--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দু ধৰ্মত বিবাহিত মহিলাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ নিয়ম দিয়া হৈছে। ইয়াৰ ভিতৰত তেওঁলোকৰ গহনা সম্পৰ্কীয় নিয়মসমূহো অন্তৰ্ভুক্ত। ভাৰতীয় সংস্কৃতিত বিবাহিতা মহিলাই ষোল্লটা শৃংগাৰ কৰে। সোণ-ৰূপ, হীৰা আৰু মণিৰে নিৰ্মিত অলংকাৰ পিন্ধি নিজক সজাই-পৰাই ৰাখে। কিন্তু কিছুমান অলংকাৰ আছে যিবোৰ কেৱল ৰূপতহে পিন্ধা হয়। সোণেৰে নিৰ্মিত এই অলংকাৰবোৰ পৰিধান কৰাটো কঠোৰভাৱে নিষিদ্ধ। এই অলংকাৰবোৰ হৈছে ভৰিত পিন্ধা পায়েল আৰু আঙঠি। সোণৰ পায়েল আৰু আঙঠি পিন্ধা হিন্দু ধৰ্মত নিষিদ্ধ। সোণৰ পায়েল আৰু আঙঠি পৰিধান নকৰাৰ ধৰ্মীয়-জ্যোতিষীয় কাৰণবোৰ জানো আহক।

বিবাহিতা মহিলাসকলে কেৱল ৰূপৰ ভৰিৰ আঙঠি আৰু পায়েলহে পিন্ধিব লাগে। ভৰিত সোণৰ আঙঠি আৰু পায়েল পিন্ধাটো অশুভ বুলি গণ্য কৰা হয়। ধৰ্মীয় শাস্ত্ৰ অনুসৰি মহিলাসকলে কেৱল মূৰৰ পৰা কঁকাললৈকে সোণৰ অলংকাৰ পিন্ধিব লাগে। ভৰিত সোণ পিন্ধাটো অশুভ। আচলতে ৰূপৰ সৈতে চন্দ্ৰ গ্ৰহৰ সম্পৰ্ক আছে। আনহাতে সোণৰ সম্পৰ্ক দেৱী লক্ষ্মীৰ লগত আছে আৰু ভৰিত পিন্ধিলে তেওঁৰ প্ৰতি অসন্মান হয়, সেয়ে ভৰিত সোণ পিন্ধিব নালাগে। আনহাতে, বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চালে ৰূপৰ প্ৰভাৱ শীতল আৰু ই ভৰিৰ উপকাৰ কৰে।

মহিলাসকলে ভৰিত সোণৰ আঙঠি, পায়েল পিন্ধিব নালাগে আৰু কাকো উপহাৰো দিব নালাগে। এনে কৰিলে মহিলাগৰাকীৰ বৈবাহিক জীৱন সমস্যাত পৰিব পাৰে, লগতে স্বামীৰ জীৱনত ঋণৰ বোজা বাঢ়িব পাৰে। স্বামী-স্ত্ৰীৰ জীৱনত আৰ্থিক সমস্যাকে ধৰি আন সমস্যা গা কৰি উঠিব পাৰে। বিবাহিতা নাৰীৰ দৰে অবিবাহিতা যুৱতীয়েও ভৰিত সোণৰ অলংকাৰ পিন্ধাৰ পৰা বিৰত থাকিব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ