--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন যুৱক! অনলাইন গেম খেলাৰ প্ৰতি আসক্ত হৈ পৰিছিল যুৱকজন। অনলাইন গেম খেলিবলৈ যুৱকজনে বহুত টকা ধাৰলৈ লৈছিল। আৰু শেহতীয়াকৈ আহি পৰা তথ্য অনুসৰি ঋণ পৰিশোধ কৰিবলৈ যুৱকজনে নিজৰ মাতৃকে নৃশংসভাৱে হত্যা কৰিছে। অভিযুক্তই আৰক্ষীক জনাইছে যে ব্যক্তিজনৰ উদ্দেশ্য আছিল মাকৰ জীৱন বীমাৰ ধন আত্মসাৎ কৰা।

উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, হিমাংশু সিং নামৰ এজন যুৱকক মাতৃক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্তক সোধা-পোছা কৰাৰ পাছত এটা ভয়ংকৰ ঘটনা ওলাই পৰিছে। অভিযুক্ত যুৱকজনে আৰক্ষীক জনোৱা মতে, ঋণ পৰিশোধ কৰিবলৈ মাতৃক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।প্ৰথমে শীতল পৰিকল্পনাৰে ঘৰতে মাতৃক হত্যা কৰে আৰু তাৰ পাছত মৃতদেহটো লৈ যমুনা নদীৰ পাৰত পেলাই দিয়ে।

ঘটনাৰ দুদিনমান পাছতে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি মৃতকৰ পুত্ৰ সৰুৰে পৰা অনলাইন গেম খেলাৰ প্ৰতি আসক্ত আছিল। বয়স বাঢ়ি যোৱাৰ লগে লগে এই নিচা ক্ৰমান্বয়ে বাঢ়ি যায়। বাৰে বাৰে পৰাস্ত হোৱাৰ পাছতো তেওঁ অনলাইন গেম খেলা বন্ধ কৰা নাছিল। ঘৰৰ পৰা টকা নোপোৱাৰ বাবে হিমাংশুৱে ধাৰ লৈ খেলি থাকিল। তেওঁ ধাৰলৈ লোৱা ধনৰ পৰিমাণ কেতিয়া চাৰি লাখতকৈ অধিক হ’ল সেয়া  সিঙৰ সপোনৰো অগোচৰ হৈ পৰিল৷

ঋণ কেনেকৈ পৰিশোধ কৰিব লাগে সেই কথা ভাবি থাকোঁতে হিমাংশুৰ মনলৈ আহিল মাকৰ নামত ৫০ লাখ টকাৰ জীৱন বীমাৰ কথা। অভিযোগ কৰা হৈছে যে তেওঁ সেই ধন পাবলৈ মাকক হত্যা কৰিছিল। পিতৃ ঘৰত নাছিল, সেই বাবে হিমাংশুৱে মাতৃ প্ৰৱৰাণীক ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পাছত মৃতদেহটো ট্ৰেক্টৰত লৈ যমুনাৰ পাৰত পেলাই দিয়ে।

পত্নী আৰু পুত্ৰক বিচাৰি নোপোৱাত মৃতকৰ স্বামী ৰোশন সিঙে ঘৰলৈ উভতি আহি চুবুৰীয়াক জেৰা কৰে যদিও কোনো লোকে তেওঁলোকক বিচাৰি পোৱাত ব্যৰ্থ হয়। অৱশ্যে চুবুৰীয়া এজনে কয় যে তেওঁ হিমাংশুক ট্ৰেক্টৰেৰে নদীৰ ফালে যোৱা দেখিছিল। ইয়াৰ পাছত ৰোশনৰ সন্দেহ হ’ল আৰু ঘটনা সম্পৰ্কত আৰক্ষীক অৱগত কৰে। মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে হিমাংশুক জেৰা আৰম্ভ কৰে। জেৰাৰ সন্মুখতে হিমাংশুৱে নিজৰ অপৰাধ স্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু