--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিতা স্বাস্থ্যৰ বাবে এক সম্পদ। ইয়াক খোৱাটো উপকাৰী। তিতাকেৰেলা এবিধ পুষ্টিকৰ পাচলি। যদি আপুনি তিতা কেৰেলা আহাৰত গ্ৰহণ কৰে, তেন্তে বহু ধৰণৰ ৰোগ আপোনাৰ পৰা দূৰত থাকিব। ডায়েবেটিছ ৰোগীৰ বাবে তিতাকেৰেলা কোনো ঔষধতকৈ কম নহয়। ই ইনচুলিনৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। পেটৰ লগত জড়িত ৰোগবোৰো তিতা খালে ভাল হয়। লিভাৰ-এজমা ৰোগীয়ে তিতাকেৰেলা খাব লাগে। 

তিতাকেৰেলা খোৱাৰ ফলত কোষ্ঠকাঠিন্য, বদহজম আৰু এচিডিটিৰ সমস্যা নহয়। কিন্তু বহু মানুহে নাজানে যে তিতা খোৱাৰ পিছত কিছুমান বস্তু ভুলতো সেৱন কৰা উচিত নহয়। ইয়াৰ বাবে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। তিতা কেৰেলাৰ লগত বা পাছত কোনবোৰ বস্তু খোৱা উচিত নহয় জানো আহক।

তিতা কেৰেলা খোৱাৰ পিছত এই ৬ টা খাদ্য খাব নালাগে
A2 milk: Benefits, vs. A1 milk, side effects, alternatives, and more
১.গাখীৰঃ তিতা আৰু গাখীৰ একেলগে মিহলি হ’লে স্বাস্থ্যৰ বাবে শত্ৰুৰ দৰে কাম কৰে। সেইবাবেই দুয়োটাকে কেতিয়াও একেলগে খোৱা উচিত নহয়। ইয়াৰ বাবে পেটৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। কোষ্ঠকাঠিন্য, বিষ আৰু পেটত জ্বলা-পোৰাৰ সমস্যা হ’ব পাৰে। যদি আপুনি ইতিমধ্যে পেটৰ সমস্যাৰ সৈতে যুঁজি আছে তেন্তে ই আৰু অধিক বিপজ্জনক হ’ব পাৰে।
Side effects of eating curd everyday
২.দৈঃ দৈ আৰু মাখন বহুতে ভাল পায়। যদি আপুনি তিতা শাক-পাচলি বা ইয়াৰ পৰা তৈয়াৰী আন যিকোনো বস্তু খাই আছে, তেন্তে তাৰ পিছত দৈ আৰু চেনি খোৱাৰ ভুল নকৰিব। কাৰণ দৈ আৰু মাখনত লেক্টিক এচিড পোৱা যায়, যিয়ে তিতাকেৰেলাৰ পুষ্টিকৰ উপাদানৰ সৈতে ক্ৰিয়া কৰি ছালৰ ফোহা আৰু খজুৱতিৰ সৃষ্টি কৰিব পাৰে। সেইবাবেই তিতা আৰু দৈ কেতিয়াও একেলগে খাব নালাগে।
Types of Mangoes in India: 15 famous mango varieties in India and how to  identify them
৩.আমঃ সাধাৰণ আমৰ সোৱাদ যিমানেই মিঠা তিতাকেৰেলা সিমানেই তিতা…কিন্তু এই দুটা বস্তু একেলগে খোৱা উচিত নহয়। কাৰণ ই আপোনাৰ স্বাস্থ্য নষ্ট কৰিব পাৰে। জ্বলা-পোৰা, বমি আৰু এচিডিটিয়ে আপোনাক আমনি কৰিব পাৰে। কাৰণ দুয়োটা বস্তু হজম হ’বলৈ বহু সময় লাগে।
Creative Farmer Vegetable Seeds Radish -Snow White Seeds - Radish Seeds  Root Vegetable Plant Seeds Home Garden Seeds
৪.মূলাঃ তিতাকেৰেলাৰ লগতে মূলা খোৱাটোও ক্ষতিকাৰক। দুয়োটাৰে ভিন্ন প্ৰভাৱৰ বাবে পেটত প্ৰতিক্ৰিয়া হ’ব পাৰে। ইয়াৰ বাবে এচিডিটি আৰু কফৰ সমস্যাও হ’ব পাৰে। যদি আপোনাৰ ইতিমধ্যে চৰ্দি হৈছে, তেন্তে ভুলতো তিতা খোৱাৰ পিছত মূলা খোৱা উচিত নহয়।
How To Grow Lady Finger (Bhindi) At Home: Benefits & Expert Care Tips –  TrustBasket
৫.ভেন্দীঃ তিতাকেৰেলাৰ লগত কেতিয়াও ভেন্দী খাব নালাগে। ই স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। 
Lemon - Wikipedia
৬. নেমুঃ তিতা খাই নেমু কেতিয়াও নাখাব। তিতা আৰু টেঙা একেলগে মিহলি হলে দেহৰ বিস্তৰ ক্ষতিসাধন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ