--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থাইৰয়েডৰ সমস্যা এতিয়া বহুতৰে বাবে এক সমস্যা হৈ থিয় দিছে। থাইৰয়েডৰ সমস্যাৰ বাবে শৰীৰত নানান সমস্যাই দেখা দিব পাৰে। ব্যায়ামৰ জৰিয়তে বহুতো কঠিন ৰোগৰ পৰা নিজকে সুৰক্ষিত কৰা সম্ভৱ। বয়স বৃদ্ধি হোৱাৰ লগে লগে, বিভিন্ন শাৰীৰিক জটিলতাৰ উদ্ভৱ হয়। 

বৰ্তমান  বহু যুৱক-যুৱতীৰো থাইৰয়েডৰ  সমস্যাই দেখা দিছে। অৱশ্যে যদি আপুনি নিয়মীয়াকৈ কিছুমান সৰল ব্যায়াম কৰে,তেন্তে  থাইৰয়েডৰ সমস্যাই  সহজে স্পৰ্শ কৰিব নোৱাৰিব। শেহতীয়াকৈ মালাইকা অৰোৰাৰ প্ৰশিক্ষক সৰ্বেশ শশীয়ে এনে ধৰণৰ কেইটামান ব্যায়ামৰ কথা উল্লেখ কৰিছে ।  ইনষ্টাগ্ৰামত সৰ্বেশে শেহতীয়া এক জৰীপৰ কথা উল্লেখ কৰিছে। সেই অধ্যয়ন অনুসৰি,সমগ্ৰ ভাৰতত ৪২  নিযুত লোকে বৰ্তমান থাইৰয়েডৰ সমস্যাত ভুগি আছে। থাইৰয়েডৰ ফলত ওজন বৃদ্ধি হ'ব পাৰে। মালাইকা অৰোৰাকে ধৰি বলীউডৰ কেইবাগৰাকীও চেলিব্ৰেটীৰ প্ৰশিক্ষক হিচাবে কৰ্মৰত  সৰ্বেশ শশীয়ে কয়  যে তিনিটা সৰল ব্যায়ামে থাইৰয়েড হৰমন নিঃসৰণ নিয়ন্ত্ৰণত ৰাখিব পাৰে।


হলাসন: সৰ্বেশৰ মতে হলাসনে মেৰুদণ্ড আৰু পিঠিৰ পেশী শক্তিশালী কৰাত সহায় কৰে। ইয়াৰ বাহিৰেওএই ব্যায়ামে ডিঙি, হাত আৰু ভৰিৰ পেশী শক্তিশালী কৰাত সহায় কৰে।

উষ্ট্ৰাসন: জৰায়ু, পেটৰ পেশীশক্তিশালী আৰু স্থিতিস্থাপক কৰাত এই আসনে সহায় কৰে। এই ব্যায়ামে  পেশীবোৰো টান কৰে। সৰ্বেশৰ মতে,নিয়মীয়া কৈ এই আসন কৰিলে থাইৰয়েডৰ সমস্যা দূৰ হোৱাৰ লগতে  জৰায়ুৰ পেশীও সবল  হৈ থাকে।


ভুজঙ্গাসন: ভুজঙ্গাসনে শৰীৰৰ নমনীয়তা বৃদ্ধি কৰে। একে সময়তে ই মানসিক শক্তি  উন্নত কৰাত সহায় কৰে। থাইৰয়েড ৰোগীসকলে প্ৰায়ে মেজাজৰ তাৰতম্যত ভোগে। এই আসন নিয়মীয়াকৈ কৰিলে তেনে  সমস্যা যথেষ্ট হ্ৰাস হয়।

দৰাচলতে, যোগ হৈছে আমাৰ দৈনন্দিন জীৱনৰ দৈনন্দিন প্ৰয়োজনীয়তাৰ দৰে এক অভ্যাস। ই কেৱল শৰীৰক লাভাবান্বিত নকৰে। ইয়াৰ পৰিৱৰ্তে, ব্যায়ামে মনৰ স্বাস্থ্যকো প্ৰভাবান্বিত কৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু