--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিয়মীয়াকৈ ক্ৰিকেট অনুশীলন কৰে ৰবিচন্দ্ৰন অশ্বিনে। ক্ৰিকেটৰ লগত জড়িত অধ্যয়ন আৰু গৱেষণাত নিজকে ব্যস্ত কৰি ৰাখে। কেৱল তেওঁৱেই নহয়, তেওঁৰ দুগৰাকী কন্যাও দেউতাকতকৈ কম নহয়।

ভাৰতৰ টি-২০ বিশ্বকাপৰ দলত নাই অশ্বিন। ঘৰুৱা ক্ৰিকেটতো ব্যস্ততা নাই। আই পি এলৰ পিছত পৰিয়ালৰ সৈতে সময় কটাইছে এই প্ৰবীণ অফ স্পিনাৰগৰাকীয়ে। অহা দেওবাৰৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। গতিকে ঘৰতে ২০ অভাৰৰ বিশ্বকাপ কুইজৰ আয়োজন কৰিলে। প্ৰতিযোগী আছিল অশ্বিনৰ দুই কন্যা। অভিজ্ঞ অফ স্পিনাৰগৰাকীয়ে ছোৱালী দুগৰাকীক বিভিন্ন প্ৰশ্ন কৰে। প্ৰায় সকলো উত্তৰেই শুদ্ধ। ছোৱালীৰ ক্ৰিকেটৰ জ্ঞানত অশ্বিন নিজেই আপ্লুত। তেওঁলোকৰ ‘দুছৰা’ই তেওঁক কাৰ্যতঃ বল অভাৰ কৰে। এই কুইজৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ক্ৰিকেট প্ৰেমীসকলৰ মাজত শ্বেয়াৰ কৰা হৈছে।

ভাৰতৰ প্ৰথমখন টি-২০ বিশ্বকাপৰ খেল ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে। অহা ৯ জুনত বাবৰ আজমৰ বিৰুদ্ধে খেলিব ৰোহিত শৰ্মাই। গ্ৰুপ এত ভাৰতৰ আন দুখন প্ৰতিদ্বন্দ্বী হ’ল আমেৰিকা আৰু কানাডা। ইয়াৰ পূৰ্বে শনিবাৰে বাংলাদেশৰ বিৰুদ্ধে মাত্ৰ এখন ৱাৰ্ম আপ মেচ খেলিব ৰোহিতে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ