--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ভাৰতত হৃদৰোগ অতি সাধাৰণ হৈ পৰিছে, ইয়াৰ কাৰণ হ’ল অস্বাস্থ্যকৰ জীৱনশৈলী আৰু তেলীয়া খাদ্য। এনেধৰণৰ জীৱন-যাপনৰ বাবে হাৰ্টএটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়, যিয়ে ‘ট্ৰিপল ভেছেল ডিজিজ’ৰো জন্ম দিব পাৰে। সেইবাবেই সকলোৱে সময় থাকোতেই সজাগ হোৱাৰ প্ৰয়োজন।

 হাৰ্ট এটেক কিয় হয়?

হৃদযন্ত্ৰ মানুহৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, ইয়াৰ যোগেদি সমগ্ৰ শৰীৰত তেজৰ যোগান ধৰা হয়। হৃদযন্ত্ৰলৈ তেজৰ প্ৰত্যাৱৰ্তন ধমনীৰ যোগেদি হয়। বহু সময়ত তেজত কলেষ্টেৰল বৃদ্ধিৰ বাবে ইয়াত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে আৰু ধমনীবোৰ বন্ধ হৈ পৰে। ইয়াক ‘ক’ৰ’নাৰী ধমনী ৰোগ’ বুলি কোৱা হয়। কাৰণ ইয়াৰ ফলত হাৰ্টএটেকৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়।

 ‘ট্ৰিপল ভেছেল ডিজিজ’ কি?

চিকিৎসা বিশেষজ্ঞসকলৰ মতে এয়া ‘ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ’ৰ এক অতি বিপজ্জনক ৰূপ। ৩খন প্ৰধান ধমনীই হৃদযন্ত্ৰলৈ তেজ প্ৰেৰণৰ কাম কৰে আৰু যেতিয়া এই তিনিওটা ধমনী বন্ধ হৈ যায় তেতিয়া ইয়াক ‘ট্ৰিপল ভেছেল ডিজিজ’ বুলি জনা যায়। ইয়াৰ কাৰণে বুকুৰ বিষ হয়, উশাহ-নিশাহ লোৱাত কষ্ট হয়, যাৰ ফলত হাৰ্টএটেক হয়।

 এঞ্জিঅ’প্লাষ্টি কি?

ট্ৰিপল ভেছেল ডিজিজৰ চিকিৎসা এঞ্জিঅ’প্লাষ্টিৰ দ্বাৰা কৰা হয়, যিটো হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, যাক বেলুন এঞ্জিঅ’প্লাষ্টি আৰু পাৰ্কিউটেনিয়াছ ট্ৰেন্সলুমিনেল এঞ্জিওপ্লাষ্টি (PTA) বুলিও কোৱা হয়। ইয়াত ধমনীবোৰৰ মাজেৰে তেজৰ যোগান শুধৰোৱা হয়।

 'ট্ৰিপল ভেছেল ডিজিজ'ৰ পৰা হাত সাৰিব উপায়-

* তেলীয়া খাদ্য কমকৈ খাব

* স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক

* বৰ্ধিত ওজন হ্ৰাস কৰিব

* নিয়মিত ব্যায়াম কৰক

* ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখক

* নিচাযুক্ত দ্ৰব্য সেৱনৰ পৰা বিৰত থাকক

* তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা

* টেনচন দূৰ কৰা


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক