--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৌসেনাৰ এজন প্ৰাক্তন কৰ্মচাৰী বাচ্চ মেৰিয়নে মেৰিলেণ্ডৰ কাম্বাৰলেণ্ডৰ ৱালমাৰ্ট দোকানত কেছিয়াৰ হিচাপে কাম কৰিছিল। তেওঁ সপ্তাহত ৪০ ঘণ্টা থিয় হৈ কাম কৰিব লগা হৈছিল। বিনিময়ত লাভ কৰিছিল তেনেই কম পাৰিশ্ৰমিক৷ অৱশেষত ভাগ্যই চকু মেলি চালে বৃদ্ধলৈ৷ ৰোৰী মেককাৰ্টী নামৰ এজন গ্ৰাহকৰ বাবে, তেওঁ প্ৰায় কোটিপতি হৈ পৰিছে। তেওঁৰ হাতলৈ আহিছে ৮৮ লাখতকৈও অধিক ৮৮ হাজাৰ টকা।

বাচ্চ মেৰিয়নে দিনে ৮-৯ ঘণ্টা কাম কৰিব লগা হৈছিল৷ কিন্তু ইমান সময় থিয় হৈ থাকি কাম কৰিও বিৰক্ত হোৱা নাছিল বৃদ্ধজন। বৰঞ্চ, ৮২ বছৰীয়া কৰ্মচাৰীজনে সদায় ৱালমাৰ্টৰ বজাৰত মিঠা  হাঁহিৰে গ্ৰাহকসকলক চম্ভালিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডৰ বৃদ্ধজনৰ চাকৰিৰ শেষ দিনটোত কপাল ফুলিছিল। তেওঁ এজন গ্ৰাহকৰ টিকটক ভিডিঅ'ৰ পৰা অৱসৰৰ দিনাই তেওঁ অৰ্জন কৰিছিল  প্ৰায় ১ কোটি টকা৷ 

ৰোৰীয়ে সংবাদ মাধ্যমক কৈছিল যে তেওঁ  বেটাৰি কিনিবলৈ ৱালমাৰ্ট দোকানত প্ৰৱেশ কৰিছিল। বজাৰ কৰাৰ পিছত, তেওঁ তেওঁৰ মূল্য পৰিশোধ কৰিবলৈ কেছিয়াৰৰ সন্মুখত থিয় হৈছিল। তাতেই মই বাচ্চক প্ৰথম লগ পাইছিলো। সৰু শৰীৰৰ এজন বৃদ্ধ। কেছ বক্সৰ সন্মুখত থিয় হৈ তেওঁ গ্ৰাহকৰ ভিৰ পৰিচালনা কৰি আছে। কিন্তু কেতিয়াও আমনি নহয়। তেওঁ হাঁহিৰে সকলো কৰে।  নিজৰো ব্যৱসায় থকাৰ বাবে ৰ’ৰীয়ে জানিছিল যে এনেদৰে কাম কৰাটো  কিমান কঠিন। কিন্তু তেওঁ বুঢ়া মানুহজনক হাঁহি  মুখৰ সৈতে দেখি আচৰিত হৈছিল৷ 

সেই সময়ত, ৰোৰীয়ে ৱালমাৰ্টৰ পুৰণি কৰ্মচাৰীজনক সহায় কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ টিকটকত 'গোফাণ্ডমি' নামৰ এটা ক্ৰাউডফাণ্ডিং প্লেটফৰ্মত বৃদ্ধজনৰ এটা ভিডিঅ' পোষ্ট কৰিছিল। ইয়াৰ পিছত, ইয়াত টকা জমা হ'বলৈ আৰম্ভ কৰিলে।

 "মই তেওঁৰ জীৱনৰ শেষৰ কেইটামান দিনত নৌসেনাৰ প্ৰাক্তন কৰ্মীসকলক (বুচ্চ) সহায় কৰিব বিচাৰিছিলো। যাতে তেওঁ ফ্লৰিডাত তেওঁৰ সন্তানক চাবলৈ যাব পাৰে। ''- আৰু এনেদৰেই মন্তব্য কৰিছিল গ্ৰাহক ৰোৰীয়ে৷ 

ৰোৰীৰ প্ৰচেষ্টাই কাম কৰিছিল। বাচ্ছৰ ভিডিঅ' টিকটকত ভাইৰেল হৈছিল আৰু বৃহৎ পৰিমাণৰ ডলাৰ জমা কৰা হৈছে। অৱসৰৰ দিনা বুধবাৰে ইয়াক বুধবাৰে বাচ্চক হস্তান্তৰ কৰা হৈছিল। বাচে মন্তব্য কৰিছিল, "এইটো সঁচাকৈয়ে অবিশ্বাস্য! মই অনুভৱ কৰোঁ যে মই এজন নতুন ব্যক্তি। মই চৰাইৰ দৰে পিঞ্জৰাৰ পৰা ওলাই আহিছিলো৷”


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে