--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'গেহৰাইয়া'ৰ প্ৰথম দৰ্শনীৰ মুক্তিৰ পাছৰ পৰাই তুংগত আছে চৰ্চা। ছবিখনৰ বিষয়বস্তুক লৈ নহয়, সিদ্ধান্ত চতুৰ্বেদী-দীপিকা পাডুকনৰ চুম্বনে মূলত হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। ১১ ফেব্ৰুৱাৰীত এমাজ’ন প্ৰাইমত ছবিখন মুক্তিপোৱাৰ পাছত দৰ্শকে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমালোচিত হ’বলগীয়া হৈছে পৰিচালকৰ পৰা প্ৰযোজকলৈকে, দীপিকাৰ পৰা সিদ্ধান্তলৈকে। ট্ৰেইলাৰত দেখুৱাৰ ধৰণে ছবিখনে মূল সুঁতিৰ পৰা ফালৰি কটা বুলি আক্ষেপ অনুৰাগীৰ। কিন্তু ছবিখনৰ অন্তৰংগ মুহূৰ্তৰ দৃশ্যসমূহক লৈ আজিও চৰ্চা অব্যাহত আছে। ছবিখনক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে সিদ্ধান্ত চতুৰ্বেদীয়ে কৰিছে স্পৰ্শকাতৰ মন্তব্য। এটা সাক্ষাৎকাৰত তেওঁৰে সহ অভিনেত্ৰী দীপিকাৰ প্ৰসংগত প্ৰশ্ন কৰা হৈছিল। সিদ্ধান্তই কয়, ‘দীপিকাক চুম্বন কৰোতে মই ৰণবীৰ সিঙক তেওঁৰ চকুত দেখা পাইছিলো। আৰু সেইকাৰণে মই 'জেন'ৰ চৰিত্ৰত অভিনয় কৰাৰ সাহস পাইছিলো।’ অভিনেতাজনৰ এই প্ৰতিক্ৰিয়াৰ পাছতে অনুষ্ঠানত উপস্থিত দৰ্শকৰ মাজত হাঁহিৰ ৰোল উঠিছিল। সিদ্ধান্তই লগতে কয়, ‘বলীউডৰ এগৰাকী আগশাৰীৰ নায়িকা হোৱা স্বত্বেও, দীপিকাই সহ-অভিনেতা আৰু অভিনেত্ৰীসকলৰ সৈতে সহজে মিলি গৈছে। তেওঁৰ পৰা যথেষ্টখিনি শিকিবলৈ পাইছো। মই কৃতজ্ঞ।’ তেওঁৰ প্ৰথম ছবি 'গালী বয়'ৰ কথাও মনত পৰিছে অভিনেতাজনৰ। ৰণবীৰেও অভিনয়ত দিশত বহুখিনি সহায় কৰিছে। সেইবাবে, অভিনয়ৰ সময়ত দীপিকাৰ চকুত ৰণবীৰক দেখা পাই সুখী বু‌লি মত সিদ্ধান্তৰ। একে সময়তে, তেওঁ কয়, ‘মই ৰণবীৰক দীপিকা ৰ দুচকুত দেখিছো। কেৱল সেয়াই নহয়, মই ৰণবীৰে মোক ভাল অভিনয় কৰা বুলি কৰিছে প্ৰশংসা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু