--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোভিডতকৈয়ো  ১০০ গুণে অধিক মাৰাত্মক বাৰ্ড ফ্লু মহামাৰীয়ে বিশ্বত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিব পাৰে। তেনে আশংকাই ব্যক্ত কৰিছে বিজ্ঞানীসকলে। দৰাচলতে বিশ্বৰ পৰা এতিয়াও নাইকিয়া হোৱা নাই ক’ৰনাৰ প্ৰভাৱ৷ যেতিয়াই কোভিডৰ  প্ৰসংগ  আহে  তেতিয়াই মানুহৰ চিন্তা  বৃদ্ধি পাবলৈ আৰম্ভ কৰে৷ কাৰণ ক’ৰনাই কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে কোটি কোটি লোকৰ জীৱন শেষ কৰি পেলাইছে৷ 

বহুতে হেৰুৱাইঠে কৰ্ম সংস্থাপন। কোভিড এতিয়াও পৃথিৱীৰ পৰা আঁতৰি যোৱা নাই৷ তেনে সময়তে আন এক ভাইৰাছে বিশ্বত ত্ৰাসৰ সৃষ্টি কৰাৰ আশংকা ব্যক্ত কৰিছে বিজ্ঞানীসকলে।কোভিডতকৈও মাৰাত্মক ৰোগ H5N1 অৰ্থাৎ বাৰ্ড ফ্লু মহামাৰীৰ সংক্ৰমণৰ আশংকা কৰিছে বহু বিজ্ঞানীয়ে। H5N1ৰ এই নতুন মহামাৰীৰ সংক্ৰমণে  বিশেষভাৱে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি দিছে।  বিজ্ঞানীসকলে দাবী কৰিছে যে H5N1 ভাইৰাছে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে৷  বিশ্বজুৰি সৃষ্টি হ’ব পাৰে আন এক ভয়ংকৰ মহামাৰী।
 
বাৰ্ড ফ্লুৰ সংক্ৰমণ ক’ৰ’না মহামাৰীতকৈ অধিক বিপজ্জনক বুলি প্ৰমাণিত হৈছে। বিজ্ঞানীসকলৰ মতে বাৰ্ড ফ্লু মহামাৰী দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা অব্যাহত আছে। বিশেষজ্ঞসকলে কয় যেকোভিড  সংকটতকৈ H5N1 ভাইৰাছ অধিক বিধ্বংসী হ’ব পাৰে। হোৱাইট হাউছেও এই ভাইৰাছে সৃষ্টি কৰিব পৰা অৱস্থাৰ প্ৰতি  তীক্ষ্ণ দৃষ্টি ৰাখিছে। 

শেহতীয়াকৈ আমেৰিকাত গৰু, মেকুৰী আৰু মানুহকে ধৰি বিভিন্ন স্তন্যপায়ী প্ৰাণীৰ দেহত  H5N1 সংক্ৰমণ ধৰা পৰিছে। দেখা গৈছে যে জীৱ-জন্তুতকৈ মানুহে অধিক সহজ আৰু ক্ষিপ্ৰতাৰে এই ভাইৰাছত আক্ৰান্ত হ’ব পাৰে। এনে আশংকা সেয়ে  বিশ্ববাসীৰ বাবে এক বৃহৎ চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়ালৈকে  আমেৰিকাৰ ছখন প্ৰদেশত H5N1 ৰোগী চিনাক্ত কৰা হৈছে। 

প্ৰখ্যাত বাৰ্ড ফ্লু গৱেষক ডাঃ সুৰেশ কুচিপুডীয়ে সকীয়াই দিছে যে ‘কোভিডতকৈ ১০০ গুণ  অধিক বিপজ্জনক ’ হ’ব পাৰে বাৰ্ড ফ্লু মহামাৰী। কেৱল সেয়াই নহয়, এই মহামাৰীয়ে  আক্ৰান্ত লোকৰ  ভিতৰত আধা সংখ্যকৰে মৃত্যুৰ কাৰণ হ’ব পাৰে। 

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ২০০৩ চনৰ পৰা H5N1 ভাইৰাছত আক্ৰান্ত হোৱা প্ৰতি ১০০ জন ৰোগীৰ ভিতৰত ৫২ জন ৰোগীৰ মৃত্যু হৈছে। এইদৰে H5N1 ৰ মৃত্যুৰ হাৰ ৫০ শতাংশতকৈও অধিক। যদি ইয়াক ক’ৰ’না ভাইৰাছৰ সৈতে তুলনা কৰা হয় তেন্তে মহামাৰীৰ আৰম্ভণিতে ইয়াৰ মৃত্যুৰ হাৰ কিছু ঠাইত ২০ শতাংশ আছিল, যিটো পিছলৈ মাত্ৰ ০.১ শতাংশলৈ হ্ৰাস পাইছিল। এই পৰ্যন্ত মাত্ৰ ৮৮৭ গৰাকী  লোক  বাৰ্ড ফ্লুত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে, ইয়াৰে ৪৬২ জনৰ মৃত্যু হৈছে।ভাইৰাছবিধৰ বিৰুদ্ধে ভেকছিন আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বিকশিত কৰাৰ প্ৰচেষ্টা চলি আছে। আমেৰিকা যুক্তৰাজ্যই ইতিমধ্যে ভেকছিনৰ উপাদানবোৰ পৰীক্ষা কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু