--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতৰ বিৰুদ্ধে আৰু অধিক শুল্ক আৰোপ কৰাৰ বাবে মার্কিন কংগ্রেত বিধেয়ক উত্থাপন কৰাৰো ভাবুকি দিয়ে।

ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় নীতি-নিয়ম উলংঘাৰে ভেনিজুৱেলাক আক্রমণ তথা দেশখনৰ ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ অনাৰ পাছত দেশখনৰ ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পৰ দম্ভালি অধিক বৃদ্ধি পাইছে।


ট্রাম্পে একেলগে কিউবা, কলম্বিয়া, ইৰান আৰু গ্রীনলেণ্ডৰ লগতে ভাৰতকো প্রত্যক্ষভাৱে ভাবুকি দিয়ে। ট্রাম্পে এফালে আমেৰিকাৰ হেঁচাত ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰা বুলি কয় আৰু আনফালে ভাৰতৰ বিৰুদ্ধে আৰু অধিক শুল্ক আৰোপ কৰাৰ ভাবুকি দিয়ে। 


ভাৰতৰ বিৰুদ্ধে আৰু অধিক শুল্ক আৰোপ কৰাৰ বাবে মার্কিন কংগ্রেত বিধেয়ক উত্থাপন কৰাৰো ভাবুকি দিয়ে। টাম্পে ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰা ভাষাই দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পর্কত উত্তেজনা অধিক বৃদ্ধি কৰাৰ আশংকা বৃদ্ধি পাইছে। ইফালে ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক চুক্তিক লৈ কোনোধৰণৰ বিশেষ অগ্রগতি লাভ নকৰাৰো ইংগিত পোৱা গৈছে। 


উল্লেখযোগ্য যে ট্রাম্পে ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰাৰ লগতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰাৰ অজুহাতত ২৫% জৰিমনা আৰোপ কৰিছে। ফলত ভাৰতৰ বিৰুদ্ধে মুঠ ৫০% শুদ্ধ আৰোপ কৰা হৈছে। ৰাষ্ট্রপতি ট্রাম্পৰ মন্তব্যৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে তেওঁ ইমানতো সন্তুষ্ট হোরা নাই। ট্রাম্পে এই বুলি দাবী কৰে যে তেওঁ আৰোপ কৰা ৫০% শুদ্ধৰ বাবেই ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ ক্রয় হ্রাস কৰিছে। ইয়াৰ লগতে তেওঁ এইবুলিও কয় যে ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰি আমেৰিকাক সহায় কৰা নাই আৰু সেয়েহে দেশখনৰ বিৰুদ্ধে আৰু অধিক শুদ্ধ আৰোপ কৰিব। 


ট্রাম্পে কয়, 'তেওঁলোকে (ভাৰতে) ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় হ্রাস কৰি মোক সন্তুষ্ট কৰাৰ চেষ্টা কৰিছে। তেওঁলোকে জানে যে মই সন্তুষ্ট নহওঁ। যদি তেওঁলোকে ৰাছিয়াৰ সৈতে বাণিজ্য অব্যাহত ৰাখে, তেতিয়া আমি অচিৰেই শুল্ক বৃদ্ধি কৰিম। তেওঁ লগতে কয়, 'তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ বিচাৰিছে। প্রধানমন্ত্রী মোদী এজন অতি ভাল ব্যক্তি। তেওঁ জানে যে মই সন্তুষ্ট নহওঁ। মোক সন্তুষ্ট কৰি ৰখাটো অতি প্রয়োজনীয়। তেওঁলোকে ব্যৱসায় কৰি থাকিলে (ৰাছিয়াৰ সৈতে) আমি অতি সোনকালে শুল্ক অধিক বৃদ্ধি কৰিম।' ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰি থকাৰ কাৰণে ভাৰতৰ বিৰুদ্ধে নতুনকৈ শুল্ক আৰোপ কৰাৰ কাৰণে এখন নতুন বিধেয়ক কংগ্রেছত উত্থাপন কৰা হ'ব। 


ট্রাম্পৰ সৈতে সংবাদ মেলত উপস্থিত থকা সাংসদ লিগুছে গ্রাহামে কয় যে ইউক্রেইন যুদ্ধৰ অন্ত পেলোৱাৰ উদ্দেশ্যে ৰাছিয়াৰ সৈতে ব্যৱসায় কৰি থকা দেশবোৰৰ বিৰুদ্ধে অধিক শুল্ক আৰোপ কৰিবলৈ এখন নতুন বিধেয়ক উত্থাপন কৰা হ'ব। গ্রাহমে এই বুলি দাবী কৰে যে, 'অলপতে আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্রদূতৰ (বিনয় কোৱাট্ৰা) সৈতে মিলিত হৈছিল আৰু তেতিয়া ভাৰতৰ ৰাষ্ট্রদূতজনে জনায় যে ৰাছিয়াৰ পৰা খাৰুৱা তেলৰ ক্ৰয় যথেষ্ট হ্রাস কৰা হৈছে। ভাৰতৰ বিৰুদ্ধে ৰাষ্ট্রপতি ট্রাম্পে যি ব্যৱস্থা গ্রহণ কৰিছে তাৰ ফলত তেওঁলোকে তেল ক্রয় কৰাটো হ্রাস কৰিছে 'ভাৰতীয় ৰাষ্ট্রদূতজনে ভাৰতৰ বিৰুদ্ধে আৰোপ কৰা অতিৰিক্ত ২৫% শুল্ক প্রত্যাহাৰ কৰাৰ বাবে তেওঁৰ জৰিয়তে ৰাষ্ট্রপতি ট্রাম্পক অনুৰোধ জনোৱা বুলি গ্রাহামে প্রকাশ কৰে। 


উল্লেখযোগ্য যে ভাৰতে ২০২১ চনৰ পাছত প্রথমবাৰৰ বাবে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় হ্রাস কৰে। ভাৰতে নৱেম্বৰত ৰাছিয়াৰ পৰা প্রতিদিনে প্রায় ১৭.৭ লাখ বেৰল ক্রয় কৰিছিল, কিন্তু যোৱা মাহত ৰাছিয়াৰ পৰা প্রতিদিনে প্রায় ১২ লাখ বেৰলহে ক্ৰয় কৰে। অনাগত দিনবোৰত ৰাছিয়াৰ পৰা ক্রয় কৰা খাৰুৱা তেলৰ পৰিমাণ প্রতিদিনে ১০ লাখ বেৰলৰ তললৈ নমাৰ সম্ভাৱনা আছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ