--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ বাবে দেশত বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ চলিছে৷ বিজেপিৰ আগ্ৰাসী ৰাজনীতিক ৰুধিবলৈ দেশৰ আঞ্চলিক দলসমূহো তৎপৰ হৈ পৰিছে৷ মমতা বেনাৰ্জী, কেচিআৰ, এমকে ষ্টেলিনে পৃথকে পৃথকে অব্যাহত ৰাখিছে প্ৰচেষ্টা৷ 

বিৰোধীৰ উমৈহতীয়া মঞ্চ গঠনেৰে তৃতীয় বিকল্প মৰ্চা গঠনৰ বাবেও চলিছে তৎপৰতা৷ এই মৰ্চাৰ বাবে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপকো আহ্বান জনোৱা হৈছে যদিও কেজৰিৱালে আশানুৰূপ সঁহাৰি প্ৰদৰ্শন কৰা নাই৷ 

প্ৰস্তাৱিত তৃতীয় মৰ্চা গঠন হ’লে অসমৰ লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদো তাৰ অন্তৰ্ভুক্ত হ’ব৷ আজি নতুন দিল্লীত তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু সমাজবাদী পাৰ্টীৰ সভাপতি তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰ সৈতে এক ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰি অজাপ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই বিষয়ে আলোচনা কৰে৷ 

উল্লেখযোগ্য যে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও নেতৃত্বাধীন তেলেংগানা ৰাষ্ট্ৰ সমিতি দলটোয়ে আজি নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত দলৰ নাম সলনি কৰি ভাৰতীয় ৰাষ্ট্ৰ সমিতি (বি আৰ এছ) ঘোষণা কৰে৷ এই উপলক্ষে ৮ শ পুৰোহিতেৰে যজ্ঞ আয়োজন কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা আমন্ত্ৰণ কৰি অনা বিভিন্ন বিজেপিবিৰোধী ৰাজনৈতিক নেতৃত্বৰ সৈতে আলোচনা কৰে দলটোৰ সভাপতি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে৷ 

উক্ত আলোচনালানিৰ অংশ হিচাপে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ সৈতে তেওঁ আঢ়ৈ ঘন্টাজোৰা দীঘলীয়া আলোচনাত মিলিত হয়৷ উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱেও উক্ত আলোচনাত অংশগ্ৰহণ কৰে৷ জাতীয় পৰিষদৰ যুটীয়া সম্পাদক কাষ্টম বসুমতাৰী উক্ত বৈঠকত উপস্থিত আছিল৷

বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপি বিৰোধী বিকল্প মৰ্চা গঠনৰ বিষয়ে আলোচনা কৰা হয়৷ তেনে মৰ্চা গঠনৰ জৰিয়তে বিজেপিক ক্ষমতাচ্যুত কৰাত আগভাগ ল’বলৈ ৰাও আৰু সিঙক গগৈয়ে আহ্বান জনায়৷

উল্লেখযোগ্য যে কে চন্দ্ৰশেখৰ ৰাওৰ দল টি আৰ এছে (বৰ্তমান বি আৰ এছ) কা বিৰোধী স্থিতি গ্ৰহণ কৰি অসমৰ জাতীয়তাবাদী চেতনাৰ প্ৰতি সমৰ্থন-সহযোগিতা আগবঢ়াইছিল৷ সেয়ে স্বাভাৱিকতে অসম জাতীয় পৰিষদৰ সৈতে হোৱা উক্ত আলোচনা অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে৷

বৈঠকৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে ভাৰতবৰ্ষৰ আঞ্চলিক দলসমূহৰ গুৰুত্ব আৰু প্ৰাসংগিতা সদায় আছে আৰু থাকিব৷ সেয়ে আঞ্চলিক শক্তিসমূহৰ সমন্বয়ৰ প্ৰয়োজন৷ আজিৰ আলোচনা তেনে এক সমন্বয়ৰ প্ৰয়াস বুলি উল্লেখ কৰি গগৈয়ে কয় যে আঞ্চলিক ৰাজনৈতিক দলসমূহক উপেক্ষা কৰি ২০২৪ৰ লোকসভা নিৰ্বাচনত কোনো এটা পক্ষই কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে৷ গতিকে আঞ্চলিক দলসমূহৰ মাজত সমন্বয় স্থাপন কৰাটো এতিয়া সময়ৰ আহ্বান৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement