--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেএনইউ, জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ মুম্বাই শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়েও মানি নল’লে নিষেধাজ্ঞা। টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে কেম্পাছৰ চৌহদত গোট খাই লেপটপ আৰু ফোনত  মোডীক লৈ বিবিচিয়ে কৰা বিতৰ্কিত তথ্যচিত্ৰখন চালে। প্ৰগতিশীল ছাত্ৰ মঞ্চৰ হৈ ছাত্ৰ-ছাত্ৰীৰ এটা অংশই এই পদক্ষেপ গ্ৰহণ কৰে। কেম্পাছৰ বাহিৰত এবিভিপিৰ সদস্যসকলে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে। পিছত আৰক্ষীয়ে গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

শিক্ষানুষ্ঠানখনেও আগতীয়াকৈ সকীয়াই দিছিল ছাত্ৰ-ছাত্ৰীসকলক। কোৱা হৈছিল যে ছাত্ৰ-ছাত্ৰীসকলে মোডীক লৈ বিবিচিৰ তথ্যচিত্ৰ চাবলৈ গোট খাব নালাগে। অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু এই আদেশ অমান্য কৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে একত্ৰিত হৈ তথ্যচিত্ৰখন চাবলৈ পৰিকল্পনা কৰে।

ইয়াৰ প্ৰতিবাদত এবিভিপি আৰু বিজেপিৰ যুৱ মৰ্চাৰ সদস্যসকলে সমবেত হৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। বিজেপিৰ মুম্বাই শাখাৰ মুৰব্বী আশীষ শ্বেলাই টুইটাৰযোগে সকীয়াই দিছে যে আৰক্ষীয়ে শীঘ্ৰে ইয়াক নিষিদ্ধ কৰিব লাগে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শনক লৈ দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত হুলস্থুলৰ সৃষ্টি হৈছিল। জেএনইউৰ পিছত জামিয়া কৰ্তৃপক্ষইও ‘মোডী কুৱেশ্বন’ শীৰ্ষক তথ্যচিত্ৰখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ বাবে শক্তিশালী স্থিতি গ্ৰহণ কৰে। যাৰ ফলত জামিয়া (জামিয়া বিশ্ববিদ্যালয়) চৌহদত হুলস্থুল আৰম্ভ হয়। এই পৰ্যন্ত হিংসা বিয়পোৱাৰ অপৰাধত ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক