--°C
Loading...
Listen to Article
2 min read
80%

কলিকতাঃ দেশত কৰ’নাৰ কাল ৰূপ। চৌদিশে এক হাহাকাৰময় পৰিৱেশ। তাৰে মাজতে পশ্চিমবংগত গংগা সাগৰ মেলাৰ বাবে চৰ্ত সাপেক্ষ অনুমতি প্ৰদান কৰিছে কলিকতা উচ্চ ন্যায়ালয়ে। কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ সময়তে গংগাৰ পাৰত চলিছে মেলাৰ বিশাল আয়োজন। একে সময়তে, ক’ভিডবিধি সম্পূৰ্ণৰূপে পালন কৰা হৈছে নে নাই তাক নিৰীক্ষণ কৰিবলৈ ৩জনীয়া সমিতিও গঠন কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। কলিকতা উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে, ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ কলিকতাত কৰ’না সংক্ৰমিতৰ হাৰ ৫৩.১০ শতাংশ। ইয়াৰোপৰি, দক্ষিণ ২৪ পৰগণাত কৰ’না সংক্ৰমণৰ হাৰ ১৯.৯৮ শতাংশ। য'ত গংগাসাগৰ দ্বীপ অৱস্থিত।

কলিকতা উচ্চ ন্যায়ালয়ে কয়, ‘কৰ’নাবিধি অনুসৰি আয়োজন কৰিব লাগিব মেলাখন। মেলালৈ যোৱা প্ৰতিগৰাকী ব্যক্তিয়ে পালন কৰিব লাগিব ক’ভিডবিধি।’ সমগ্ৰবিষয়টোৰ ওপৰত মুখ্যসচিবে নজৰ ৰাখিব বুলিও সদৰী কৰে আদালতে। উল্লেখ্য যে, ৩জনীয়া সমিতিখনত থাকিব মুখ্যসচিব। একে সময়তে, সমিতিত থাকিব বিৰোধী দলৰ নেতা বা তেওঁৰ প্ৰতিনিধি, মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ বা তেওঁৰ প্ৰতিনিধি। চৰকাৰে জাৰী কৰা নিয়মসমূহ মেলাৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলোৱে মানি চলিছে নে নাই তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাটোৱে হ’ব সমিতিখনৰ মূল কাম।


অৱশ্যে, আদালতে অনুমতি প্ৰদান কৰিলেও গংগা সাগৰৰ মেলাক লৈ আপত্তি দৰ্শাইছে বিভিন্ন জনে। কৰ’নাসৃষ্ট পৰিৱেশৰ মাজতে এইধৰণৰ অনাকাংক্ষিত অনুমতিয়ে জনসাধাৰণৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব বুলিয়েই সন্দেহ কৰিছে একাংশজনে। চিকিৎসকৰ এটা সজাতি দলেও কলিকতা উচ্চ ন্যায়ালয়ে ৰাজ্যখনত বৰ্তমান দেখা দিয়া কাল কৰ’নাৰ অবৰ্ণনীয় পৰিস্থিতিত মেলাখন তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিব বুলি মনতে পুহি ৰাখিছিল।

বহু সংখ্যক চিকিৎসক ইতিমধ্যে আক্ৰান্ত হৈছে কৰ’নাত। মেলাখন সুচাৰুৰূপে চলাই নিয়াৰ উদ্দেশ্যে, আৰক্ষী প্ৰশাসনৰ এটা বৃহত্‍ অংশ জড়িত থাকিব মেলাখনত। ফলস্বৰূপে, তাৰ পৰা তেওঁলোকৰ গালৈ কৰ’না সংক্ৰমিত হোৱাৰ আশংকাই এতিয়া অধিক ঘণীভূত হৈ পৰিছে। চিকিৎসক, প্ৰশাসনৰ লোক যদি ব্যাপক হাৰত কৰ’নাক্ৰান্ত হয় তেতিয়া ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনিৰ পৰা আইন-শৃংখলালৈ এক বিপৰ্যয়ৰ যে সন্মুখীন হ’ব তাকে লৈ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি