--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী  অনুৰাগ ঠাকুৰে আজি নতুন দিল্লীত সম্প্ৰচাৰ আৰু মিডিয়া প্ৰযুক্তি বিষয়ক  ২৮ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰু প্ৰদৰ্শনী উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত শ্ৰোতাসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় ভাৰতৰ সম্প্ৰচাৰ উদ্যোগৰ এক দৃঢ় আৰু দায়িত্বশীল অভিভাৱক হৈ আহিছে, যিয়ে ইয়াক জ্ঞান আৰু দূৰদৰ্শিতাৰে পৰিৱৰ্তনৰ ঢৌৰ  মাজেৰে পৰিচালনা কৰি আহিছে। ৰাজহুৱা সেৱাৰ সম্প্ৰচাৰ, আৰ্হি প্ৰস্তুতকৰণ আৰু  সামগ্ৰিক নীতিৰ ৰূপায়ণৰ, মিডিয়া সাক্ষৰতা আৰু সম্প্ৰচাৰ তথা  মিডিয়া উদ্যোগত ব্যক্তিগত অংশগ্ৰহণকাৰীক  উৎসাহিত কৰাত  ইয়াৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটাই আহিছে। এনেদৰে ভাৰতত এক সজীৱ , সামগ্ৰিক আৰু স্থিতিস্থাপক সম্প্ৰচাৰ তথা  মিডিয়া পৰিস্থিতিতন্ত্ৰৰ আধাৰশিলা স্থাপন কৰিছে, যি বিবিধতাৰে পূৰ্ণ , তথ্যসমৃদ্ধ আৰু দায়বদ্ধ।

মন্ত্ৰীগৰাকীয়ে আমাৰ দেশৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ  মানসম্পন্ন  সমল প্ৰদান কৰাৰ বাবে ৰাজহুৱা সেৱাৰ সম্প্ৰচাৰ শক্তিশালী কৰাৰ আহ্বান জনাইে কয় যে ভাৰতে আমাৰ সাংস্কৃতিক ঐতিহ্যৰ সমৃদ্ধ কেনভাছক স্বীকৃতি প্ৰদান কৰি  ইয়াৰ বাবে  অনন্য পথ সৃষ্টি  কৰিব লাগিব। তেওঁ লগতে মন্তব্য কৰে যে প্ৰসাৰ ভাৰতীয়ে আমাৰ দেশৰ এখন সুন্দৰ ছবি দাঙি ধৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তেওঁ কয় "  দূৰদৰ্শনৰ ধূসৰ ক'লা-বগা পৰ্দাৰ পৰা এইচডি আৰু এতিয়া ৪ কে ডিজিটেললৈ পৰিৱৰ্তন হৈছে, এনালগ মিডিয়াম ৱেভৰ পৰা ডিআৰএমলৈ আৰু এতিয়া আকাশবাণীৰ এফএমলৈ, দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ বিবিধ অনুষ্ঠানে  ভাৰতীয় প্ৰজন্মক বিভিন্ন বিষয়ত অৱগত কৰোৱাৰ লগতে শিক্ষিত কৰি তুলিছে তথা  মনোৰঞ্জন প্ৰদান কৰিছে। এনালগ যুগৰ পৰা আজিৰ গতিশীল ডিজিটেল চিত্ৰপটলৈকে, আমাৰ সম্প্ৰচাৰকসকলে স্থিতিস্থাপকতা, উদ্ভাৱন আৰু উৎকৃষ্টতাৰ প্ৰতি অটল প্ৰতিশ্ৰুতিৰ দ্বাৰা উদ্বুদ্ধ হৈ  এক দীঘলীয়া পথ অতিক্ৰম কৰিছে"।

ঠাকুৰে কয় যে প্ৰযুক্তিগত উন্নতিয়ে সুযোগ আৰু প্ৰত্যাহ্বান দুয়োটাকে উপস্থাপন কৰে আৰু একাধিক মঞ্চত উচ্চ মানৰ, ব্যক্তিগতকৃত সমলৰ চাহিদা এতিয়া বৃদ্ধি পাইছে। সেই উদ্দেশ্যৰ বাবে সম্প্ৰচাৰ সম্পৰ্কীয় সঁজুলিৰ শেহতীয়া প্ৰজন্মৰ দৃষ্টিৰে বিকাশ কৰাটো এক অত্যাৱশ্যকীয় বিষয়  হৈ পৰিছে। থলুৱা গৱেষণা আৰু বিকাশক উৎসাহিত কৰা, আমাৰ বৈজ্ঞানিক প্ৰতিভাৰ বিকাষ ঘটোৱা  আৰু উদ্যোগ তথা শিক্ষা জগতৰ মাজত অংশীদাৰিত্ব গঢ়ি তোলাৰ প্ৰয়োজনীয়তা  আছে বুলি উল্লেখ কৰি তেওঁ কয় যে আজি আমাৰ কাৰ্যকলাপে আত্মনিৰ্ভৰশীল সম্প্ৰচাৰৰক্ষেত্ৰ খনত  আমাৰ সপোনৰ সফলতা নিৰ্ধাৰণ কৰিব।

মন্ত্ৰীগৰাকীয়ে কয় যে নিউ ডাইৰেক্ট টু ম'বাইল (ডি২এম) প্ৰযুক্তিয়ে কেৱল দূৰদৰ্শনতে নহয়, যিকোনো স্থানত, যিকোনো সময়তে মোবাইল ফোন, পেড আদি হাততে লৈ ফুৰিব পৰা  সঁজুলি- আৰু ইণ্টাৰনেটৰ প্ৰয়োজন নোহোৱাকৈ সম্প্ৰচাৰৰ বাবে আকৰ্ষণীয় সমলৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে।  আমি নেক্সট জেনেৰ সম্প্ৰচাৰৰ দৰে সম্প্ৰচাৰৰ অভিনৱ বিকল্পবোৰ অন্বেষণ আৰু গ্ৰহণ কৰিব লাগিব, যি কেৱল আমাৰ সমাজৰ সকলো স্তৰৰ বাবে বিস্তৃত প্ৰসাৰৰ কথাই  নিশ্চিত নকৰিব ,  লগতে সদায় বিকশিত হৈ থকা  ব্যৱহাৰকাৰীৰ অভিজ্ঞতাৰ বাবে অনুঘটক হিচাপেও কাম কৰিব।

তেওঁ লগতে তথ্য সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ  বিষয়তো  গুৰুত্ব আৰোপ কৰে আৰু কয় যে ক্ৰমবৰ্ধমান আন্তঃসংযোগযুক্ত পৃথিৱীত, তথ্যৰ গোপনীয়তা আৰু সংবেদনশীল তথ্যৰ সুৰক্ষা সুৰক্ষিত কৰাটো সৰ্বাধিক গুৰুত্বপূৰ্ণ কথা। থলুৱাভাবে চাইবাৰ-নিৰাপত্তাৰ ব্যৱস্থা  সমাধানসূত্ৰ  বিকশিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাই বিশ্বব্যাপী তথ্য সুৰক্ষা নিয়মাৱলীৰ সৈতে সংগতি ৰাখি তথ্য সুৰক্ষাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিকে চিহ্নিত কৰিছে। যিহেতু আমি সম্প্ৰচাৰৰ পৰিৱেশ তথা প্ৰণালীত উদ্ভাৱনৰ বিষয়ত  প্ৰযুক্তিৰ শক্তি ব্যৱহাৰ কৰোঁ, আমি নিশ্চিত কৰিব লাগিব যে আমি সংবেদনশীল তথ্যৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিওঁ আৰু লগতে আমাৰ ডিজিটেল আন্তঃগাঁথনিৰ অখণ্ডতাৰ বাবে প্ৰয়োজনীয় পদক্ষেপবোৰৰ কথা পাহৰি নাযাওঁ।

মন্ত্ৰীগৰাকীয়ে দৰ্শকসকলক পৰিৱেশৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ কথা সোঁৱৰাই দিয়ে আৰু কয় যে সম্প্ৰচাৰ কাৰ্যকলাপত বহনক্ষম পদ্ধতি গ্ৰহণ কৰাটো কেৱল নৈতিক আৱশ্যকতাই নহয়, এক কৌশলগত প্ৰয়োজনীয়তাও। আমাৰ কাৰ্বন নিৰ্গমন  হ্ৰাস কৰি আৰু আৱৰ্জনা হ্ৰাস কৰি আমি এবিইউৰ "সেউজ সম্প্ৰচাৰ" প্ৰকল্পৰ দৰে বিশ্বব্যাপী পদক্ষেপৰ নেতৃত্ব দিব পাৰোঁ।তেওঁ লগতে কয়- সৌৰশক্তিচালিত সম্প্ৰচাৰৰ সঁজুলি আৰু শক্তি-দক্ষ ষ্টুডিঅ'সমূহত ভাৰতৰ গৱেষণা আৰু বিকাশে আমাক বহনক্ষম সম্প্ৰচাৰৰ ক্ষেত্ৰত অগ্ৰনী নেতৃত্ব প্ৰদানকাৰী  হিচাপে স্থান দিছে, যি কথাই পৰিৱেশ পৰিচালনাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে।

                                                                    
শ্ৰোতাসকলৰ ৰুচি  অ'টিটি প্লেটফৰ্মমুখী হোৱা আৰু ব্যক্তিগতকৃত সমলৰ সৈতে সংবাদ মাধ্যমৰ প্ৰতি অনুৰাগে দৃশ্যপট সলনি কৰি পেলাইছে  বুলি উল্লেখ কৰি শ্ৰী ঠাকুৰে কয় যে আমি এই পৰিৱৰ্তনক স্বীকাৰ কৰিব লাগিব আৰু সেই অনুসৰি নিজকে খাপ খুৱাই ল’ব  লাগিব। এই গতিশীল পৰিৱেশত প্ৰাসংগিক হৈ থাকিবলৈ আমাৰ সমল সৃষ্টিৰ ৰণ ৰণনীতি, শেহতীয়া প্ৰযুক্তি গ্ৰহণ আৰু নিয়ামক পৰিকাঠামো দ্ৰুত গতিত বিকশিত কৰা প্ৰয়োজনীয় বুলিও তেওঁ কয়।

ভাষণত মন্ত্ৰীগৰাকীয়ে  সতৰ্ক কৰি দিয়ে  যে সমল নিয়ন্ত্ৰণৰ বাবেও সাৱধানে সকলো কথা  বিবেচনা কৰাটো প্ৰয়োজন। মত প্ৰকাশৰ স্বাধীনতা আৰু সামাজিক মূল্যবোধ বজাই ৰখাৰ মাজত ভাৰসাম্য ৰখাটো সৰ্বাধিক গুৰুত্বপূৰ্ণ কথা। আমি এনে এক পৰিৱেশ গঢ়ি তুলিব লাগিব য'ত সৃষ্টিশীল অভিব্যক্তি যুক্তিসঙ্গত সীমাৰ ভিতৰত বিকশিত হয়, দায়িত্বশীল আৰু নৈতিক সমলৰ কথাও  নিশ্চিত কৰিব লাগিব।

এক্সপোৰ উক্ত  সংস্কৰণ সন্দৰ্ভত ভাষণ প্ৰদান কৰি শ্ৰী ঠাকুৰে কয় যে বিইএছ এক্সপোই জ্ঞানৰ বিকাশ আৰু জ্ঞানৰ বিনিময়  কৰা, ধাৰণাৰ  বিনিময় কৰা আৰু সম্প্ৰচাৰ উদ্যোগৰ ভৱিষ্যত গঢ়ি তোলা অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সহযোগিতাৰ  এক উপযুক্ত মঞ্চ হিচাপে কাম কৰে।

তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে তেওঁৰ ভাষণত এই বিষয়ত  জোৰ দি কয় যে মন্ত্ৰালয়ে গ্ৰাহকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰয়োজনীয়তা আৰু সংবাদ মাধ্যমৰ স্বচ্ছতা, সজাগতা আৰু সেই অনুসৰি পৰামৰ্শৰ বাবে এখন খচৰা সম্প্ৰচাৰ সেৱা (নিয়মাৱলী) বিধেয়ক ২০২৩ প্ৰস্তুত কৰিছে।

ট্ৰাইৰ অধ্যক্ষ শ্ৰী অনিল কুমাৰ লাহোটিয়েও উক্ত অনুষ্ঠানতে কয়  যে সম্প্ৰচাৰ খণ্ডৰ বিকাশৰ এক বিশাল সম্ভাৱনা আছে।

প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী গৌৰৱ দ্বিবেদীয়েও অনুষ্ঠানটোত ভাষণ প্ৰদান কৰে আৰু দ্ৰুত পৰিৱৰ্তনশীল সংবাদ মাধ্যমৰ দৃশ্যপট, বিশেষকৈ এতিয়া সংবাদ মাধ্যমক কেনেদৰে ব্যৱহাৰ কৰা হৈছে সেই বিষয়ত  আলোকপাত কৰে। তেওঁ এই বিষয়ত  জোৰ দিয়ে যে এতিয়া  ভাল সমলৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে,  কিয়নো দৰ্শকৰ এতিয়া বহুত বহল বিকল্প আছে। তেওঁ ডি২এম আৰু স্থানীয় সম্প্ৰচাৰৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৰাজহুৱা সেৱাৰ সম্প্ৰচাৰৰ অৰ্থে স্পেকট্ৰাম সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰে। আদৰণি  ভাষণত বিইএছৰ সভাপতি শ্ৰী সুনীলে ডি২এমৰ দৰে নতুন প্ৰযুক্তি বিকশিত হোৱাৰ বাবে মিডিয়াই সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে উল্লেখ কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
আমাৰ খিৰিকীৰ কাষতে চলি আছে ইজৰাইল-ইৰানৰ যুদ্ধ:  ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভীষিকাৰ সৃষ্টি
লামডিঙত মহিলাৰ ৰহস্যজনক মৃত্যু! কুঁৱাৰ পৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত চাঞ্চল্যকৰ পৰিৱেশ
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?