--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰফান পাথান টি-২০ বিশ্বকাপৰ অন্যতম মন্তব্যকাৰী। এতিয়া তেওঁ ৱেষ্ট ইণ্ডিজত আছে। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ ব্যক্তিগত মেক-আপ আৰ্টিষ্টৰ তাতেই মৃত্যু হৈছে। চুইমিং পুলৰ পানীত ডুব গৈ ফায়াজ আনছাৰীৰ মৃত্যুক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

ইৰফানে ব্যক্তিগত মেক-আপ আৰ্টিষ্ট ফায়াজৰ সৈতে ৱেষ্ট ইণ্ডিজলৈ গৈছিল। প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীয়ে সাধাৰণতে বিদেশ ভ্ৰমণলৈ লগত লৈ গৈছিল ফায়াজক। শুকুৰবাৰে সন্ধিয়া হোটেলখনৰ চুইমিং পুলত সাঁতুৰিবলৈ গৈছিল ফায়াজে। তেতিয়া তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। ইৰফানে ৱেষ্ট ইণ্ডিজৰ পৰা ফায়াজৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে।

ফয়াজৰ ভায়েক মহম্মদ আহমেদে ক'লে, "ফয়াজ কেইদিনমান আগতে বিজনোৰৰ ঘৰলৈ আহিছিল। মাত্ৰ দুমাহ আগতে তেওঁৰ বিয়া হৈছিল। মুম্বাইলৈ উভতি অহাৰ পিছত তেওঁ আমেৰিকালৈ আৰু পিছলৈ ৱেষ্ট ইণ্ডিজলৈ যায়। আমি বেছি কথা ক’ব পৰা অৱস্থাত নাই। পৰিয়ালটোৰ বাবে এটা ডাঙৰ জোকাৰণি। ইৰফান ভাইয়ে তাত সকলো চাই আছে। তেওঁ আমাৰ সৈতে যোগাযোগত আছে।’’

ইৰফানে ফায়াজৰ মৃতদেহ দিল্লীলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে তিনি-চাৰিদিন সময় লাগিব বুলি আশা কৰা হৈছে। মূলতঃ বিজনুৰৰ ফায়াজৰ মুম্বাইত নিজাকৈ চেলুন আছে। তাতে পাঠানৰ লগত কথা-বতৰা পাতিলে। পিছলৈ দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল। পিছলৈ ইৰফানে ফায়াজক নিজৰ ব্যক্তিগত মেক-আপ আৰ্টিষ্ট হিচাপে গঢ়ি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ