--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ ১৪ জনীয়া এটা দলে উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া এজন বিষয়াৰ নেতৃত্বত শনিবাৰে ডিণ্ডিগুলৰ এ আৰ ডেইৰীত চলি থকা তিৰুপতি লাডু বিতৰ্কৰ সৈতে জড়িত এক পুংখানুপুংখ অভিযান চলায়। ১৪ ঘণ্টাৰো অধিক সময় ধৰি চলা এই অভিযানত অধিক তদন্তৰ বাবে কেইবাখনো নথি-পত্ৰ, খাদ্যৰ নমুনা আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয়।

A Sneak Peek into History, Making and Sale of Tirupati Laddu: Interesting  Facts

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বিখ্যাত তিৰুপতি লাডু বনাবলৈ ব্যৱহাৰ কৰা ঘিউৰ লগত পশুৰ চৰ্বি মিহলি কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পৰাই বিতৰ্ক আৰম্ভ হয়। পৰৱৰ্তী সময়ত গুজৰাটৰ এটা ব্যক্তিগত পৰীক্ষাগাৰত কৰা পৰীক্ষাত ঘিউত পশুৰ চৰ্বিৰ মিহলি থকা নিশ্চিত কৰা হয়।

এই বিষয়ত সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হোৱাৰ লগতে বহু আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হয়। তিৰুমালা তিৰুপতি দেৱস্থানে ঘিউ যোগান ধৰা দিণ্ডিগলৰ এআৰ ডেইৰীৰ বিৰুদ্ধে তিৰুপতি থানাত এজাহাৰ দাখিল কৰিছে। বিষয়টোৰ তদন্ত এতিয়াও অব্যাহত আছে।

প্ৰথম অৱস্থাত অন্ধ্ৰ প্ৰদেশ চৰকাৰে এই গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিছিল। কিন্তু পিছত উচ্চতম ন্যায়ালয়ে এই দলটো ভংগ কৰি এক বিস্তৃত তদন্তৰ বাবে কেন্দ্ৰীয় বিষয়া আৰু খাদ্য সুৰক্ষা বিভাগৰ বিষয়াৰ পাঁচজনীয়া নতুন সমিতি গঠন কৰে।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতে শনিবাৰে বিয়লি উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া এজন বিষয়া আৰু খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসহ ১৪ জনীয়া বিষয়াৰ দলে ডিণ্ডিগুলৰ এ আৰ ডেইৰীত উপস্থিত হৈ তালাচী আৰম্ভ কৰে। দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযান দেওবাৰে নিশা ১:৩০ বজাত সমাপ্ত হয়।

পৰিদৰ্শনৰ শেষত বিষয়াসকলে দুগ্ধ কাৰখানাখনৰ পৰা বিভিন্ন সামগ্ৰী, একাউণ্ট বুক আৰু নথি-পত্ৰ অধিক তদন্তৰ বাবে জব্দ কৰে। তিৰুমালা ভেংকটেশ্বৰ মন্দিৰত প্ৰসাদ হিচাপে আগবঢ়োৱা তিৰুপতি লাডুৰ লাখ লাখ ভক্তৰ বাবে অপৰিসীম ধৰ্মীয় তাৎপৰ্য আছে। ভক্তিৰ ধৰ্মীয় আৱেগক আঘাত কৰা প্ৰসাদক লৈ ব্যাপক ক্ষোভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ