--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱক! অনলাইন গেম খেলাৰ প্ৰতি আসক্ত হৈ পৰিছিল যুৱকজন। অনলাইন গেম খেলিবলৈ যুৱকজনে বহুত টকা ধাৰলৈ লৈছিল। আৰু শেহতীয়াকৈ আহি পৰা তথ্য অনুসৰি ঋণ পৰিশোধ কৰিবলৈ যুৱকজনে নিজৰ মাতৃকে নৃশংসভাৱে হত্যা কৰিছে। অভিযুক্তই আৰক্ষীক জনাইছে যে ব্যক্তিজনৰ উদ্দেশ্য আছিল মাকৰ জীৱন বীমাৰ ধন আত্মসাৎ কৰা।

উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, হিমাংশু সিং নামৰ এজন যুৱকক মাতৃক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তক সোধা-পোছা কৰাৰ পাছত এটা ভয়ংকৰ ঘটনা ওলাই পৰিছে। অভিযুক্ত যুৱকজনে আৰক্ষীক জনোৱা মতে, ঋণ পৰিশোধ কৰিবলৈ মাতৃক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।প্ৰথমে শীতল পৰিকল্পনাৰে ঘৰতে মাতৃক হত্যা কৰে আৰু তাৰ পাছত মৃতদেহটো লৈ যমুনা নদীৰ পাৰত পেলাই দিয়ে।

ঘটনাৰ দুদিনমান পাছতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃতকৰ পুত্ৰ সৰুৰে পৰা অনলাইন গেম খেলাৰ প্ৰতি আসক্ত আছিল। বয়স বাঢ়ি যোৱাৰ লগে লগে এই নিচা ক্ৰমান্বয়ে বাঢ়ি যায়। বাৰে বাৰে পৰাস্ত হোৱাৰ পাছতো তেওঁ অনলাইন গেম খেলা বন্ধ কৰা নাছিল। ঘৰৰ পৰা টকা নোপোৱাৰ বাবে হিমাংশুৱে ধাৰ লৈ খেলি থাকিল। তেওঁ ধাৰলৈ লোৱা ধনৰ পৰিমাণ কেতিয়া চাৰি লাখতকৈ অধিক হ’ল সেয়া  সিঙৰ সপোনৰো অগোচৰ হৈ পৰিল৷

ঋণ কেনেকৈ পৰিশোধ কৰিব লাগে সেই কথা ভাবি থাকোঁতে হিমাংশুৰ মনলৈ আহিল মাকৰ নামত ৫০ লাখ টকাৰ জীৱন বীমাৰ কথা। অভিযোগ কৰা হৈছে যে তেওঁ সেই ধন পাবলৈ মাকক হত্যা কৰিছিল। পিতৃ ঘৰত নাছিল, সেই বাবে হিমাংশুৱে মাতৃ প্ৰৱৰাণীক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পাছত মৃতদেহটো ট্ৰেক্টৰত লৈ যমুনাৰ পাৰত পেলাই দিয়ে।

পত্নী আৰু পুত্ৰক বিচাৰি নোপোৱাত মৃতকৰ স্বামী ৰোশন সিঙে ঘৰলৈ উভতি আহি চুবুৰীয়াক জেৰা কৰে যদিও কোনো লোকে তেওঁলোকক বিচাৰি পোৱাত ব্যৰ্থ হয়। অৱশ্যে চুবুৰীয়া এজনে কয় যে তেওঁ হিমাংশুক ট্ৰেক্টৰেৰে নদীৰ ফালে যোৱা দেখিছিল। ইয়াৰ পাছত ৰোশনৰ সন্দেহ হ’ল আৰু ঘটনা সম্পৰ্কত আৰক্ষীক অৱগত কৰে। মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে হিমাংশুক জেৰা আৰম্ভ কৰে। জেৰাৰ সন্মুখতে হিমাংশুৱে নিজৰ অপৰাধ স্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ