--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু বাৰ্ষিকী। সুশান্তৰ তৃতীয় মৃত্যু বাৰ্ষিকীত প্ৰয়াত প্ৰেমিকক স্মৰণ কৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে।

ৰিয়াই সুশান্তৰ তৃতীয় মৃত্যু বাৰ্ষিকী ১৪ জুনত নিজৰ ছ’চিয়েল মিডিয়া পেজত সুশান্তৰ সৈতে এটা চুটি ভিডিঅ’ পোষ্ট কৰিছে। এটা পাহাৰত বহি আছে ইজনে সিজনক ধৰি। দুয়োখন মুখত হাঁহি। পোষ্টটোৰ স’তে ৰিয়াই জনপ্ৰিয় বেণ্ড ‘পিংক ফ্লয়ড’ৰ ‘উইচ ইউ ৱেৰ হিয়েৰ’ গীতটো ৰাখিছে।

উল্লেখ্য যে সুশান্ত আৰু ৰিয়াৰ প্ৰেমৰ উৰাবাতৰি উলাইছিল যদিও দুয়োৰে কোনোৱেই ৰাজহুৱাভাৱে এই বিষয়ে কেতিয়াও মুকলিকৈ কোৱা নাছিল। সুশান্তৰ মৃত্যুৰ পিছতো ৰিয়াৰ জীৱনতো কম ধুমুহা নাছিল! শেহতীয়াকৈ শ্ব’ ‘ৰ’ডিজ’ৰ গেং লিডাৰ হিচাপে বলিউডলৈ ঘূৰি আহিছে ৰিয়া।


কেৱল ৰিয়াই নহয়, সুশান্তক তেওঁৰ মৰমৰ প্ৰাক্তন প্ৰেমিক তথা বলীউডৰ অভিনেত্ৰী কৃতি শ্বেননেও মনত পেলাইছে। ‘ৰৱতা’ ছবিখনত একেলগে কাম কৰি থকাৰ সময়তে সুশান্ত আৰু কৃতিৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল। ছবিখনৰ প্ৰচাৰ অনুষ্ঠানতো দেখা গৈছিল দুয়োগৰাকী তাৰকাৰ মাজত ৰসায়ন বিজ্ঞান। পিছত বিচ্ছেদ হ’লেও সুশান্ত আৰু কৃতিয়ে কেতিয়াও বন্ধুত্ব হেৰুৱাব নোৱাৰিলে। সুশান্তৰ মৃত্যু বাৰ্ষিকীত কৃতিয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত মাত্ৰ এটা হাৰ্ট ইমোজি পোষ্ট কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ