--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিয়ঁহ শৰীৰৰ বাবে অতি উপকাৰী। গ্ৰীষ্মকালত এইবিধ পাচলি সহজতে পোৱা যায়। তিয়ঁহৰ বহু উপকাৰী গুণ আছে। তিয়ঁহৰ কি কি উপকাৰী গুণ আছে জানি লওক

১) যদি আপুনি তিয়ঁহ সেৱন কৰে, তেন্তে ই শৰীৰক হাইড্ৰেটেড কৰি ৰাখে আৰু শৰীৰত পানীৰ অভাৱ দূৰ কৰে, কাৰণ তিয়ঁহ খালে শৰীৰৰ বিষাক্ত পদাৰ্থ ওলাই যায় আৰু শৰীৰ সুস্থ হৈ থাকে।

২) গ্ৰীষ্মকালত তিয়ঁহ খালে পাচনতন্ত্ৰ মজবুত হয়। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। যাৰ ফলত কোষ্ঠকাঠিন্যৰ সমস্যাও দূৰ হয়।

৩) তিয়ঁহ খাই ৰক্তচাপৰ সমস্যা সহজে দূৰ কৰিব পাৰি। ইয়াত থকা পটাছিয়ামে ৰক্তচাপ হ্ৰাস কৰাৰ কাম কৰে।

৪) যদি আপুনি আপোনাৰ ওজন কম কৰিব বিচাৰে, তেন্তে আপুনি খাদ্যত তিয়ঁহ অন্তৰ্ভুক্ত কৰিব পাৰে। তিয়ঁহ সেৱন কৰিলে সহজে ওজন কমি যায়।

৫) তিয়ঁহ খালে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়। কাৰণ ইয়াত ভিটামিন চি পোৱা যায় যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

৬) দেহত কোনো অংশত পুৰিলে তাত তিয়ঁহৰ ৰস কপাহেৰে লগাই দিলে পোৰণি আৰু বিষ নাইকিয়া হয়।

৭) তিয়ঁহৰ ৰস সৌন্দৰ্য চৰ্চাৰ কামতো ব্যৱহাৰ কৰিব পাৰি। তিয়ঁহৰ ৰসে ভাল ক্লিনাৰ আৰু ময়শ্চাৰাইজাৰ ৰুপে কাম কৰে । মুখ আৰু দেহৰ সৌন্দৰ্যবৰ্ধনত তিয়ঁহৰ ৰস বিবিধ প্ৰকাৰে ব্যৱহাৰ কৰা হয়।

৮) দেহত পিত্তৰস বাঢ়ি গ’লে তিয়ঁহ খালে সুফল পোৱা যায়। তিয়ঁহক পিত্তনাশক বুলি কোৱা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক