--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • 'মিৰ্জাপুৰ' ছবিখন ২০২৬ চনৰ শেষৰ ফালে ছবিগৃহত মুক্তি পাব পাৰে। বৰ্তমান ছবিখনৰ চিত্ৰনাট্য আৰু প্ৰাক-নিৰ্মাণৰ কাম চলি আছে।

ডিজিটেল ডেস্কঃ অ'টিটি প্লেটফৰ্মত খলকনি তোলাৰ পিছত এতিয়া 'মিৰ্জাপুৰ'ৰ কাহিনীয়ে ছবিগৃহ কঁপাবলৈ সাজু হৈছে। 'মিৰ্জাপুৰ: দ্য মুভি' (Mirzapur: The Movie) নিৰ্মাণৰ কথা ঘোষণা কৰাৰ পৰাই অনুৰাগীসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। শেহতীয়া খবৰ অনুসৰি, এই ছবিখনৰ মুক্তিৰ তাৰিখ আৰু ইয়াৰ অভিনেতা-অভিনেত্ৰীসকলৰ তালিকা প্ৰকাশ পাইছে।


তথ্য অনুসৰি, 'মিৰ্জাপুৰ' ছবিখন ২০২৬ চনৰ শেষৰ ফালে ছবিগৃহত মুক্তি পাব পাৰে। বৰ্তমান ছবিখনৰ চিত্ৰনাট্য আৰু প্ৰাক-নিৰ্মাণৰ কাম চলি আছে।


কোন কোন থাকিব চিনেমাখনত? 


এই ছবিখনত আমি পুনৰবাৰ সেই সকলোবোৰ জনপ্ৰিয় চৰিত্ৰক দেখিবলৈ পাম যিয়ে ৱেব চিৰিজখনক সফল কৰি তুলিছিল।


পংকজ ত্ৰিপাঠী: কালীন ভাইয়াৰ চৰিত্ৰত পুনৰবাৰ তেওঁৰ দপদপনি দেখিবলৈ পোৱা যাব।


আলী ফৈজল: গুড্ডু পন্ডিতৰ ৰূপত তেওঁক আকৌ এবাৰ ছবিত দেখা যাব ।


দিব্যেন্দু শৰ্মা: অনুৰাগীৰ বাবে আটাইতকৈ ডাঙৰ খবৰটো হ'ল 'মুন্না ভাইয়া'ৰ প্ৰত্যাৱৰ্তন। ছবিখনত তেওঁক এক বিশেষ ধৰণে উপস্থাপন কৰা হ’ব।


অভিষেক বেনাৰ্জী: কম্পাউণ্ডাৰৰ চৰিত্ৰত তেওঁকো দেখা পোৱাৰ সম্ভাৱনা আছে।



ৱেব চিৰিজৰ অভিনেতা-অভিনেত্ৰীসকলৰ উপৰিও ছবিখনত কিছুমান নতুন মুখ দেখা পোৱা যাব। খবৰ অনুসৰি, বলীউডৰ এজন ডাঙৰ তাৰকাই এই ছবিখনত খলনায়কৰ ভূমিকা পালন কৰিব পাৰে, যিয়ে কালীন ভাইয়া আৰু গুড্ডু পন্ডিতক প্ৰত্যাহ্বান জনাব।


নিৰ্মাতাসকলে জনাইছে যে যিসকলে ৱেব চিৰিজখন চোৱা নাই, তেওঁলোকেও এই ছবিখন চাব পাৰিব। ইয়াক এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে ছবিগৃহত দৰ্শকে এক নতুন অভিজ্ঞতা লাভ কৰে। 'মিৰ্জাপুৰ'ৰ সেই চিৰাচৰিত ডাইলগ, একচন আৰু ক্ৰাইম ড্ৰামা চিনেমাৰ পৰ্দাত আৰু অধিক ভয়ংকৰ হ’ব।


প্ৰযোজক ফাৰহান আখটাৰ আৰু ৰিতেশ চিধৱানীৰ 'এক্সেল এণ্টাৰটেইনমেণ্ট'ৰ বেনাৰত এই ছবিখন নিৰ্মাণ কৰা হ’ব। এতিয়া মাথোঁ অপেক্ষা ছবিখনৰ টিজাৰ আৰু ট্ৰেইলাৰলৈ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু