--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নৌসেনাৰ এজন প্ৰাক্তন কৰ্মচাৰী বাচ্চ মেৰিয়নে মেৰিলেণ্ডৰ কাম্বাৰলেণ্ডৰ ৱালমাৰ্ট দোকানত কেছিয়াৰ হিচাপে কাম কৰিছিল। তেওঁ সপ্তাহত ৪০ ঘণ্টা থিয় হৈ কাম কৰিব লগা হৈছিল। বিনিময়ত লাভ কৰিছিল তেনেই কম পাৰিশ্ৰমিক৷ অৱশেষত ভাগ্যই চকু মেলি চালে বৃদ্ধলৈ৷ ৰোৰী মেককাৰ্টী নামৰ এজন গ্ৰাহকৰ বাবে, তেওঁ প্ৰায় কোটিপতি হৈ পৰিছে। তেওঁৰ হাতলৈ আহিছে ৮৮ লাখতকৈও অধিক ৮৮ হাজাৰ টকা।

বাচ্চ মেৰিয়নে দিনে ৮-৯ ঘণ্টা কাম কৰিব লগা হৈছিল৷ কিন্তু ইমান সময় থিয় হৈ থাকি কাম কৰিও বিৰক্ত হোৱা নাছিল বৃদ্ধজন। বৰঞ্চ, ৮২ বছৰীয়া কৰ্মচাৰীজনে সদায় ৱালমাৰ্টৰ বজাৰত মিঠা  হাঁহিৰে গ্ৰাহকসকলক চম্ভালিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেৰিলেণ্ডৰ বৃদ্ধজনৰ চাকৰিৰ শেষ দিনটোত কপাল ফুলিছিল। তেওঁ এজন গ্ৰাহকৰ টিকটক ভিডিঅ'ৰ পৰা অৱসৰৰ দিনাই তেওঁ অৰ্জন কৰিছিল  প্ৰায় ১ কোটি টকা৷ 

ৰোৰীয়ে সংবাদ মাধ্যমক কৈছিল যে তেওঁ  বেটাৰি কিনিবলৈ ৱালমাৰ্ট দোকানত প্ৰৱেশ কৰিছিল। বজাৰ কৰাৰ পিছত, তেওঁ তেওঁৰ মূল্য পৰিশোধ কৰিবলৈ কেছিয়াৰৰ সন্মুখত থিয় হৈছিল। তাতেই মই বাচ্চক প্ৰথম লগ পাইছিলো। সৰু শৰীৰৰ এজন বৃদ্ধ। কেছ বক্সৰ সন্মুখত থিয় হৈ তেওঁ গ্ৰাহকৰ ভিৰ পৰিচালনা কৰি আছে। কিন্তু কেতিয়াও আমনি নহয়। তেওঁ হাঁহিৰে সকলো কৰে।  নিজৰো ব্যৱসায় থকাৰ বাবে ৰ’ৰীয়ে জানিছিল যে এনেদৰে কাম কৰাটো  কিমান কঠিন। কিন্তু তেওঁ বুঢ়া মানুহজনক হাঁহি  মুখৰ সৈতে দেখি আচৰিত হৈছিল৷ 

সেই সময়ত, ৰোৰীয়ে ৱালমাৰ্টৰ পুৰণি কৰ্মচাৰীজনক সহায় কৰাৰ সিদ্ধান্ত লৈছিল। তেওঁ টিকটকত 'গোফাণ্ডমি' নামৰ এটা ক্ৰাউডফাণ্ডিং প্লেটফৰ্মত বৃদ্ধজনৰ এটা ভিডিঅ' পোষ্ট কৰিছিল। ইয়াৰ পিছত, ইয়াত টকা জমা হ'বলৈ আৰম্ভ কৰিলে।

 "মই তেওঁৰ জীৱনৰ শেষৰ কেইটামান দিনত নৌসেনাৰ প্ৰাক্তন কৰ্মীসকলক (বুচ্চ) সহায় কৰিব বিচাৰিছিলো। যাতে তেওঁ ফ্লৰিডাত তেওঁৰ সন্তানক চাবলৈ যাব পাৰে। ''- আৰু এনেদৰেই মন্তব্য কৰিছিল গ্ৰাহক ৰোৰীয়ে৷ 

ৰোৰীৰ প্ৰচেষ্টাই কাম কৰিছিল। বাচ্ছৰ ভিডিঅ' টিকটকত ভাইৰেল হৈছিল আৰু বৃহৎ পৰিমাণৰ ডলাৰ জমা কৰা হৈছে। অৱসৰৰ দিনা বুধবাৰে ইয়াক বুধবাৰে বাচ্চক হস্তান্তৰ কৰা হৈছিল। বাচে মন্তব্য কৰিছিল, "এইটো সঁচাকৈয়ে অবিশ্বাস্য! মই অনুভৱ কৰোঁ যে মই এজন নতুন ব্যক্তি। মই চৰাইৰ দৰে পিঞ্জৰাৰ পৰা ওলাই আহিছিলো৷”


FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ