--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তুলসী গছ বৈজ্ঞানিক তথা ধৰ্মীয় দুয়োটা দিশৰ পৰাই সমানে গুৰুত্ব আছে, সেয়েহে হিন্দুধৰ্মত এই উদ্ভিদক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। তুলসী গছত পুৱা-গধূলি পানী আগবঢ়োৱাৰ লগতে চাকি জ্বলালে ভাগ্যৰ দুৱাৰ মুকলি হয় বুলি বিশ্বাস কৰা হয়, কাৰণ শ্ৰীহৰি বিষ্ণু আৰু মালক্ষ্মী তুলসী গছত বাস কৰে। সেয়েহে ঘৰত তুলসী গছ ৰোপণ কৰিলে নেতিবাচক শক্তি দূৰ হৈ সুখ-সমৃদ্ধি আৰু আৰ্থিক স্থিতি মজবুত হয়, কেনেকৈ জানো আহক।

 * আৰ্থিক বাধা দূৰ কৰিবলৈ সন্ধিয়া তুলসীৰ তলত আটাৰে তৈয়াৰী ঘিউৰ চাকি জ্বলাই তাত এচিকুট হালধি দিয়ক। মনত ৰাখিব যে চাকিটো উত্তৰ দিশে দিব লাগে।

 * তুলসীৰ তলত পূজা কৰাৰ সময়ত ‘ওম নমঃ ভগৱতে বাসুদেৱ’ নাম জপ কৰক। তুলসীৰ তলত দৈনিক ১০৮বাৰ এই মন্ত্ৰ জপ কৰক। জপ কৰাৰ সময়ত ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ সন্মুখত নিজৰ সমস্যাৰ কথা ব্যক্ত কৰক, এনে কৰিলে বিভিন্ন ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰে।

 * যদি দুৰ্ভাগ্যই আপোনাৰ লগ এৰা নাই, তেন্তে দৈনিক তুলসীৰ তলত গুড় আগবঢ়াওক, কাৰণ ভগৱান বিষ্ণুৱে গুড় বহুত ভাল পায়। এনে অৱস্থাত একাদশীৰ দিনা তুলসী গছত গুড় আগবঢ়ালে ভাগ্যই আপোনাক সমৰ্থন কৰিবলৈ আৰম্ভ কৰে।

 * তুলসী গছৰ পাত আৰু শিপাৰ গুৰুত্ব অতি বেছি। ভগৱান শালগ্ৰাম এই গছৰ শিপাতে বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে দৈনিক তুলসীৰ শিপাত পানী আগবঢ়ালে আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণৰ লগতে ভাগ্যই আপোনাক লগ দিয়ে।

 * দেওবাৰ, বুধবাৰ আৰু একাদশীত তুলসী গছ স্পৰ্শ কৰিব নালাগে। একে সময়তে লেম্প জ্বলাই থাকোঁতে তুলসী স্পৰ্শ কৰিব নালাগে। আনহাতে, আটাৰে তৈয়াৰী চাকিটো দ্বিতীয় দিনা গৰুক খুৱাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement