--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আলু বুলি ক’লেই বহুতে জাঁপ মাৰি উঠে৷ ভাতৰ পাতত আলু পৰিলেই যেন মানুহৰ চৰ্বি বাঢ়ি যাব তেনেকৈয়ো বহুতে ভাবে৷ বহুতে সেয়ে আলুক খাদ্য তালিকাৰ পৰা সমূলি বাদেই দিয়ে৷ কিন্তু আলুৰ আছে বহু কেইটা বিশেষ গুণ৷ 

লুৱে আমাক আন বহু ৰোগৰ পৰাও বচাই ৰাখিব পাৰে।  বৰ্তমান হাৰ্ট  এটেক অৰ্থাৎ হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বহু বৃদ্ধি পাইছে।

স্বাস্থ্য বিজ্ঞানী সকলৰ  মতে  আলুৱে হৃদযন্ত্ৰ ভাল ৰখাত এক মূখ্য  ভূমিকা গ্ৰহণ  কৰে। বহু চিকিৎসকে কয় যে  হৃদৰোগৰ পৰা হাত সাৰি থাকিবলৈ  আপুনি দৈনিক খাদ্য তালিকাত আলু ৰাখিব পাৰে। 
আলু ত্যাগ কৰা লোকতকৈ আলু খাবলৈ ভালপোৱা লোকৰ সংখ্যা কম নহয়। বহুলোকে  আলু অবিহনে কোনো পাচলি ৰন্ধাৰ কথা ভাবিবই নোৱাৰে। সোৱাদৰ উপৰি আলু শৰীৰৰ বাবেও বহু ক্ষেত্ৰত ভাল। 

দৰাচলতে   আলুত কলেষ্টেৰল বা সংপৃক্ত চৰ্বিৰ পৰিমাণ একেবাৰে কম। হৃদআক্ৰমণৰ আশংকা বৃদ্ধি কৰাত এই দুটা কাৰকে এক অগ্ৰণী ভূমিকা পালন কৰে। হৃদআক্ৰমণৰ আশংকা হ্ৰাস কৰিবলৈ আলু দৈনিক খাব  পাৰি। 

আলুত প্ৰচুৰ পটাছিয়াম থাকে। কিন্তু ইয়াত  ছডিয়ামৰ পৰিমাণ অতি কমকৈ থাকে। ছডিয়ামে উচ্চ ৰক্তচাপ আৰু হৃদআক্ৰমণৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি হৃদযন্ত্ৰ ভালে ৰাখিবলৈ আলুৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।আঁহ সমৃদ্ধ আলুৱে তেজত গ্লুকোজৰ ভাৰসাম্য বজাই ৰাখে।

ফলস্বৰূপে, সামান্য পৰিমাণে আলু  খোৱাৰ পিছতো পেটটো দীৰ্ঘ সময়ৰ বাবে ভৰি থাকে। ফাইবাৰে হৃদযন্ত্ৰৰ সুৰক্ষাত সহায় কৰে। আলুত ভিটামিন চিৰ পৰিমাণো কম নহয়। ভিটামিন চি-য়ে ৰক্ত সঞ্চালন সক্ৰিয় কৰি ৰাখে। তেজ গোট মাৰিবলৈ নিদিয়ে। ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ দৰে সমস্যা বহু কমি যায় । হৃদৰোগৰ আক্ৰমণৰ আশংকাও কমি যায়। আলুক পৰিমিত ৰূপত খালে দেহৰ মেদ বৃদ্ধিৰ আশংকা মুঠেও নাথাকে৷ মেদ হ্ৰাস কৰিবলৈ আলু খোৱা বাদ দিয়াৰ সলনি নিয়মিত ব্যায়াম কৰিলেহে বেছি সুফল পোৱা যায়৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক