--°C
Loading...
Listen to Article
2 min read
80%

কলিকতাঃ দেশত কৰ’নাৰ কাল ৰূপ। চৌদিশে এক হাহাকাৰময় পৰিৱেশ। তাৰে মাজতে পশ্চিমবংগত গংগা সাগৰ মেলাৰ বাবে চৰ্ত সাপেক্ষ অনুমতি প্ৰদান কৰিছে কলিকতা উচ্চ ন্যায়ালয়ে। কৰ’না সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাৰ সময়তে গংগাৰ পাৰত চলিছে মেলাৰ বিশাল আয়োজন। একে সময়তে, ক’ভিডবিধি সম্পূৰ্ণৰূপে পালন কৰা হৈছে নে নাই তাক নিৰীক্ষণ কৰিবলৈ ৩জনীয়া সমিতিও গঠন কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে। কলিকতা উচ্চ ন্যায়ালয়ে এই সন্দৰ্ভত প্ৰদান কৰিছে গুৰুত্বপূৰ্ণ ৰায়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ মতে, ৩১ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ কলিকতাত কৰ’না সংক্ৰমিতৰ হাৰ ৫৩.১০ শতাংশ। ইয়াৰোপৰি, দক্ষিণ ২৪ পৰগণাত কৰ’না সংক্ৰমণৰ হাৰ ১৯.৯৮ শতাংশ। য'ত গংগাসাগৰ দ্বীপ অৱস্থিত।

কলিকতা উচ্চ ন্যায়ালয়ে কয়, ‘কৰ’নাবিধি অনুসৰি আয়োজন কৰিব লাগিব মেলাখন। মেলালৈ যোৱা প্ৰতিগৰাকী ব্যক্তিয়ে পালন কৰিব লাগিব ক’ভিডবিধি।’ সমগ্ৰবিষয়টোৰ ওপৰত মুখ্যসচিবে নজৰ ৰাখিব বুলিও সদৰী কৰে আদালতে। উল্লেখ্য যে, ৩জনীয়া সমিতিখনত থাকিব মুখ্যসচিব। একে সময়তে, সমিতিত থাকিব বিৰোধী দলৰ নেতা বা তেওঁৰ প্ৰতিনিধি, মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ বা তেওঁৰ প্ৰতিনিধি। চৰকাৰে জাৰী কৰা নিয়মসমূহ মেলাৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলোৱে মানি চলিছে নে নাই তাৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাটোৱে হ’ব সমিতিখনৰ মূল কাম।


অৱশ্যে, আদালতে অনুমতি প্ৰদান কৰিলেও গংগা সাগৰৰ মেলাক লৈ আপত্তি দৰ্শাইছে বিভিন্ন জনে। কৰ’নাসৃষ্ট পৰিৱেশৰ মাজতে এইধৰণৰ অনাকাংক্ষিত অনুমতিয়ে জনসাধাৰণৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব বুলিয়েই সন্দেহ কৰিছে একাংশজনে। চিকিৎসকৰ এটা সজাতি দলেও কলিকতা উচ্চ ন্যায়ালয়ে ৰাজ্যখনত বৰ্তমান দেখা দিয়া কাল কৰ’নাৰ অবৰ্ণনীয় পৰিস্থিতিত মেলাখন তৎক্ষণাৎ বন্ধ কৰিবলৈ নিৰ্দেশ দিব বুলি মনতে পুহি ৰাখিছিল।

বহু সংখ্যক চিকিৎসক ইতিমধ্যে আক্ৰান্ত হৈছে কৰ’নাত। মেলাখন সুচাৰুৰূপে চলাই নিয়াৰ উদ্দেশ্যে, আৰক্ষী প্ৰশাসনৰ এটা বৃহত্‍ অংশ জড়িত থাকিব মেলাখনত। ফলস্বৰূপে, তাৰ পৰা তেওঁলোকৰ গালৈ কৰ’না সংক্ৰমিত হোৱাৰ আশংকাই এতিয়া অধিক ঘণীভূত হৈ পৰিছে। চিকিৎসক, প্ৰশাসনৰ লোক যদি ব্যাপক হাৰত কৰ’নাক্ৰান্ত হয় তেতিয়া ৰাজ্যখনৰ স্বাস্থ্য আন্তঃগাঁথনিৰ পৰা আইন-শৃংখলালৈ এক বিপৰ্যয়ৰ যে সন্মুখীন হ’ব তাকে লৈ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক