--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে কা(চিএএ)ৰ স্থগিতাদেশ বিচাৰি কৰা আবেদনৰ মঙলবাৰে শুনানি গ্ৰহণ কৰে। ন্যায়ালয়ে শুনানিৰ অন্তত কা সন্দৰ্ভত কেন্দ্ৰক জাননী জাৰি কৰে। উল্লেখ উচ্চতম ন্যায়ালয়ত বহুচৰ্চিত আইনখন ৰূপায়ণত স্থগিতাদেশ বিচাৰি  আবেদন দাখিল কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছে। 

কেন্দ্ৰই ৮ এপ্ৰিলৰ ভিতৰত  আদালতত কা সন্দৰ্ভত   উত্তৰ দাখিল কৰিব লাগিব।উল্লেখ্য কিছুদিন পূৰ্বে কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণৰ বিষয়ে জাননী প্ৰকাশ কৰিছিল। ইয়াৰ ঠিক পিছতে সমগ্ৰ দেশতে আইন খনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ সূত্ৰপাত ঘটে। ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি ছাত্ৰ সংগঠন আৰু  সাধাৰণ লোকলৈকে – বহুতেই  আইন খনৰ  বিৰোধিতা কৰে। আইনখনৰ ৰূপায়ণত  স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছিল। কাৰ বিৰুদ্ধে দাখিল কৰা ২০০ তকৈও অধিক গোচৰ একেলগে কৰা  হৈছিল আৰু মঙলবাৰে সেই আবেদনসমূহৰ শুনানি আৰম্ভ কৰা হয়। 

কেৰালাৰ ইছলামিক  সংগঠন ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে কা ৰূপায়ণত  স্থগিতাদেশ বিচাৰি  আবেদন জনাইছিল। একেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও একেধৰণৰ আবেদন জনোৱা হৈছিল।কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু টিএমচি নেত্ৰী  মহুয়া মৈত্ৰয়ো কাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। চিএএ সম্পৰ্কীয় মুঠ ২৩৭ টা গোচৰ একত্ৰিত কৰা হৈছিল। মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে গোচৰটোৰ শুনানি আৰম্ভ কৰে। প্ৰথম শুনানিৰ পিছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক জাননী জাৰি কৰে। কেন্দ্ৰই ৮ এপ্ৰিলৰ ভিতৰত কাৰ বিষয়ে আদালতত  উত্তৰ দাখিল কৰিব লাগিব। বিচাৰপীঠে অহা ৯ এপ্ৰিলত পুনৰ  বিষয়টো সন্দৰ্ভত পুনৰ শুনানি অনুষ্ঠিত কৰিব। অৱশ্যে উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে কাৰ কাৰ্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰা নাই।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ