--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। এনে সময়তে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত পুনৰ বিজেপি নেতৃত্বাধীন এনডিএই চৰকাৰ গঠন কৰিব বুলি আশাবাদী।  আজি ১১০ সংখ্যক 'মন কি বাত'ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে  তেওঁ কয় যে লোকসভা নিৰ্বাচন আৰু  নিৰ্বাচনী আদৰ্শ আচৰণ বিধিৰ বাবে অহা তিনি মাহৰ বাবে 'মন কি বাত'ৰ  কোনো খণ্ড সম্প্ৰচাৰিত  নহ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত জুন মাহত 'মন কি বাত'ত তেওঁ পুনৰ  শ্ৰোতাসকলক সম্বোধন কৰিব।

 প্ৰধানমন্ত্ৰীয়ে কয় যে ১১১ সংখ্যক 'মন কি বাত'ক সম্বোধন কৰাটো তেওঁৰ বাবে আশীৰ্বাদ হ'ব। ১১১ নম্বৰক হিন্দু ধৰ্মত শুভ বুলি গণ্য কৰা হয়।তেওঁ কয় " এয়া নিৰ্বাচনী আচৰণ বিধি সম্বৱতঃ মাৰ্চ মাহত  কাৰ্যকৰী হ'ব। এয়া  মন কি বাতৰ এটা ডাঙৰ সফলতা যে  যোৱা ১১০  টা খণ্ডত, আমি ইয়াক চৰকাৰৰ প্ৰভাৱৰ  পৰা আঁতৰাই ৰাখিছো। মন কি বাতত আমি দেশৰ সামূহিক শক্তি, দেশৰ সাফল্যৰ বিষয়ে কথা পাতিছো। 

এয়া  এক প্ৰকাৰে মানুহৰ , মানুহৰ বাবে আৰু মানুহৰ দ্বাৰা এক কাৰ্যসূচী হিচাবে পৰিগণিত হৈছে । লোকসভা নিৰ্বাচনৰ বিধি মানি চলি  মন কি বাত কাৰ্যসূচী অহা তিনি মাহৰ বাবে সম্প্ৰচাৰ কৰা নহ'ব," ৷ তেওঁ লগতে কয়, "পৰৱৰ্তী সময়ত যেতিয়া আমি এই কাৰ্যসূচী আৰম্ভ কৰিম, তেতিয়া ই হ'ব মন কি বাতৰ ১১১ সংখ্যক খণ্ড। পৰৱৰ্তী সময়ত,  মন কি বাত ১১১ সংখ্যক শুভ সংখ্যাৰে আৰম্ভ হ’ব, ইয়াতকৈ ভাল কথা কি হ'ব পাৰে।" প্ৰধানমন্ত্ৰী মোদীয়ে মন কি বাত হেচটেগৰ সৈতে জনতাক মন কি বাতৰ খণ্ডসমূহ    সামাজিক মাধ্যমতপ্ৰচাৰ কৰিবলৈও আহ্বান জনায়। তেওঁ লোকসকলক ইউটিউবত মন কি বাত খণ্ডৰ চুটি ভিডিঅ' শ্বেয়াৰ কৰি থাকিবলৈও আহ্বান জনায় । 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু