--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিকোনো সম্পৰ্কৰ তিক্ততা সময়ৰ লগে লগে ম্লান হ’বলৈ ধৰে। শ্বাহৰুখ খান আৰু ছানী দেওলৰ ক্ষেত্ৰতো একেই কথা। ১৯৯৩ চনৰ ২৪ ডিচেম্বৰত মুক্তি পোৱা ‘ড’ৰ’ ছবিত দৰ্শকে তেওঁলোকক প্ৰথমে একেলগে দেখিছিল। কিন্তু শুনা যায় যে ছানীয়ে এই ছবিখনত শ্বাহৰুখৰ সৈতে কাম কৰাৰ এক তিক্ত অভিজ্ঞতা লাভ কৰিছিল। ফলত তেতিয়াৰ পৰা কেতিয়াও একেলগে কাম কৰা নাই। যশ চোপ্ৰাৰ পৰিচালিত ছবি ‘দ’ৰ’ৰ মুক্তিৰ তিনিটা দশক দেওবাৰে সম্পূৰ্ণ হ’ল। এই সময়তে ছানীয়ে শ্বাহৰুখৰ বিষয়ে মুকলিকৈ ক’লে।

মন কৰিবলগীয়া যে ‘গদৰ ২’ ছবিখনৰ সফলতা পাৰ্টিত শ্বাহৰুখ আৰু ছানীক একেলগে কেমেৰাৰ সন্মুখত পোজ দিয়া দেখা যায়। এই প্ৰসংগত ছানীয়ে কয়, "মই তেওঁৰ প্ৰতি কৃতজ্ঞ। মনত আছে, মই যেতিয়া তেওঁৰ লগত কথা পাতিছিলো, তেতিয়া তেওঁ ডুবাইত ‘জৱান’ৰ প্ৰচাৰত ব্যস্ত আছিল। মই ভাবিলোঁ, তেওঁ নাহিব। কিন্তু  তাৰ পৰাই পোনে পোনে আহিছিল। ইয়াৰ পিছত আকৌ লগ পোৱাৰ কোনো সুযোগ নাছিল। কিন্তু সুযোগ পালে বৰ ভাল হ'ব।''

ছানীয়ে নিজেই বিশ্বাস কৰে যে সময়ৰ লগে লগে সকলো ঘাঁই ভাল হয়। সময়ৰ লগে লগে আমি অধিক পৰিপক্ক হৈ পৰো আৰু জীৱনৰ গুৰুত্ব বুজি পাওঁ।'' ছানীয়ে কেৱল শ্বাহৰুখৰ কথাই নহয়, ছলমানৰ কথাও মুকলিকৈ ক’লে। তেওঁৰ ভাষাত "গোৱাত এবাৰ লগ পাইছিলো। বহুত আড্ডা মাৰিলোঁ। আমিও একেলগে কাম কৰাৰ কথা ভাবিছো।'' ছানীয়ে লগতে কয় যে এবাৰ ছলমানে তেওঁক ফোন কৰি আৱেগিক হৈ কৈছিল যে তেওঁ ছানীক বহুত ভাল পায়।

ইয়াৰ পিছত আমিৰ খানৰ প্ৰযোজনাত ‘লাহোৰ’ ছবিত অভিনয় কৰিব ছানীয়ে। ১৯৪৭ চনৰ বিভাজনৰ প্ৰেক্ষাপটত নিৰ্মাণ কৰা হৈছে ছবিখন। ছানীয়ে লগতে কয় যে এই ছবিখনৰ বীজ ‘গদৰ ২’ৰ পাৰ্টিত ৰোপণ কৰা হৈছিল। তেওঁৰ ভাষাত "পিছদিনা আমিৰক লগ পাই এই ছবিখনৰ বিষয়ে আলোচনা কৰিলোঁ। ঈশ্বৰৰ অনুগ্ৰহ সঁচাকৈয়ে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশৰ ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ মাহে ৩০ হাজাৰ কোটি টকা লোকচান
বিধানসভা অধ্যক্ষ পদৰ বাবে উচ্চাৰিত হৈছে অজন্তা নেওগৰ নাম
জুনিয়ৰ আৰ্টিষ্টৰ পৰা দক্ষিণৰ 'কুইন'লৈ: ছাই পল্লৱীৰ এক অনুপ্ৰেৰণাদায়ক যাত্ৰা
ডিমা হাছাওত ভয়ংকৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত
সোণাৰিত চাৰিদিন ধৰি সন্ধানহীন হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ; নৈত ওপঙি আছিল মৃতদেহটো
ডিমৰীয়াত কৃষকৰ মাজত হাহাকাৰ; বড়ো ধানৰ পথাৰত অচিন ৰোগৰ ভয়াৱহ ৰূপ ধাৰণ
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
ৰামদেৱৰ পাছত চি আৰ পি এফক গতালে বীজ নিগমৰ ৫০ বিঘা ভূমি
জাৰ্মানীৰ ওপৰত ট্ৰাম্পৰ ‘ডাবল এটেক’: ৫,০০০ সামৰিক সৈন্য প্ৰত্যাহাৰ আৰু বাহনৰ ওপৰত ২৫% শুল্ক ঘোষণা
ৰাজ্যবাসীৰ মাজত জল্পনা-কল্পনা; কোনে দখল কৰিব দিছপুৰৰ মছনদ?
পুৱা ৮ বজাৰ লগে-লগে আৰম্ভ হ’ল ভোটগণনা; উৎকণ্ঠিত প্ৰাৰ্থী আৰু ৰাজ্যবাসী
ডিফুত চাঞ্চল্য! কংগ্ৰেছ নেতা ৰতন ইংতিৰ ঘৰলৈ পেট্ৰ’ল বটল বোমা নিক্ষেপ
’২৬ৰ নিৰ্বাচন: ১২৬টা সমষ্টিৰ বিজয়ী প্ৰাৰ্থীসকলৰ সম্পূৰ্ণ তালিকা চাওঁ আহক