--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : তুলসী গছ বৈজ্ঞানিক তথা ধৰ্মীয় দুয়োটা দিশৰ পৰাই সমানে গুৰুত্ব আছে, সেয়েহে হিন্দুধৰ্মত এই উদ্ভিদক অতি পৱিত্ৰ বুলি গণ্য কৰা হয়। তুলসী গছত পুৱা-গধূলি পানী আগবঢ়োৱাৰ লগতে চাকি জ্বলালে ভাগ্যৰ দুৱাৰ মুকলি হয় বুলি বিশ্বাস কৰা হয়, কাৰণ শ্ৰীহৰি বিষ্ণু আৰু মালক্ষ্মী তুলসী গছত বাস কৰে। সেয়েহে ঘৰত তুলসী গছ ৰোপণ কৰিলে নেতিবাচক শক্তি দূৰ হৈ সুখ-সমৃদ্ধি আৰু আৰ্থিক স্থিতি মজবুত হয়, কেনেকৈ জানো আহক।

 * আৰ্থিক বাধা দূৰ কৰিবলৈ সন্ধিয়া তুলসীৰ তলত আটাৰে তৈয়াৰী ঘিউৰ চাকি জ্বলাই তাত এচিকুট হালধি দিয়ক। মনত ৰাখিব যে চাকিটো উত্তৰ দিশে দিব লাগে।

 * তুলসীৰ তলত পূজা কৰাৰ সময়ত ‘ওম নমঃ ভগৱতে বাসুদেৱ’ নাম জপ কৰক। তুলসীৰ তলত দৈনিক ১০৮বাৰ এই মন্ত্ৰ জপ কৰক। জপ কৰাৰ সময়ত ভগৱান বিষ্ণু আৰু মালক্ষ্মীৰ সন্মুখত নিজৰ সমস্যাৰ কথা ব্যক্ত কৰক, এনে কৰিলে বিভিন্ন ধৰণৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰে।

 * যদি দুৰ্ভাগ্যই আপোনাৰ লগ এৰা নাই, তেন্তে দৈনিক তুলসীৰ তলত গুড় আগবঢ়াওক, কাৰণ ভগৱান বিষ্ণুৱে গুড় বহুত ভাল পায়। এনে অৱস্থাত একাদশীৰ দিনা তুলসী গছত গুড় আগবঢ়ালে ভাগ্যই আপোনাক সমৰ্থন কৰিবলৈ আৰম্ভ কৰে।

 * তুলসী গছৰ পাত আৰু শিপাৰ গুৰুত্ব অতি বেছি। ভগৱান শালগ্ৰাম এই গছৰ শিপাতে বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে দৈনিক তুলসীৰ শিপাত পানী আগবঢ়ালে আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণৰ লগতে ভাগ্যই আপোনাক লগ দিয়ে।

 * দেওবাৰ, বুধবাৰ আৰু একাদশীত তুলসী গছ স্পৰ্শ কৰিব নালাগে। একে সময়তে লেম্প জ্বলাই থাকোঁতে তুলসী স্পৰ্শ কৰিব নালাগে। আনহাতে, আটাৰে তৈয়াৰী চাকিটো দ্বিতীয় দিনা গৰুক খুৱাব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যিসকলে দাঁতৰ যত্ন ল’ব নোৱাৰে, তেওঁলোকে সেনাৰ গুৰুত্বপূৰ্ণ অভিযানৰ দায়িত্ব কেনেকৈ ল’ব? দাঁত লেতেৰা বাবেই ব্ৰিটিছ সেনাই চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ১৭০ জন জোৱানক
প্ৰধানমন্ত্ৰীৰ ডিগ্ৰীৰ তথ্য ৰাজহুৱা কৰাত ন্যায়ালয়ৰ নিষেধাজ্ঞা
অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত