--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
মংগেশকাৰ পৰিয়ালৰ সৈতে মোৰ বহু বছৰৰ আন্তৰিক সম্পৰ্ক। বিভিন্ন সময়ত সেয়ে মোৰ একাধিকবাৰ লতাজীৰ মুম্বাইস্থিত বাসগৃহ ‘প্ৰভুকুঞ্জ’ত পদাপৰ্ণ কৰাৰ সৌভাগ্য ঘটিছিল। ‘প্ৰভুকুঞ্জ’ত লতাজীৰ লগতে ভগ্নী ঊষা মংগেশকাৰ আৰু ভাতৃ হৃদয়নাথ মংগেশকাৰৰো বাসগৃহ। বিগত অক্টোবৰ মাহতো লতাজীৰ স্বাস্থ্যৰ খবৰ ল’বলৈ মই ‘প্ৰভুকুঞ্জ’লৈ গৈছিলোঁ আৰু ইয়াৰ প্ৰায় ৩ মাহৰ পাছত লতাজীৰ দেহাৱসান ঘটিল! লতাজীৰ অন্তিম যাত্ৰাত অংশ লোৱাৰ একান্ত ইচ্ছা আছিল যদিও কাৰিকৰী কাৰণত সেয়া সম্ভৱ হৈ নুঠিল। সেয়ে বিগত ১২ ফেব্ৰুৱাৰীত মুম্বাইলৈ গৈ ১৩ ফেব্ৰুৱাৰীত ‘প্ৰভুকুঞ্জ’ পালোগৈ। স্বাভাৱিকতেই পৰিৱেশতো গোমা। পৰিয়ালটোৰ বটবৃক্ষগৰাকী নোহোৱা হোৱাত এজনে আনজনৰ চকুলৈ চাব নোৱাৰা অৱস্থা। লতাজীৰ শোৱনি কোঠাৰ কাষতে থকা ড্ৰয়িং ৰূমটোত ফুলৰ মাজত সজাই থোৱা আছে লতাজীৰ হাঁহিমুখীয়া এখন ফটো। জ্বলি আছে এগছি চাকি। লতাজীৰ ঘৰত প্ৰৱেশ কৰিয়েই অসমৰ পৰা অতি আদৰেৰে লৈ যোৱা এখনি গামোচা লতাজীৰ ফটোৰ কাষত সযতনে ৰাখিলোঁ। আঁঠুকাঢ়ি প্ৰণামো জনালোঁ। তাৰ পাছত ‘প্ৰাগ পৰিয়াল’ আৰু ‘ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস’ৰ ফালৰ পৰা লৈ যোৱা ২টা শোকবাৰ্তা প্ৰদান কৰিলোঁ ঊষা মংগেশকাৰৰ হাতত। তাৰ পাছত হৃদয়নাথ মংগেশকাৰ আৰু ঊষা মংগেশকাৰৰ লগতে লতাজীৰ ভতিজা আদিনাথ মংগেশকাৰ আৰু ময়ুৰেশ পাইৰ লগত বিশেষভাৱে পাৰ কৰিলোঁ প্ৰায় ৪৫ মিনিট সময়। কথা প্ৰসংগ নিশ্চিতভাৱে লতাজী। মূলতঃ স্থান পালে লতাজীৰ অসমপ্ৰেমে। ঊষা দিদিয়ে ক’লে, ‘লতাদিদি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ গ’লেও অসমৰ প্ৰতি এক সুকীয়া অনুভূতি আছিল। ভূপেন দাৰ বাবেই সেয়া সম্ভৱ হৈ উঠিছিল। দিদিয়ে জীৱনৰ শেষ সময়লৈ প্ৰায়েই অসমৰ কথা কৈ থাকিল। ভূপেনদাৰ সৈতে অসমত অনুষ্ঠান পৰিৱেশনৰ স্মৃতিয়ে দিদিক বৰকৈ আমনি কৰিছিল। বহু সময়ত অসমলৈ যোৱাৰ ইচ্ছা থকাৰ কথাও ব্যক্ত কৰিছিল।’ আদিনাথ মংগেশকাৰে ক’লে, ‘১৯৯৫ চনত গুৱাহাটীলৈ যাওঁতে লতাদিৰ লগত ময়ো গৈছিলোঁ। অনুষ্ঠানৰ পিছদিনা আমি উমানন্দলৈ গৈছিলো। সেইদিনা মন্দিৰত এটা প্ৰকাণ্ড ফেঁটি সাপ আমি দেখিছিলোঁ। লতাজীয়ে মোক সাপটো দেখুৱাই দিছিল। দিদিয়ে তেতিয়া কৈছিল উমানন্দ জাগ্ৰত। পাছত বহুদিনলৈ দিদিয়ে সেই কথা কৈ থকা আজি মোৰ মনলৈ আহিছে।’ এনে সময়ত চাহৰ কাপ আগবঢ়াই দিলে আদিনাথ মংগেশকাৰৰ পত্নী কৃষ্ণা মংগেশকাৰে। ঊষা দিদিয়ে ক’লে, ‘অসমৰ চাহ’। আহিবৰ সময়ত মই লগত নিয়া আনখন গামোচা হৃদয়নাথ মংগেশকাৰৰ হাতত তুলি দি প্ৰণিপাত কৰিলোঁ। তেনে সময়তেই ঊষা দিদিয়ে ক’লে, ফটোৰ কাষত দিয়া গামোচাখন লতাজীৰ ৰূমত সযতনে আমি ৰাখিম। এয়া অসম আৰু গোদাবৰীৰ সম্পৰ্কৰ বান্ধোন।’ ইয়াৰ পাছত এক উকা উকা মন লৈ প্ৰভুকুঞ্জ এৰিছিলোঁ। মনত বাৰে বাৰে খুন্দিয়াইছিল লতাজীৰ লগত ২০২১ চনৰ আগষ্ট মাহত মই টেলিফোনত পতা কথাখিনি। বানপানী আৰু কৰ’নাত জৰ্জৰিত অসম। তেনে সময়ত অসমবাসীৰ খবৰ ল’বলৈ সেইদিনা মোলৈ লতাজীৰ ফোন। কৈছিল-‘ভূপেন দাৰ অসমত ৰাইজৰ দুখ হৈছে। মোৰ অন্তৰ কান্দি উঠিছে।’ আদিনাথ মংগেশকাৰে সেইদিনা ফোনটো লগাই দিছিল লতাজীক। প্ৰায় ৪ মিনিট সময় সেইদিনা লতাজীৰ সৈতে মোৰ হৈছিল বাৰ্তালাপ। বাৰে বাৰে তেওঁ মাথোঁ কৈছিল ভূপেনদাৰ কথা। ইয়াৰ পূৰ্বে ‘প্ৰাগ প্ৰেৰণা’ বঁটা প্ৰদান অনুষ্ঠানত লতাজীয়ে মুম্বাইৰ পৰা টেলিফোনত কিছু বক্তব্য আগবঢ়াইছিল। সেইদিনা ঊষা মংগেশকাৰৰ উদ্যোগত ময়েই টেলিফোনযোগেই সংযোগ কৰিছিলোঁ লতাজীৰ সৈতে। লতাজীয়ে সেইদিনা স্মৰণ কৰিছিল ‘জোনাকৰে ৰাতি অসমীৰে মাটি...’ সেই বিখ্যাত গীতটিৰ কথা। লতাজীৰ সেই স্মৃতিয়ে মোক সেইদিনা বৰকৈ আমনি কৰিছিল। মই নীৰৱে চকুলো টুকিছিলোঁ। উল্লেখ্য যে, ঊষা মংগেশকাৰ আৰু পত্নীসহ আদিনাথ মংগেশকাৰ কেইবাবাৰো অসমলৈ আহিছে বিগত ৫টা বছৰত। প্ৰতিবাৰেই যোগাযোগৰ মাধ্যম আছিলোঁ আমি গুৱাহাটী, মাজুলীৰ বহু ঠাই আমি একেলগে ঘূৰিছোঁ। তেতিয়া ঊষা দিদিৰ মুখেৰে লতাজীৰ নজনা বহু কথাও জানিব পাৰিছিলোঁ। ঊষা মংগেশকাৰ, মই পাণবজাৰলৈ গৈ লতাজীৰ বাবে পাটৰ মেখেলা-চাদৰো কিনিছোঁ। ঊষা দিদিয়ে লতাজীলৈ ভিডিঅ’ কল কৰি কাপোৰ বাছনি কৰিবলৈ দিয়া দৃশ্যৰো সাক্ষী হৈছো। এয়া মোৰ জীৱনৰ মচিব নোৱাৰা অভিজ্ঞতা। ১৩ ফেব্ৰুৱাৰীত মই লতাজীৰ ঘৰত। ১৬ ফেব্ৰুৱাৰী ’২২ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ‘প্ৰভুকুঞ্জ’ত। লতাজীক শ্ৰদ্ধাঞ্জলি আৰু পৰিয়ালক সমবেদনা জনোৱাৰ উদ্দেশ্যেৰেই মুখ্যমন্ত্ৰী প্ৰভুকুঞ্জত। ইয়াৰ পাছত ছ’চিয়েল মিডিয়াত এখন ফটো বিশেষভাৱে প্ৰচাৰ হ’ল। প্ৰভুকুঞ্জৰ লতাজীৰ ড্ৰয়িং ৰূমত থকা সুৰ সম্ৰাজ্ঞীৰ ফটো থোৱা বেদীত আটোমটোকাৰিকৈ সজোৱা হৈছে এখন গামোচা। সকলোৱে মংগেশকাৰ পৰিয়ালৰ অসমপ্ৰেমক ভূয়সী প্ৰশংসা কৰিছে সামাজিক মাধ্যমত। ফটোখন দেখি উভতি গ’লো লতাজীৰ ফটোৰ কাষত মই গামোচাখন থৈ অহা সেই বিশেষ মুহূৰ্তটিলৈ। লগতে ঊষা দিদিৰ সেই কথাষাৰিলৈ, ‘গামোচাখন দিদিৰ ৰূমত সযতনে ৰাখিম। অসম আমাৰ বৰ আপোন’। গুৱাহাটীৰ পৰা পুনৰ চেল্যুট জনালোঁ মহান মংগেশকাৰৰ পৰিয়ালক। এয়া আন্তৰিকতা, আৱেগ আৰু সংস্কৃতিৰে বন্ধা বান্ধোন। সংগীত, সংস্কৃতিয়ে কেনেকৈ সমন্ধ গঢ়ে এয়া তাৰ শ্ৰেষ্ঠ উদাহৰণ। গোদাবৰী আৰু লুইতৰ পাৰ যেন একাকাৰ হৈ পৰিছিল দুই ভাৰতৰত্ন ভূপেনদা আৰু লতাজীৰ সাংগিতীক যাত্ৰাত। দুই ভাৰতৰত্ন আজি নাই। কিন্তু থাকি গ’ল সেই অমিয়া সুৰ আৰু সম্পৰ্ক। লতাজীৰ ফটোৰ বেদীত থকা অসমীয়া স্বাভিমান গামোচাখনে বহু কথাই ক’ব খুজিলে। লতাজীয়ে যেন পুনৰ সাৰ পাই উঠি গাবলৈ ধৰিছে ‘গোদাবৰী নৈৰ পাৰৰে পৰা অসমী আইলৈ যাচো প্ৰণাম...’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement