--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। এনে সময়তে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত পুনৰ বিজেপি নেতৃত্বাধীন এনডিএই চৰকাৰ গঠন কৰিব বুলি আশাবাদী।  আজি ১১০ সংখ্যক 'মন কি বাত'ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে  তেওঁ কয় যে লোকসভা নিৰ্বাচন আৰু  নিৰ্বাচনী আদৰ্শ আচৰণ বিধিৰ বাবে অহা তিনি মাহৰ বাবে 'মন কি বাত'ৰ  কোনো খণ্ড সম্প্ৰচাৰিত  নহ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত জুন মাহত 'মন কি বাত'ত তেওঁ পুনৰ  শ্ৰোতাসকলক সম্বোধন কৰিব।

 প্ৰধানমন্ত্ৰীয়ে কয় যে ১১১ সংখ্যক 'মন কি বাত'ক সম্বোধন কৰাটো তেওঁৰ বাবে আশীৰ্বাদ হ'ব। ১১১ নম্বৰক হিন্দু ধৰ্মত শুভ বুলি গণ্য কৰা হয়।তেওঁ কয় " এয়া নিৰ্বাচনী আচৰণ বিধি সম্বৱতঃ মাৰ্চ মাহত  কাৰ্যকৰী হ'ব। এয়া  মন কি বাতৰ এটা ডাঙৰ সফলতা যে  যোৱা ১১০  টা খণ্ডত, আমি ইয়াক চৰকাৰৰ প্ৰভাৱৰ  পৰা আঁতৰাই ৰাখিছো। মন কি বাতত আমি দেশৰ সামূহিক শক্তি, দেশৰ সাফল্যৰ বিষয়ে কথা পাতিছো। 

এয়া  এক প্ৰকাৰে মানুহৰ , মানুহৰ বাবে আৰু মানুহৰ দ্বাৰা এক কাৰ্যসূচী হিচাবে পৰিগণিত হৈছে । লোকসভা নিৰ্বাচনৰ বিধি মানি চলি  মন কি বাত কাৰ্যসূচী অহা তিনি মাহৰ বাবে সম্প্ৰচাৰ কৰা নহ'ব," ৷ তেওঁ লগতে কয়, "পৰৱৰ্তী সময়ত যেতিয়া আমি এই কাৰ্যসূচী আৰম্ভ কৰিম, তেতিয়া ই হ'ব মন কি বাতৰ ১১১ সংখ্যক খণ্ড। পৰৱৰ্তী সময়ত,  মন কি বাত ১১১ সংখ্যক শুভ সংখ্যাৰে আৰম্ভ হ’ব, ইয়াতকৈ ভাল কথা কি হ'ব পাৰে।" প্ৰধানমন্ত্ৰী মোদীয়ে মন কি বাত হেচটেগৰ সৈতে জনতাক মন কি বাতৰ খণ্ডসমূহ    সামাজিক মাধ্যমতপ্ৰচাৰ কৰিবলৈও আহ্বান জনায়। তেওঁ লোকসকলক ইউটিউবত মন কি বাত খণ্ডৰ চুটি ভিডিঅ' শ্বেয়াৰ কৰি থাকিবলৈও আহ্বান জনায় । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ