--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ কেন উইলিয়ামছন তৃতীয়বাৰৰ বাবে পিতৃ হৈছে। তেওঁৰ পত্নী চাৰাই এটি কন্যা সন্তানৰ জন্ম দিছে। উইলিয়ামছনে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক এই ভাল খবৰটো  দিছিল। তেওঁ পত্নী আৰু নৱজাতক কন্যাৰ  সৈতে ফটোও শ্বেয়াৰ কৰিছে। উইলিয়ামছনৰ পূৰ্বৰে পৰা  দুটি সন্তান আছে। তেওঁৰ কন্যাৰ  বয়স প্ৰায় তিনি বছৰ আৰু পুত্ৰৰ বয়স প্ৰায় এবছৰ। এতিয়া তেওঁৰ পত্নীয়ে আন এজনী কন্যা সন্তান জন্ম দিছে। শেহতীয়াকৈ, বিৰাট কোহলীও   দ্বিতীয়বাৰৰ বাবে পিতৃ হৈছে। বিৰাটৰ পত্নী অনুষ্কা শৰ্মাই এটি  পুত্ৰ সন্তান জন্ম দিছিল।
 

 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Kane Williamson (@kane_s_w)



কন্যা সন্তান জন্ম হোৱাৰ পিছতে  উইলিয়ামছনে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। ছবিত তেওঁক তেওঁৰ পত্নী আৰু কন্যাৰ  সৈতে দেখা যায়। উইলিয়ামছনে শিৰোনামটোত লিখিছে, "এই পৃথিৱীলৈ স্বাগতম ধুনীয়া ছোৱালী। তোমাৰ  সুৰক্ষিত আগমন আৰু আগন্তুক যাত্ৰাৰ বাবে তোমাক  ধন্যবাদ," । সহযোগী খেলুৱৈসকলৰ লগতে অনুৰাগীসকলেও তেওঁলোকক অভিনন্দন জনাইছে। উইলিয়ামছন কিছুদিন ধৰি  ছুটীত আছে। তেওঁ  পত্নী চাৰাক সম্পূৰ্ণ সময় দি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক