--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে কা(চিএএ)ৰ স্থগিতাদেশ বিচাৰি কৰা আবেদনৰ মঙলবাৰে শুনানি গ্ৰহণ কৰে। ন্যায়ালয়ে শুনানিৰ অন্তত কা সন্দৰ্ভত কেন্দ্ৰক জাননী জাৰি কৰে। উল্লেখ উচ্চতম ন্যায়ালয়ত বহুচৰ্চিত আইনখন ৰূপায়ণত স্থগিতাদেশ বিচাৰি  আবেদন দাখিল কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে বিষয়টো সন্দৰ্ভত কেন্দ্ৰৰ পৰা সঁহাৰি বিচাৰিছে। 

কেন্দ্ৰই ৮ এপ্ৰিলৰ ভিতৰত  আদালতত কা সন্দৰ্ভত   উত্তৰ দাখিল কৰিব লাগিব।উল্লেখ্য কিছুদিন পূৰ্বে কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইন ৰূপায়ণৰ বিষয়ে জাননী প্ৰকাশ কৰিছিল। ইয়াৰ ঠিক পিছতে সমগ্ৰ দেশতে আইন খনৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদৰ সূত্ৰপাত ঘটে। ৰাজনৈতিক দলৰ পৰা আৰম্ভ কৰি ছাত্ৰ সংগঠন আৰু  সাধাৰণ লোকলৈকে – বহুতেই  আইন খনৰ  বিৰোধিতা কৰে। আইনখনৰ ৰূপায়ণত  স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছিল। কাৰ বিৰুদ্ধে দাখিল কৰা ২০০ তকৈও অধিক গোচৰ একেলগে কৰা  হৈছিল আৰু মঙলবাৰে সেই আবেদনসমূহৰ শুনানি আৰম্ভ কৰা হয়। 

কেৰালাৰ ইছলামিক  সংগঠন ইণ্ডিয়ান ইউনিয়ন মুছলিম লীগে কা ৰূপায়ণত  স্থগিতাদেশ বিচাৰি  আবেদন জনাইছিল। একেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰাও একেধৰণৰ আবেদন জনোৱা হৈছিল।কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আৰু টিএমচি নেত্ৰী  মহুয়া মৈত্ৰয়ো কাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল। চিএএ সম্পৰ্কীয় মুঠ ২৩৭ টা গোচৰ একত্ৰিত কৰা হৈছিল। মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত তিনিজনীয়া বিচাৰপীঠে গোচৰটোৰ শুনানি আৰম্ভ কৰে। প্ৰথম শুনানিৰ পিছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক জাননী জাৰি কৰে। কেন্দ্ৰই ৮ এপ্ৰিলৰ ভিতৰত কাৰ বিষয়ে আদালতত  উত্তৰ দাখিল কৰিব লাগিব। বিচাৰপীঠে অহা ৯ এপ্ৰিলত পুনৰ  বিষয়টো সন্দৰ্ভত পুনৰ শুনানি অনুষ্ঠিত কৰিব। অৱশ্যে উচ্চতম ন্যায়ালয়ে এতিয়ালৈকে কাৰ কাৰ্যকৰীকৰণত স্থগিতাদেশ জাৰি কৰা নাই।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ