--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় নিৰ্বাচন আয়োগে (ECI) ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (BCCI) সহযোগত প্ৰথম পদক্ষেপ হিচাপে, ভাৰতীয় বধিৰ ক্ৰিকেট সন্থাৰ (IDCA) টীম তথা দিল্লী আৰু জিলা ক্ৰিকেট সন্থাৰ (DDCA) টীমৰ মাজত এখনি প্ৰদৰ্শনীমূলক ক্ৰিকেট খেলৰ আয়োজনেৰে ভোটাৰ শিক্ষা আৰু অন্তৰ্ভুক্তিক প্ৰোৎসাহিত কৰে। ২০২৪ৰ ১৬ মাৰ্চত নতুন দিল্লীৰ কৰনেল সিং ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলখন। ইয়াতে বিশিষ্ট পেৰা-আৰ্চাৰ আৰু অৰ্জুন বঁটা বিজয়ী  শীতল দেৱীৰ নাম পিডব্লিউডি শিতানত ৰাষ্ট্ৰীয় আইকন হিচাপে ঘোষণা কৰা হয়।

ইয়াত অংশগ্ৰহণেৰে মুখ্য নিৰ্বাচন আয়ুক্ত  ৰাজীৱ কুমাৰ আৰু নিৰ্বাচন আয়ুক্তদ্বয় জ্ঞানেশ কুমাৰ আৰু শ্ৰী সুখবীৰ সিং সন্ধুৱে বিজয়ী দলটোক সম্বৰ্ধনা জনায়। ডিডিচিএ আৰু আইডিচিএৰ বিষয়াসকলৰ সমান্তৰালকৈ বিশিষ্ট প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ নিখিল চোপ্ৰাক ইয়ালৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল।এই ক্ৰিকেট মেচে ভাৰতীয় বধিৰ ক্ৰিকেট দলৰ প্ৰতি চিইচি শ্ৰী ৰাজীৱ কুমাৰৰ অংগীকাৰৰ সাক্ষ্য বহন কৰে। তেওঁ ২০২২ত আন্তঃৰাষ্ট্ৰীয় পিডব্লিউডি দিৱসৰ প্ৰাকক্ষণত ইউএইত অনুষ্ঠিত টি-২০ চেম্পিয়নছ ট্ৰফী জয়েৰে ৰাষ্ট্ৰলৈ সন্মান কঢ়িয়াই অনাৰ বাবে তেওঁলোকক সম্বৰ্ধনা জনায় কৈছিল, “ইচিআয়ে মূলসুঁতিৰ ক্ৰিকেট দলৰ সৈতে ভাৰতীয় বধিৰ ক্ৰিকেট সন্থাৰ দলৰ এখন মেচ অনুষ্ঠিত কৰিব।”

দুয়োটা দলে মুকলি আকাশৰ তলত বিশেষভাৱে সক্ষম আৰু যুৱ ভোটাৰসকলকে প্ৰমুখ্য কৰি প্ৰায় ২৫০০ দৰ্শকক মনোৰঞ্জন আৰু ৰোমাঞ্চিত কৰিবলৈ এক উত্তেজনাপূৰ্ণ প্ৰদৰ্শন আগবঢ়ায়। ডিডিচিএ দলটোৱে ৬৯ ৰান (স্ক’ৰকাৰ্ড- ডিডিচিএ ১৯০/৫; আইডিচিএ - ১২১/৮)ৰে জয়লাভ কৰে যদিও মেচখনে অন্তৰ্ভুক্তি আৰু সমন্বয়ৰ বাৰ্তাহে প্ৰেৰণ কৰে। ‘নাথিং লাইক ভোটিং, আই ভোটিং ফৰ চিঅ’ৰ’ৰ বাৰ্তাই সমগ্ৰ খেলখনতে দৰ্শকসকলক ভৱাই তোলে।এই খেলে ইচিআইৰ অন্তৰ্ভুক্তি আৰু সৱলীকৰণৰ প্ৰতি দায়বদ্ধতাক আলোকপাত কৰে আৰু এই পদক্ষেপে বিশেষভাৱে সক্ষম ভোটাৰসকলক অন্তৰ্ভুক্তি আৰু নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।দৃষ্টিশক্তিহীন লোকসকলৰ এটা বেণ্ড- ‘শ্বাইনিং ষ্টাৰ মিউজিক বেণ্ড’ৰ মনোমোহা পৰিবেশনেৰে মেচখনৰ সামৰণিত পৰে।এই অনুষ্ঠানতে আয়োগে পিডব্লিউডি আৰু জ্যেষ্ঠ নাগৰিক ভোটাৰসকলৰ বাবে এক সমৰ্পিত ভোটাৰ গাইড উন্মোচন কৰে। 

বিস্তৃত পুস্তিকাখনত ভোটগ্ৰহণ কেন্দ্ৰৰ আন্তঃগাঁথনিগত, তথ্যসমৃদ্ধ আৰু পদ্ধতিগত বিৱৰণকে প্ৰমুখ্য কৰি পিডব্লিউডি আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে উপলব্ধ অত্যাৱশ্যকীয় ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে, লগতে ডাক বেলটৰ প্ৰযোজ্যতা আৰু পদ্ধতিৰ বিষয়েও উল্লেখ কৰা হৈছে, যাৰ ফলশ্ৰুতিত তেওঁলোকৰ ভোটদানৰ অভিজ্ঞতা সুচল হৈ উঠিব।এই ব্যৱস্থাসমূহে পিডব্লিউডিসকলৰ প্ৰতি আয়োগে গ্ৰহণ কৰা মূল পদক্ষেপৰাজিকে প্ৰতিফলিত কৰিছে। ইয়াৰ উপৰি বিশেষ ভাবে সক্ষম  পিডব্লিউডিসকলৰ বাবে বিকল্প ঘৰুৱা ভোটদানৰ সুবিধা, ভোটগ্ৰহণ কেন্দ্ৰ অনুসৰি প্ৰতিবন্ধী ব্যক্তিৰ মেপিং, ভোটগ্ৰহণৰ দিনত বিনামূলীয়া পৰিবহণৰ ব্যৱস্থা, সকলো ভোটকেন্দ্ৰতে তেওঁলোকৰ বাবে বিশেষ সুবিধা, ভোটগ্ৰহণ কেন্দ্ৰত সুগমতা পৰীক্ষা তালিকা, ৰাজ্যিক আৰু জিলা পিডব্লিউডি আইকনক নিযুক্তি, সজাগতা অভিযান, সক্ষম ইচিআই এপ, ব্ৰেইল সক্ষম ইপিআইচি আৰু ইভিএম আদিৰ ব্যৱস্থা কৰা হৈছে।

ভাৰতৰ নিৰ্বাচন আয়োগ নিশ্চিত হৈছে যে এনে পদক্ষেপে আগন্তুক সাধাৰণ নিৰ্বাচনত বিশেষকৈ যুৱক-যুৱতী আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ অংশগ্ৰহণ যথেষ্ট বৃদ্ধি কৰিব। নীতি-নিৰ্দেশনা আৰু অন্তৰ্ভুক্ত ব্যৱস্থাৰ নিখুঁতভাৱে ডিজাইন কৰা কাঠামোৰ জৰিয়তে আয়োগ প্ৰকৃততে প্ৰতিনিধিত্বমূলক আৰু শক্তিশালী গণতন্ত্ৰ নিশ্চিত কৰিবলৈ অংগীকাৰবদ্ধ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু