--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জেএনইউ, জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ মুম্বাই শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়েও মানি নল’লে নিষেধাজ্ঞা। টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে কেম্পাছৰ চৌহদত গোট খাই লেপটপ আৰু ফোনত  মোডীক লৈ বিবিচিয়ে কৰা বিতৰ্কিত তথ্যচিত্ৰখন চালে। প্ৰগতিশীল ছাত্ৰ মঞ্চৰ হৈ ছাত্ৰ-ছাত্ৰীৰ এটা অংশই এই পদক্ষেপ গ্ৰহণ কৰে। কেম্পাছৰ বাহিৰত এবিভিপিৰ সদস্যসকলে ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰে। পিছত আৰক্ষীয়ে গৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

শিক্ষানুষ্ঠানখনেও আগতীয়াকৈ সকীয়াই দিছিল ছাত্ৰ-ছাত্ৰীসকলক। কোৱা হৈছিল যে ছাত্ৰ-ছাত্ৰীসকলে মোডীক লৈ বিবিচিৰ তথ্যচিত্ৰ চাবলৈ গোট খাব নালাগে। অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। কিন্তু এই আদেশ অমান্য কৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে একত্ৰিত হৈ তথ্যচিত্ৰখন চাবলৈ পৰিকল্পনা কৰে।

ইয়াৰ প্ৰতিবাদত এবিভিপি আৰু বিজেপিৰ যুৱ মৰ্চাৰ সদস্যসকলে সমবেত হৈ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। বিজেপিৰ মুম্বাই শাখাৰ মুৰব্বী আশীষ শ্বেলাই টুইটাৰযোগে সকীয়াই দিছে যে আৰক্ষীয়ে শীঘ্ৰে ইয়াক নিষিদ্ধ কৰিব লাগে।

উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লৈ বিবিচিৰ বিতৰ্কিত তথ্যচিত্ৰ প্ৰদৰ্শনক লৈ দিল্লীৰ জামিয়া মিলিয়া বিশ্ববিদ্যালয়ত হুলস্থুলৰ সৃষ্টি হৈছিল। জেএনইউৰ পিছত জামিয়া কৰ্তৃপক্ষইও ‘মোডী কুৱেশ্বন’ শীৰ্ষক তথ্যচিত্ৰখনৰ প্ৰদৰ্শন বন্ধ কৰাৰ বাবে শক্তিশালী স্থিতি গ্ৰহণ কৰে। যাৰ ফলত জামিয়া (জামিয়া বিশ্ববিদ্যালয়) চৌহদত হুলস্থুল আৰম্ভ হয়। এই পৰ্যন্ত হিংসা বিয়পোৱাৰ অপৰাধত ১২ গৰাকী ছাত্ৰ-ছাত্ৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু