--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল বৃদ্ধি আমাৰ শৰীৰৰ বাবে এক বৃহৎ সমস্যাৰ কাৰণ হৈ পৰে কাৰণ ইয়াৰ বাবেই বিপদজনক ৰোগ যেনে উচ্চ ৰক্তচাপ, ষ্ট্ৰোক, হাৰ্ট এটেক, ডায়েবেটিছ, ক'ৰ'নাৰী আৰ্টাৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজে দেখা দিয়ে পায় আৰু ইয়াৰ ফলত বহু অংগৰ অতি বেয়া প্ৰভাৱ পৰে। কিন্তু কিছুমান ঘৰুৱা উপায়ৰ সহায়ত বেয়া কলেষ্টেৰল কম কৰিব পৰা যায়। ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে আদাৰ সহায়ত কলেষ্টেৰলৰ সমস্যা দূৰ কৰিব পাৰি। আদাত ট্ৰাইগ্লিচাৰাইড আৰু লাইপ’প্ৰটিন হ্ৰাস কৰাৰ গুণ থকাৰ বাবে কলেষ্টেৰলত উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে।

কলেষ্টেৰল কমাবলৈ আদা কেনেকৈ ব্যৱহাৰ কৰিব

১) কেঁচা আদা সেৱন কৰাঃ পোনপটীয়াকৈ আদা খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, যদি আপুনি বহুত তেলীয়া খাদ্য খাইছে তেন্তে তাৰপাছত কেঁচা আদা চোবাই খালে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা কম হয়।
 
২) আদাৰ গুড়িঃ আদাৰ গুড়ি প্ৰস্তুত কৰিবলৈ এই মছলা কেইদিনমান ৰ’দত শুকুৱাই মিক্সাৰত পিহি গুড়ি প্ৰস্তুত কৰি লওক।যদি আপুনি ৰাতিপুৱা খালী পেটত পানীৰ লগত মিহলাই খায়, তেন্তে বেয়া কলেষ্টেৰলৰ পৰিমাণ কমি যাব।

৩) আদাৰ পানীঃ বেয়া কলেষ্টেৰল হ্ৰাস কৰাত আদাৰ পানী অতি সহায়ক বুলি গণ্য কৰা হয়। ইয়াৰ বাবে এগিলাচ গৰম পানীত আদা এক ইঞ্চি কাটি ১৫ মিনিটমান উতলাই তাৰ পিছত ষ্ট্ৰেনাৰেৰে ফিল্টাৰ কৰি লওক। যদি আপুনি খাদ্য খোৱাৰ পাছত এই পানী পান কৰে তেন্তে শৰীৰৰ সকলো দিশতে উপকাৰী হ’ব।

৪) আদা আৰু নেমু চাহঃ বিশেষকৈ যেতিয়া আপুনি বেছিকৈ তেল আৰু মছলা সেৱন কৰে তেতিয়া কেৱল নেমু-আদা চাহেই বেয়া কলেষ্টেৰল আৰু ইয়াৰ বেয়া প্ৰভাৱ কমায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নতুন দিল্লীত কর্মসংস্থানৰ ভুৱা চক্ৰ উৎখাত, এয়াৰলাইন্‌ত নিযুক্তিৰ দিছিল প্রলোভন
গভীৰ সংকটত ইণ্ডিয়ান চুপাৰ লীগ
সাৱধান! অচিনাকি নম্বৰৰ পৰা আপোনালৈও আহে নেকি ফোন ? পৰিব পাৰে বিপদত
মিচিং ভাষাত সহস্রধিক ছাত্ৰ-ছাত্ৰীয়ে পৰিবেশন কৰে সুধাকণ্ঠৰ কালজয়ী গীত 'মানুহে মানুহৰ বাবে'
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ
বৰপেটাত NHM কৰ্মচাৰীৰ তিনিদিনিয়া অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি
পতঞ্জলি বিশ্ববিদ্যালয় সমাৱৰ্তনঃ মুখ্য অতিথি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু