--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'গেহৰাইয়া'ৰ প্ৰথম দৰ্শনীৰ মুক্তিৰ পাছৰ পৰাই তুংগত আছে চৰ্চা। ছবিখনৰ বিষয়বস্তুক লৈ নহয়, সিদ্ধান্ত চতুৰ্বেদী-দীপিকা পাডুকনৰ চুম্বনে মূলত হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। ১১ ফেব্ৰুৱাৰীত এমাজ’ন প্ৰাইমত ছবিখন মুক্তিপোৱাৰ পাছত দৰ্শকে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সমালোচিত হ’বলগীয়া হৈছে পৰিচালকৰ পৰা প্ৰযোজকলৈকে, দীপিকাৰ পৰা সিদ্ধান্তলৈকে। ট্ৰেইলাৰত দেখুৱাৰ ধৰণে ছবিখনে মূল সুঁতিৰ পৰা ফালৰি কটা বুলি আক্ষেপ অনুৰাগীৰ। কিন্তু ছবিখনৰ অন্তৰংগ মুহূৰ্তৰ দৃশ্যসমূহক লৈ আজিও চৰ্চা অব্যাহত আছে। ছবিখনক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে সিদ্ধান্ত চতুৰ্বেদীয়ে কৰিছে স্পৰ্শকাতৰ মন্তব্য। এটা সাক্ষাৎকাৰত তেওঁৰে সহ অভিনেত্ৰী দীপিকাৰ প্ৰসংগত প্ৰশ্ন কৰা হৈছিল। সিদ্ধান্তই কয়, ‘দীপিকাক চুম্বন কৰোতে মই ৰণবীৰ সিঙক তেওঁৰ চকুত দেখা পাইছিলো। আৰু সেইকাৰণে মই 'জেন'ৰ চৰিত্ৰত অভিনয় কৰাৰ সাহস পাইছিলো।’ অভিনেতাজনৰ এই প্ৰতিক্ৰিয়াৰ পাছতে অনুষ্ঠানত উপস্থিত দৰ্শকৰ মাজত হাঁহিৰ ৰোল উঠিছিল। সিদ্ধান্তই লগতে কয়, ‘বলীউডৰ এগৰাকী আগশাৰীৰ নায়িকা হোৱা স্বত্বেও, দীপিকাই সহ-অভিনেতা আৰু অভিনেত্ৰীসকলৰ সৈতে সহজে মিলি গৈছে। তেওঁৰ পৰা যথেষ্টখিনি শিকিবলৈ পাইছো। মই কৃতজ্ঞ।’ তেওঁৰ প্ৰথম ছবি 'গালী বয়'ৰ কথাও মনত পৰিছে অভিনেতাজনৰ। ৰণবীৰেও অভিনয়ত দিশত বহুখিনি সহায় কৰিছে। সেইবাবে, অভিনয়ৰ সময়ত দীপিকাৰ চকুত ৰণবীৰক দেখা পাই সুখী বু‌লি মত সিদ্ধান্তৰ। একে সময়তে, তেওঁ কয়, ‘মই ৰণবীৰক দীপিকা ৰ দুচকুত দেখিছো। কেৱল সেয়াই নহয়, মই ৰণবীৰে মোক ভাল অভিনয় কৰা বুলি কৰিছে প্ৰশংসা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু