--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ কেন উইলিয়ামছন তৃতীয়বাৰৰ বাবে পিতৃ হৈছে। তেওঁৰ পত্নী চাৰাই এটি কন্যা সন্তানৰ জন্ম দিছে। উইলিয়ামছনে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক এই ভাল খবৰটো  দিছিল। তেওঁ পত্নী আৰু নৱজাতক কন্যাৰ  সৈতে ফটোও শ্বেয়াৰ কৰিছে। উইলিয়ামছনৰ পূৰ্বৰে পৰা  দুটি সন্তান আছে। তেওঁৰ কন্যাৰ  বয়স প্ৰায় তিনি বছৰ আৰু পুত্ৰৰ বয়স প্ৰায় এবছৰ। এতিয়া তেওঁৰ পত্নীয়ে আন এজনী কন্যা সন্তান জন্ম দিছে। শেহতীয়াকৈ, বিৰাট কোহলীও   দ্বিতীয়বাৰৰ বাবে পিতৃ হৈছে। বিৰাটৰ পত্নী অনুষ্কা শৰ্মাই এটি  পুত্ৰ সন্তান জন্ম দিছিল।
 

 
 
 
 
 
View this post on Instagram
 
 
 
 
 
 
 
 
 
 
 

A post shared by Kane Williamson (@kane_s_w)



কন্যা সন্তান জন্ম হোৱাৰ পিছতে  উইলিয়ামছনে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে। ছবিত তেওঁক তেওঁৰ পত্নী আৰু কন্যাৰ  সৈতে দেখা যায়। উইলিয়ামছনে শিৰোনামটোত লিখিছে, "এই পৃথিৱীলৈ স্বাগতম ধুনীয়া ছোৱালী। তোমাৰ  সুৰক্ষিত আগমন আৰু আগন্তুক যাত্ৰাৰ বাবে তোমাক  ধন্যবাদ," । সহযোগী খেলুৱৈসকলৰ লগতে অনুৰাগীসকলেও তেওঁলোকক অভিনন্দন জনাইছে। উইলিয়ামছন কিছুদিন ধৰি  ছুটীত আছে। তেওঁ  পত্নী চাৰাক সম্পূৰ্ণ সময় দি আছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু