--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টি২০ বিশ্বকাপৰ বাবে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটো আমেৰিকালৈ ৰাওনা হৈছে। প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগতে বাকী সহযোগী কৰ্মচাৰীসকলো গৈছে। অৱশ্যে বিশ্বকাপ দলৰ ১৫ গৰাকী খেলুৱৈৰ আটাইকেইজন খেলুৱৈ গুচি গৈছে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়াক দেখা পোৱা নগ’ল।

দেওবাৰে অনুষ্ঠিত হ’ব আই পি এলৰ ফাইনেল। কিন্তু টি-২০ বিশ্বকাপৰ দলত ভাৰতীয় ক্ৰিকেটাৰ নাই। ৰিজাৰ্ভ দলত থকা ৰিংকু সিঙে আই পি এলৰ ফাইনেল খেলিব। শনিবাৰে বিমানবন্দৰত দেখা গ’ল ভাৰতীয় দলৰ সদস্যক। তাত ৰোহিত, দ্ৰাবিড়ৰ বাহিৰেও যশপ্ৰীত বুমৰাহ, সূৰ্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা, শিৱম ডুবে, মহম্মদ চিৰাজ, অক্ষৰ পেটেল, অৰ্শ্বদীপ সিং আদি ক্ৰিকেটাৰ দেখা গৈছিল।

২ জুনৰ পৰা আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। তাৰ আগতে ভাৰতে আমেৰিকাত ৱাৰ্ম আপ মেচ খেলিব। ৫ জুনত ৰোহিতৰ প্ৰথমখন খেল। ভাৰতে আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিব। ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে ৰোহিতৰ এখন মেচ আছে। ইয়াৰ উপৰিও গ্ৰুপ পৰ্যায়ত ভাৰতে আমেৰিকা আৰু কানাডাৰ বিৰুদ্ধেও খেলিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ