--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইৰফান পাথান টি-২০ বিশ্বকাপৰ অন্যতম মন্তব্যকাৰী। এতিয়া তেওঁ ৱেষ্ট ইণ্ডিজত আছে। প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ ব্যক্তিগত মেক-আপ আৰ্টিষ্টৰ তাতেই মৃত্যু হৈছে। চুইমিং পুলৰ পানীত ডুব গৈ ফায়াজ আনছাৰীৰ মৃত্যুক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

ইৰফানে ব্যক্তিগত মেক-আপ আৰ্টিষ্ট ফায়াজৰ সৈতে ৱেষ্ট ইণ্ডিজলৈ গৈছিল। প্ৰাক্তন অলৰাউণ্ডাৰগৰাকীয়ে সাধাৰণতে বিদেশ ভ্ৰমণলৈ লগত লৈ গৈছিল ফায়াজক। শুকুৰবাৰে সন্ধিয়া হোটেলখনৰ চুইমিং পুলত সাঁতুৰিবলৈ গৈছিল ফায়াজে। তেতিয়া তেওঁৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। ইৰফানে ৱেষ্ট ইণ্ডিজৰ পৰা ফায়াজৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিছে।

ফয়াজৰ ভায়েক মহম্মদ আহমেদে ক'লে, "ফয়াজ কেইদিনমান আগতে বিজনোৰৰ ঘৰলৈ আহিছিল। মাত্ৰ দুমাহ আগতে তেওঁৰ বিয়া হৈছিল। মুম্বাইলৈ উভতি অহাৰ পিছত তেওঁ আমেৰিকালৈ আৰু পিছলৈ ৱেষ্ট ইণ্ডিজলৈ যায়। আমি বেছি কথা ক’ব পৰা অৱস্থাত নাই। পৰিয়ালটোৰ বাবে এটা ডাঙৰ জোকাৰণি। ইৰফান ভাইয়ে তাত সকলো চাই আছে। তেওঁ আমাৰ সৈতে যোগাযোগত আছে।’’

ইৰফানে ফায়াজৰ মৃতদেহ দিল্লীলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে তিনি-চাৰিদিন সময় লাগিব বুলি আশা কৰা হৈছে। মূলতঃ বিজনুৰৰ ফায়াজৰ মুম্বাইত নিজাকৈ চেলুন আছে। তাতে পাঠানৰ লগত কথা-বতৰা পাতিলে। পিছলৈ দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিছিল। পিছলৈ ইৰফানে ফায়াজক নিজৰ ব্যক্তিগত মেক-আপ আৰ্টিষ্ট হিচাপে গঢ়ি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু