--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলু বুলি ক’লেই বহুতে জাঁপ মাৰি উঠে৷ ভাতৰ পাতত আলু পৰিলেই যেন মানুহৰ চৰ্বি বাঢ়ি যাব তেনেকৈয়ো বহুতে ভাবে৷ বহুতে সেয়ে আলুক খাদ্য তালিকাৰ পৰা সমূলি বাদেই দিয়ে৷ কিন্তু আলুৰ আছে বহু কেইটা বিশেষ গুণ৷ 

লুৱে আমাক আন বহু ৰোগৰ পৰাও বচাই ৰাখিব পাৰে।  বৰ্তমান হাৰ্ট  এটেক অৰ্থাৎ হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বহু বৃদ্ধি পাইছে।

স্বাস্থ্য বিজ্ঞানী সকলৰ  মতে  আলুৱে হৃদযন্ত্ৰ ভাল ৰখাত এক মূখ্য  ভূমিকা গ্ৰহণ  কৰে। বহু চিকিৎসকে কয় যে  হৃদৰোগৰ পৰা হাত সাৰি থাকিবলৈ  আপুনি দৈনিক খাদ্য তালিকাত আলু ৰাখিব পাৰে। 
আলু ত্যাগ কৰা লোকতকৈ আলু খাবলৈ ভালপোৱা লোকৰ সংখ্যা কম নহয়। বহুলোকে  আলু অবিহনে কোনো পাচলি ৰন্ধাৰ কথা ভাবিবই নোৱাৰে। সোৱাদৰ উপৰি আলু শৰীৰৰ বাবেও বহু ক্ষেত্ৰত ভাল। 

দৰাচলতে   আলুত কলেষ্টেৰল বা সংপৃক্ত চৰ্বিৰ পৰিমাণ একেবাৰে কম। হৃদআক্ৰমণৰ আশংকা বৃদ্ধি কৰাত এই দুটা কাৰকে এক অগ্ৰণী ভূমিকা পালন কৰে। হৃদআক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ আলু দৈনিক খাব  পাৰি। 

আলুত প্ৰচুৰ পটাছিয়াম থাকে। কিন্তু ইয়াত  ছডিয়ামৰ পৰিমাণ অতি কমকৈ থাকে। ছডিয়ামে উচ্চ ৰক্তচাপ আৰু হৃদআক্ৰমণৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি হৃদযন্ত্ৰ ভালে ৰাখিবলৈ আলুৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।আঁহ সমৃদ্ধ আলুৱে তেজত গ্লুকোজৰ ভাৰসাম্য বজাই ৰাখে।

ফলস্বৰূপে, সামান্য পৰিমাণে আলু  খোৱাৰ পিছতো পেটটো দীৰ্ঘ সময়ৰ বাবে ভৰি থাকে। ফাইবাৰে হৃদযন্ত্ৰৰ সুৰক্ষাত সহায় কৰে। আলুত ভিটামিন চিৰ পৰিমাণো কম নহয়। ভিটামিন চি-য়ে ৰক্ত সঞ্চালন সক্ৰিয় কৰি ৰাখে। তেজ গোট মাৰিবলৈ নিদিয়ে। ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ দৰে সমস্যা বহু কমি যায় । হৃদৰোগৰ আক্ৰমণৰ আশংকাও কমি যায়। আলুক পৰিমিত ৰূপত খালে দেহৰ মেদ বৃদ্ধিৰ আশংকা মুঠেও নাথাকে৷ মেদ হ্ৰাস কৰিবলৈ আলু খোৱা বাদ দিয়াৰ সলনি নিয়মিত ব্যায়াম কৰিলেহে বেছি সুফল পোৱা যায়৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু