--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ নিজৰ ট্ৰেক্টৰ বিক্ৰী কৰি ভাৰত-পাকিস্তানৰ মেচ চাবলৈ আহিছিল। কিন্তু পাকিস্তানী সমৰ্থকজনে এদিনৰ বাবে ভাৰতীয় সমৰ্থক হৈ পৰিল। আমেৰিকাৰ বিৰুদ্ধে ভাৰতৰ খেলখন চোৱাৰ পিছত তেওঁ দাবী কৰে যে ট্ৰেক্টৰ বিক্ৰীৰ পইচা উচুল হৈছে৷

পাকিস্তান বনাম ভাৰতৰ খেলখনৰ টিকটৰ মূল্য আকাশলংঘী। খেল চাবলৈ আহিবলৈ তেওঁ ডেৰ-দুই লাখ টকাত ট্ৰেক্টৰখন বিক্ৰী কৰি দিলে। পাকিস্তানে তেওঁৰ হৃদয় জয় কৰিব নোৱাৰিলে। কিন্তু ভাৰতীয় ক্ৰিকেটাৰে কৰিলে৷

সমৰ্থকজনে পাকিস্তানৰ জাৰ্চি পিন্ধি ভাৰত-আমেৰিকাৰ খেলখন চাবলৈ আহিছিল। খেলৰ অন্তত তেওঁ এটা প্ৰেছৰ জৰিয়তে কয়- ‘‘ট্ৰেক্টৰখন ডেৰ-দুই লাখ টকাত বিক্ৰী কৰি ভাৰত-পাকিস্তানৰ মেচ চাবলৈ আহিছিলো। পাকিস্তান পৰাস্ত হোৱাত মই হতাশ হৈ পৰিলোঁ৷ কিন্তু সাধাৰণ জনতাই মোক প্ৰচণ্ড সমৰ্থন আগবঢ়াইছিল। বহুতে নিজাববীয়াকৈ মোলৈ মেছেজ পঠিয়াইছে। সেইবোৰ পঢ়ি মই আহি ভাৰতক সমৰ্থন কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলোঁ।”

সেই মেচখন চাই সমৰ্থকে বহুত মজা পাইছিল। ক'লে, "মই এটা কথা বেলেগে ক'ব বিচাৰো। সূৰ্য্যই মোৰ হৃদয় জয় কৰিছে। তেওঁ বৰ ভাল খেলিছিল। বহুত মজা লাগিল। ট্ৰেক্টৰ বিক্ৰীৰ ধন উচুল কৰা হৈছে।”

মন কৰিবলগীয়া যে ভাৰত-পাকিস্তানৰ খেলখন চোৱাৰ পাছত তেওঁ কয়, "মই তিনি হাজাৰ ডলাৰত টিকট কিনিছিলো আৰু খেল চাবলৈ আহিছিলো। ভাৰতৰ স্ক’ৰ দেখাৰ পিছত মই এবাৰো ভবা নাছিলো যে আমি মেচখনত পৰাস্ত হ’ব পাৰো। মই ভাবিলোঁ এই দৌৰটো সহজেই তুলি ল’ব পাৰি। মেচখন আমাৰ হাতত আছিল। কিন্তু বাবৰ আজম ওলাই অহাৰ পিছত মই হতাশ হৈ পৰিলোঁ। গ্ৰীটিংছ ইণ্ডিয়ান ফেনছ।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ