--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশৰ ১৪ জনীয়া এটা দলে উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া এজন বিষয়াৰ নেতৃত্বত শনিবাৰে ডিণ্ডিগুলৰ এ আৰ ডেইৰীত চলি থকা তিৰুপতি লাডু বিতৰ্কৰ সৈতে জড়িত এক পুংখানুপুংখ অভিযান চলায়। ১৪ ঘণ্টাৰো অধিক সময় ধৰি চলা এই অভিযানত অধিক তদন্তৰ বাবে কেইবাখনো নথি-পত্ৰ, খাদ্যৰ নমুনা আৰু অন্যান্য সামগ্ৰী জব্দ কৰা হয়।

A Sneak Peek into History, Making and Sale of Tirupati Laddu: Interesting  Facts

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে বিখ্যাত তিৰুপতি লাডু বনাবলৈ ব্যৱহাৰ কৰা ঘিউৰ লগত পশুৰ চৰ্বি মিহলি কৰা বুলি অভিযোগ উত্থাপন কৰাৰ পৰাই বিতৰ্ক আৰম্ভ হয়। পৰৱৰ্তী সময়ত গুজৰাটৰ এটা ব্যক্তিগত পৰীক্ষাগাৰত কৰা পৰীক্ষাত ঘিউত পশুৰ চৰ্বিৰ মিহলি থকা নিশ্চিত কৰা হয়।

এই বিষয়ত সমগ্ৰ দেশতে হুলস্থুলৰ সৃষ্টি হোৱাৰ লগতে বহু আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰা হয়। তিৰুমালা তিৰুপতি দেৱস্থানে ঘিউ যোগান ধৰা দিণ্ডিগলৰ এআৰ ডেইৰীৰ বিৰুদ্ধে তিৰুপতি থানাত এজাহাৰ দাখিল কৰিছে। বিষয়টোৰ তদন্ত এতিয়াও অব্যাহত আছে।

প্ৰথম অৱস্থাত অন্ধ্ৰ প্ৰদেশ চৰকাৰে এই গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিছিল। কিন্তু পিছত উচ্চতম ন্যায়ালয়ে এই দলটো ভংগ কৰি এক বিস্তৃত তদন্তৰ বাবে কেন্দ্ৰীয় বিষয়া আৰু খাদ্য সুৰক্ষা বিভাগৰ বিষয়াৰ পাঁচজনীয়া নতুন সমিতি গঠন কৰে।

উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতে শনিবাৰে বিয়লি উচ্চতম ন্যায়ালয়ে নিযুক্তি দিয়া এজন বিষয়া আৰু খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসহ ১৪ জনীয়া বিষয়াৰ দলে ডিণ্ডিগুলৰ এ আৰ ডেইৰীত উপস্থিত হৈ তালাচী আৰম্ভ কৰে। দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা এই অভিযান দেওবাৰে নিশা ১:৩০ বজাত সমাপ্ত হয়।

পৰিদৰ্শনৰ শেষত বিষয়াসকলে দুগ্ধ কাৰখানাখনৰ পৰা বিভিন্ন সামগ্ৰী, একাউণ্ট বুক আৰু নথি-পত্ৰ অধিক তদন্তৰ বাবে জব্দ কৰে। তিৰুমালা ভেংকটেশ্বৰ মন্দিৰত প্ৰসাদ হিচাপে আগবঢ়োৱা তিৰুপতি লাডুৰ লাখ লাখ ভক্তৰ বাবে অপৰিসীম ধৰ্মীয় তাৎপৰ্য আছে। ভক্তিৰ ধৰ্মীয় আৱেগক আঘাত কৰা প্ৰসাদক লৈ ব্যাপক ক্ষোভৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু