--°C
Loading...
Listen to Article
2 min read
80%
ভাৰতত উচ্চ ৰক্তচাপ প্ৰায় সাধাৰণ৷ ই হ’ল এনে এক প্ৰকাৰ অৱস্থা, যাৰ দ্বাৰা হৃদৰোগ আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা প্ৰবল৷ ৰক্ত প্ৰৱাহিত ধমনীত ৰক্ত সঞ্চালনৰ চাপ বৃদ্ধি পোৱাটোকে সাধাৰণ অৰ্থত উচ্চ ৰক্তচাপ বুলিব পাৰি৷ যেতিয়া আপুনি এবাৰ উচ্চ ৰক্তচাপত ভোগা বুলি চিনাক্ত হয়, চিকিৎসকে পোনতে আপোনাক ইয়াৰ মাত্ৰা কমাবৰ বাবে ঔষধ প্ৰদান কৰে৷ কিন্তু প্ৰকৃতাৰ্থত চাবলৈ গ’লে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নিজৰ জীৱন শৈলী উন্নয়নৰ বাবে কাম কৰা, স্বাস্থ্যৰ ওজন বজাই ৰখা আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো জৰুৰী৷ এক স্বাস্থ্যকৰ জীৱন শৈলীয়ে উচ্চ ৰক্তচাপৰ বাবে ঔষধ গ্ৰহণৰ প্ৰয়োজনীয়তাও নোহোৱা কৰিব পাৰে৷ ইয়াত প্ৰাকৃতিকভাৱে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰা কেইটামান বিষয়ৰ কথা উল্লেখ কৰা হৈছে৷

চাপ- সাধাৰণতে ৰাজনৈতিক নেতাসকলে অধিক পৰিমাণে চাপত থাকিব লগা হয়। দিনটোৰ অধিক সময় তেওঁলোকে জনসাধাৰণৰ সুখ-দুখৰ লগতে থাকিব লগা হয়। যাৰ বাবে তেওঁলোকে ৰক্তচাপজনিত সমস্যত ভূগে। 

নোপোৱাৰ বেদনা- সাধাৰণতে ৰাজনৈতিকসকলে পোৱা-নোপোৱাৰ দোমোজাত থাকে। সাধাৰণতে ৰাজনৈতিক নেতাসকলৰ উচ্চাকাংক্ষা বহুত। তেওঁলোকে ক্ষমতাৰ ব্যৱহাৰ কৰি বহুতো অসম্ভৱকো সম্ভৱ কৰি তুলিব বিচাৰে। তাৰ মাজতে বহু সময়ত তেওঁলোকে মনে বিছৰা কিছু বস্তু নাপায়। 

দিনোটোৰ ব্যস্ততাঃ ৰাজনৈতিক নেতাসকলে শুৱা সময়কণৰ বাহিৰে বাকী সকলো সময় জনসাধাৰণৰ নামতে উচৰ্গিত কৰে। অধিক সময় ব্যস্ত থকাৰ বাবে তেওঁলোকে নিজৰ স্বাস্থ্য যতন লবলৈ পাহৰি যায়। তদুপৰি ৰাজনৈতিক নেতাসকলক পৰিয়ালৰ লোকৰ পৰা বহু সময়ত আঁতৰি থাকে। যাৰ ফলত তেওঁলোকৰ সঠিক স্বাস্থ্য যতন নলই বুলি কলেও ভূল নহব।

খাদ্য-তালিকাঃ ৰাজনৈতিক নেতাসকলে সময়মতে খাদ্য খাবলৈ নাপায়। বিভিন্ন স্থানত ঘূৰি থকাৰ বাবে তেওঁলোকে বিভিন্ন ঠাইৰ আহাৰ গ্ৰহণ কৰিব লগা হয়। উচ্চ ৰক্তচাপৰ বাবে যিখিনি নিয়ম মানি চলিব লাগে সেইখিনি ৰাজনৈতিক নেতাসকলে প্ৰায়সময়ত অৱজ্ঞা কৰে। 

জয়-পৰাজয়ৰ আশংকাঃ পূৰ্বতে কৈছিলো যে ৰাজনৈতিক নেতাসকল উচ্চাকাংশ বহু বেছি। তেওঁলোকে নিজৰ পৰাজয় কোনো কাৰণতে মানি লব নিবিচাৰে। যাৰ বাবে তেওঁলোকে ৰক্তচাপজনিত কাৰণত ভূগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement