰুপ এৰ দ্বিতীয় দল হিচাপে টি-২০ বিশ্বকাপৰ অন্তিম আঠত স্থান দখল কৰে আমেৰিকাই। ইতিহাস ৰচনা কৰিলে এইবাৰ বিশ্বকাপৰ অন্যতম আয়োজকে। একে সময়তে আমেৰিকাই ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰে।

যোৱাবাৰৰ ৰানাৰ্ছাপ টীমটোৰ বাবে আমেৰিকা আৰু ভাৰতৰ হাতত পৰাস্ত হৈ কঠিন কৰি তুলিছিল। প্ৰতিযোগিতাখনৰ ছুপাৰ এইটত প্ৰৱেশ কৰিবলৈ আয়াৰলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলত জয়ী হ’বলগীয়া হৈছিল পাকিস্তানে। একে সময়তে শুকুৰবাৰে আইৰিছ দলৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল আমেৰিকা। সেই ক্ষেত্ৰত দুয়োটা দলৰ ৪ পইণ্ট থাকিব। পাকিস্তানে নেট ৰাণ ৰেটত আমেৰিকাক শীৰ্ষস্থান দখল কৰি ছুপাৰ এইটলৈ যোৱাৰ সুযোগ পালেহেঁতেন।

বৰষুণৰ বাবে শুকুৰবাৰে আমেৰিকা-আয়াৰলেণ্ডৰ খেলখন বাতিল কৰিবলৈ বাধ্য হয় আম্পায়াৰসকলে। এই দিনটোত টছ কৰাটো সম্ভৱ নহ’ল। ভাৰতীয় সময় অনুসৰি ৫ অভাৰৰ খেলখন শেষবাৰৰ বাবে আৰম্ভ হৈছিল ১১.৪৫ মিনিট। কিন্তু পুৱা ১১ বজাৰ ভিতৰত ফ্ল’ৰিডাত পুনৰ বৰষুণ হ’বলৈ ধৰিলে। ইয়াৰ পিছত খেলখন আয়োজন কৰাৰ কোনো সম্ভাৱনা নাছিল। আম্পায়াৰৰ সৈতে আলোচনা কৰি মেচ ৰেফাৰী জাভাগল শ্ৰীনাথে মেচ বাতিলৰ সিদ্ধান্ত ঘোষণা কৰে। খেলখন বাতিল হোৱাৰ পিছত আমেৰিকাই প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ শেষ আঠত স্থান লাভ কৰে।

আয়াৰলেণ্ডৰ সৈতে খেলখন বাতিল হোৱাৰ বাবে আমেৰিকাৰ চাৰিখন মেচত ৫ পইণ্ট আছে। পাকিস্তানে ৪ পইণ্টতকৈ অধিক লাভ কৰাটো সম্ভৱ নহয়। ২ পইণ্ট থকা বাবাৰছৰ খেলিবলৈ আছে মাত্ৰ আয়াৰলেণ্ড। সেই মেচখনত জয়ী হ’লেও যোৱাবাৰৰ দৌৰবিদসকলে ৪ পইণ্ট লাভ কৰিব। স্বাভাৱিকতে এইবাৰ টি-২০ বিশ্বকাপৰ পৰা বাবৰৰ বিদায় নিশ্চিত হ’ল গ্ৰুপত এখন মেচ বাকী থকা অৱস্থাত। খেল নোপোৱাকৈয়ে পাকিস্তানক নক আউট কৰিবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ