--°C
Loading...
Listen to Article
2 min read
80%
ভাৰতত উচ্চ ৰক্তচাপ প্ৰায় সাধাৰণ৷ ই হ’ল এনে এক প্ৰকাৰ অৱস্থা, যাৰ দ্বাৰা হৃদৰোগ আৰু ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা প্ৰবল৷ ৰক্ত প্ৰৱাহিত ধমনীত ৰক্ত সঞ্চালনৰ চাপ বৃদ্ধি পোৱাটোকে সাধাৰণ অৰ্থত উচ্চ ৰক্তচাপ বুলিব পাৰি৷ যেতিয়া আপুনি এবাৰ উচ্চ ৰক্তচাপত ভোগা বুলি চিনাক্ত হয়, চিকিৎসকে পোনতে আপোনাক ইয়াৰ মাত্ৰা কমাবৰ বাবে ঔষধ প্ৰদান কৰে৷ কিন্তু প্ৰকৃতাৰ্থত চাবলৈ গ’লে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে নিজৰ জীৱন শৈলী উন্নয়নৰ বাবে কাম কৰা, স্বাস্থ্যৰ ওজন বজাই ৰখা আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থকাটো জৰুৰী৷ এক স্বাস্থ্যকৰ জীৱন শৈলীয়ে উচ্চ ৰক্তচাপৰ বাবে ঔষধ গ্ৰহণৰ প্ৰয়োজনীয়তাও নোহোৱা কৰিব পাৰে৷ ইয়াত প্ৰাকৃতিকভাৱে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰা কেইটামান বিষয়ৰ কথা উল্লেখ কৰা হৈছে৷

চাপ- সাধাৰণতে ৰাজনৈতিক নেতাসকলে অধিক পৰিমাণে চাপত থাকিব লগা হয়। দিনটোৰ অধিক সময় তেওঁলোকে জনসাধাৰণৰ সুখ-দুখৰ লগতে থাকিব লগা হয়। যাৰ বাবে তেওঁলোকে ৰক্তচাপজনিত সমস্যত ভূগে। 

নোপোৱাৰ বেদনা- সাধাৰণতে ৰাজনৈতিকসকলে পোৱা-নোপোৱাৰ দোমোজাত থাকে। সাধাৰণতে ৰাজনৈতিক নেতাসকলৰ উচ্চাকাংক্ষা বহুত। তেওঁলোকে ক্ষমতাৰ ব্যৱহাৰ কৰি বহুতো অসম্ভৱকো সম্ভৱ কৰি তুলিব বিচাৰে। তাৰ মাজতে বহু সময়ত তেওঁলোকে মনে বিছৰা কিছু বস্তু নাপায়। 

দিনোটোৰ ব্যস্ততাঃ ৰাজনৈতিক নেতাসকলে শুৱা সময়কণৰ বাহিৰে বাকী সকলো সময় জনসাধাৰণৰ নামতে উচৰ্গিত কৰে। অধিক সময় ব্যস্ত থকাৰ বাবে তেওঁলোকে নিজৰ স্বাস্থ্য যতন লবলৈ পাহৰি যায়। তদুপৰি ৰাজনৈতিক নেতাসকলক পৰিয়ালৰ লোকৰ পৰা বহু সময়ত আঁতৰি থাকে। যাৰ ফলত তেওঁলোকৰ সঠিক স্বাস্থ্য যতন নলই বুলি কলেও ভূল নহব।

খাদ্য-তালিকাঃ ৰাজনৈতিক নেতাসকলে সময়মতে খাদ্য খাবলৈ নাপায়। বিভিন্ন স্থানত ঘূৰি থকাৰ বাবে তেওঁলোকে বিভিন্ন ঠাইৰ আহাৰ গ্ৰহণ কৰিব লগা হয়। উচ্চ ৰক্তচাপৰ বাবে যিখিনি নিয়ম মানি চলিব লাগে সেইখিনি ৰাজনৈতিক নেতাসকলে প্ৰায়সময়ত অৱজ্ঞা কৰে। 

জয়-পৰাজয়ৰ আশংকাঃ পূৰ্বতে কৈছিলো যে ৰাজনৈতিক নেতাসকল উচ্চাকাংশ বহু বেছি। তেওঁলোকে নিজৰ পৰাজয় কোনো কাৰণতে মানি লব নিবিচাৰে। যাৰ বাবে তেওঁলোকে ৰক্তচাপজনিত কাৰণত ভূগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু